১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ভাৰতৰ সকলো প্ৰাইভেট চেনেল নেপালত নিষিদ্ধ । দুৰদৰ্শনৰ বাহিৰে সকলো ভাৰতীয় চেনেলৰ ওপৰত নিষেধাজ্ঞা।

২. কৃষক নেতা অখিল গগৈ কোভিড-১৯ নিগেটিভ। দিল্লীৰ পৰা আহিল শ্বাব পৰীক্ষাৰ ৰিপ'ৰ্ট।

৩. অখিল গগৈৰ মুক্তিৰ দাবীত ডিজিটেল প্ৰতিবাদ। টুইটাৰত ট্ৰেণ্ডিং অখিল গগৈৰ মুক্তিৰ দাবীত। টুইটাৰৰ পেজত শ্ল'গান, কাৰ্টুন, বেনাৰ-ফেষ্টুন।

৪. ৰাজ্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্লাজমা থেৰাপী। জিএমচিএইচৰ কোভিড হাস্পতালত আৰম্ভ হ'ল প্লাজমা থেৰাপী।

৫. শিৱসাগৰৰ আমগুৰিত উত্তেজনা। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱতীৰ মৃতদেহক লৈ উত্তেজনা। মৃতদেহটো ৰাজহুৱা শ্মশানত সত্কাৰৰ সিদ্ধান্ত প্ৰশাসনৰ।

৬. গুৱাহাটীৰ লকডাউনত নতুন নীতি-নিৰ্দেশনা চৰকাৰৰ। পাইকাৰী ব্যৱসায়ীসকলে ১০ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী ষ্টক কৰিব পাৰিব। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত ষ্টক কৰিব সামগ্ৰী।

৭. কাৰাবন্দী অখিল গগৈৰ অসুস্থতা সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া- 'পাখি মিঞাৰ দৰে দাগী অপৰাধীৰ চিকিত্সা কৰে চৰকাৰে। 'কিন্তু অখিল গগৈৰ চিকিৎসা কিয় কৰাব নোৱাৰে চৰকাৰখনে?'

৮. গুৱাহাটীৰ সাতগাঁও থানাৰ ৬ আৰক্ষী নতুনকৈ কোভিড-১৯ পজিটিভ। এইপৰ্যন্ত থানাখনত আক্ৰান্তৰ সংখ্যা হ'ল ১২ গৰাকী। পূৰ্বে ৬ আৰক্ষীৰ দেহত ধৰা পৰিছিল কৰোনা ভাইৰাছ।

৯. ৰাজ্যত বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। বৃহস্পতিবাৰলৈ কোৰোনাত আক্ৰান্ত হৈ অসমত ৩০জনলৈ বৃদ্ধি পালে মৃত্যু হোৱা লোকৰ সংখ্যা।

১০. শুকুৰবাৰৰ পৰা পাণ্ডু, মালিগাঁৱত হ'ব ৰেপিড এন্টিজেন টেষ্ট। অঞ্চলটোৰ প্রতিগৰাকী লোকৰ স্বাৱ সংগ্রহ কৰিব স্বাস্থ্য বিভাগে ।

১১. দিল্লীত বৃহস্পতিবাৰে ২১৮৭জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১,০৭,০৫১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপৰাধী সন্দীপ ওৰফে ধিল্লু পেহেলৱানক। ২০১৮ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি আছিল অপৰাধীটোৱে।

১৩. পশ্চিমবংগত ২৫,৯১১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত ১০৮৮জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি।

১৪. উত্তৰাখণ্ডত ৩,৩০৫জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ৪৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৫. কৰ্ণাটকত যোৱা ২৪ ঘন্টাত ২,২২৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ ১৭জনে হেৰুৱাই প্ৰাণ।

১৬. নেপালে বন্ধ কৰিলে ভাৰতীয় নিউজ চেনেলসমূহ। নেপালৰ কেবল টিভি অপাৰেটৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

১৭. মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে ৬৮৭৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ ২১৯জনে হেৰুৱাই প্ৰাণ।

১৮. উত্তৰাখণ্ডত নতুনকৈ ৪৭জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৩,৩০৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৯. কৰ্ণাটকত যোৱা ২৪ ঘন্টাত ২২২৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত ১৭ জন কোৰোনাত আক্ৰান্ত ৰোগীয়ে হেৰুৱাই প্ৰাণ।

২০. মণিপুৰত যোৱা ২৪ ঘন্টাত ১৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১৪৫০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. কেৰালাত ৬৫৩৪জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ২৭৯৫জন ৰোগী চিকিৎসাধীন হৈ আছে। এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজায়ানে।

২২. চেন্নাইত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৬ লাখ টকা।

২৩. তামিলনাডুত বৃহস্পতিবাৰে ৪২৩১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১,২৬,৫৮১জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. মুম্বাইৰ ধাৰাৱীত আৰু ৯জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। চহৰখনত ২৩৪৭জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৫. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in