১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই। লগত আছিল গৃহমন্ত্ৰীৰ লগতে দেবেন্দ্ৰ ফাণ্ডাৱিজ।

২. ২০২৫ চনলৈ ভাৰতবৰ্ষত ডাইবেটিজ ৰোগীৰ সংখ্যা বৃদ্ধি পাই হবগৈ ৬.৯ কোটি। কেন্দ্ৰই সদনত দাখিল কৰিলে এই তথ্য।

৩. হায়দৰাবাদ এনকাউন্টাৰক লৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। ৯ ডিচেম্বৰৰ লৈকে সুৰক্ষিত ৰাখক ৪ অভিযুক্তৰ মৃতদেহ।

৪. আমেৰিকাৰ ফ্লৰিডাত দুবৃৰ্ত্তৰ গুলীচালনা। নিহত ৪, আহত ১।

৫. West Indiesৰ সৈতে টি-২০ খেলত ভাৰতৰ বিজয়। West Indiesৰ ২০৮ ৰানৰ লক্ষ্য ১৮.৪ অভাৰতে স্পৰ্শ কৰে ভাৰতে।

৬. দেশত সংঘটিত হৈ থকা বলাৎকাৰ কাণ্ডৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দোষ দিলে অশ্লীল ভিডিঅ ৱেবচাইটসমূহক। কেন্দ্ৰক অচিৰেই ব্যৱস্থা গ্ৰহণৰ দাবী।

৭. অযোগ্য মানুহৰ হাতত দেশখন থকাৰ বাবেই দেশৰ অৰ্থনীতি দিনে দিনে বেয়াৰ ফালে গতি কৰিছেঃ পি চিদাম্বৰম।

৮. তামিলনাডুত ২৭ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে নিৰ্দেশ।

৯. কৰ্ণাটকৰ উপ-নিৰ্বাচন। ৯ ডিচেম্বৰত ঘোষণা হ'ব ফলাফল।

১০. চুডানত অগ্নিকাণ্ডত নিহত ২৩ জন লোক। ইয়াৰে ১৮ গৰাকী তামিলনাডুৰ।

১১. পাকিস্তানত মন্দাৱস্থা। কেন্দ্ৰ চৰকাৰে ডুবাইত বিক্ৰী কৰিব বহু আপুৰুগীয়া সম্পত্তি।

১২. বক্স অফিচত লেমেহীয়া গতিৰে চলিছে হিন্দী ছবি পানীপত। প্ৰথম দিনাই উপাৰ্জন কৰিলে ৬ কোটি।

১৩. হিন্দী ছবি 'কামাণ্ডো-৩'ক আদৰি নললে দৰ্শকে। ৮ টা দিনৰ অন্তত উপাৰ্জন কৰিলে ৩০ কোটি টকা।

১৪. আগ্ৰাত পথ দুৰ্ঘটনা। নিহত হৈছে ৩ জন লোকৰ লগতে আহত হৈছে ৭ জনৰো অধিক লোক।

১৫. AEC ৰ ছাত্ৰবাসত সন্মুখত বাঘৰ আতংক, ছাত্ৰক আক্ৰমণ নাহৰফুটুকীৰ। বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এজন ছাত্ৰ।

১৬. চাউলখোৱাত ২৭ দিনীয়া দেৱশিশুৰ নৃশংস হত্যাকাণ্ড। মাজ নিশা মাতৃৰ বোকাচাৰ পৰা অন্তৰ্ধান সন্তান। পুৱা শৌচাগাৰৰ টেংকিত উদ্ধাৰ দেৱশিশুৰ মৃতদেহ।

১৭. ১৯৭১ চনৰ পিছত ভগৱান আহিলেও ঠাই দিয়া নহ'ব। এই মন্তব্য কৰিলে জুবিন গাৰ্গে।

১৮. নলবাৰীত পথ দুৰ্ঘটনা। ডাম্পাৰে মহতিয়াই নিলে তিনিজনক, এজনৰ মৃত্যু।

১৯. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংসদ ভৱনৰ বাহিৰত শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিবাদ। শীঘ্ৰে বিধেয়ক বাতিলৰ দাবী।

২০. বাইহাটা চাৰিআলিৰ কমলপুৰত এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। শামুকৰ খেতি কৰি মানিক উৎপাদনেৰে স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে ৰাইপাট গাঁৱৰ নাৰায়ণ চন্দ্ৰ দাস নামৰ যুৱকজনে।

২১. ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে বন বিভাগে লৈছে বিশেষ পদক্ষেপ। হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে গঠন কৰিছে বিশেষ 'এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড'।

২২. বৃদ্ধি হৈয়ে আছে পিয়াজৰ মূল্য। সংসদ ভৱনত পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনালে তৃণমূল কংগ্ৰেছে। নিশাটোৰ ভিতৰতে অসমত ২০ টকাকৈ মূল্যবৃদ্ধি হৈছে পিঁয়াজৰ।

২৩. নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়াও উত্তাল ৰাজ্য। ধৰ্ণা-অৱস্থান ধৰ্মঘট ৰেলী আদিৰে চলিছে আছু, AJYCPকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ।

২৪. ৫ ফেব্ৰুৱাৰী পৰা গোলাঘাটৰ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। ইতিমধ্যে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সাজু হৈ পৰিছে আয়োজকসকল।

২৫. দীপৰ বিলৰ কাষৰ ৰে'ল লাইনত ভয়ানক ঘটনা। বিলত পানী খাবলৈ আহি ৰে'লৰ খুন্দাত আঘাতপ্ৰাপ্ত হ'ল বনৰীয়া হাতী। ৰে'ল লাইন অতিক্ৰম কৰিবলৈ লওঁতেই মাইকী হাতীজনীক মহতিয়াই নিলে মালবাহী ৰে'লে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in