১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গুৱাহাটী মহানগৰীত চৌদিশে কেৱল কৃত্ৰিম বানপানী। সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০মান বজাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

২. কোৰোনা আক্ৰান্তই ৭ লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত। মাত্ৰ ৪টা দিনতে ১ লাখৰো অধিক লোক আক্ৰান্ত হ'ল কোৰোনাত।

৩. যোৰহাট পৌৰ এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা। ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈ লকডাউন। ঘোষণা কৰিলে যোৰহাটৰ জিলা উপায়ুক্তই।

৪. পুনৰ প্ৰাণ পাই উঠিছে ৰংঘৰ-কাৰেংঘৰৰ বাকৰি। প্ৰায় ৩ মাহজোৰা নীৰৱ-নিস্তব্ধতাৰ পিছত পুনৰ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পৰ্যটনথলীসমূহ মুকলি হ'ল পৰ্যটকৰ বাবে।

৫. বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ কোভিড-১৯ নিগেটিভ। ঘৰুৱা সহায়কজন আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা কৰিছিল তেওঁৰ শ্বাব।

৬. নগাঁৱৰ গান্ধীবড়ীত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টেম্প'ই খুন্দা মাৰে ৰৈ থকা বলেৰ' গাড়ীত। গুৰুতৰভাৱে আহত ৭জন লোক।

৭. গুৱাহাটী মহানগৰীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট। মহানগৰীৰ ২ নং ৱাৰ্ডৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে যাব স্বাস্থ্য কৰ্মী। পাণ্ডু অঞ্চলৰ এই ৱাৰ্ডটোত থকা ৩০০০ লোকৰ হ'ব কোভিড-১৯ টেষ্ট।

৮. ওড়িশ্যাৰ প্ৰাক্তন মন্ত্ৰী তথা বিজু জনতা দলৰ বিধায়ক বিষ্ণু দাসৰ দেহাৱসান। ভূৱনেশ্বৰৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় তেওঁৰ

৯. ৬ জুলাই, ২০২০ত জম্মু-কাশ্মীৰত নতুনকৈ ২৪৬জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ইয়াৰে ৩৫জন জম্মু ডিভিজন আৰু ২১০জন কাশ্মীৰ ডিভিজনৰ।

১০. যোৱা ২৪ ঘন্টাত ৰাজস্থানত ৫২৪জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ২০,৬৮৮জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. কৰ্ণাটক চৰকাৰে ১১০গৰাকী ফাৰ্মাচিছৰ লাইচেঞ্চ কেনচেল কৰে। কাহ, জ্বৰৰ বাবে ঔষধ ক্ৰয় কৰা লোকৰ সম্পূৰ্ণ নাম আৰু ঠিকনা জমা নৰখাৰ বাবেই চৰকাৰে লৈছে এই পদক্ষেপ।

১২. কৰ্ণাটকত যোৱা ২৪ ঘন্টাত ১৮৪৩জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩০জন লোকে হেৰুৱাই প্ৰাণ।

১৩. মুম্বাইৰ নালাছোপাৰত সোমবাৰে সংঘটিত হয় এক কৰুণ ঘটনা। এটা পুখুৰীত গা ধুই থকা সময়তে শলিল সমাধি দুজন কিশোৰৰ।

১৪. গুজৰাটত ৩৬,৮৫৮জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৭৩৫জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৫. পশ্চিমবংগত আৰু ৮৬১জনৰ দেহত ধৰা পৰিছে কোভিড-১৯। ইয়াৰ পাছতে ৰাজ্যখনত ২২,৯৮৭জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৬. চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফল চহৰত যোৱা ২৪ ঘন্টাত ২৪জন কোভিড পজিটিভ ধৰা পৰে। ইফালে, ৰাজ্যখনত ১৩৯০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. উত্তৰাখণ্ডত ৩১৬১জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ ৮১.৮১ শতাংশ।

১৮. পশ্চিমবংগত গ্ৰেপ্তাৰ দুজনক। ৩১.৫ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

১৯. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

২০. পঞ্জাৱত ৬৪৯১জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ২০৮জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২১. মহাৰাষ্ট্ৰত ২,১১,৯৮৭জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৫৩৬৮জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২২. দিল্লীত ১ লাখৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ১৩৭৯জনকৈ লোকৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২৩. ছণ্ডীগড়ত যোৱা ২৪ ঘন্টাত ২১জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৪৮৭জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. দৰঙত সোমবাৰে ১৮জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।ইয়াৰে ভিতৰত আছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩গৰাকী চিকিৎসকো।

২৫. গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰ আৰক্ষীয়ে সোমবাৰে ব্ৰাউন ছুগাৰ আৰু নিচা জাতীয় টেবলেট জব্দ কৰে ৷ লগতে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in