১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. লখিমপুৰৰ এজন চিকিৎসকৰ দেহত কোভিড-১৯। ডাঃ হাচিড জামান নামৰ চিকিৎসকজনৰ দেহত ধৰা পৰিছে কোৰোনা। কোৰোনাত আক্ৰান্ত চিকিৎসকজন পানীগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক।

২. বঙাইগাঁৱত কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ৰঙাপানী পৰমেশ্বৰ মেম'ৰিয়েল উঃ মাঃ বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰৰ ৰান্ধনীৰ গালৈ দলিয়ালে গৰম দাইল।

৩. গুৱাহাটীৰ সাউকুছিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। একাংশ লোক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ওলাই অহাৰ চেষ্টা। নতুনকৈ কোৱাৰেণ্টাইন চেণ্টাৰত মানুহ সোমোৱাক লৈ অসন্তুষ্টি।

৪. কোৰোনাৰ বিভীষিকাৰ মাজতো আমেৰিকাত এতিয়াও অব্যাহত আছে বৰ্ণ-বৈষম্য বিৰোধী প্ৰতিবাদ। জ'ৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাছৰ পৰাই অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।

৫.  দেশত, ২,১৬,৭১৪জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬০৮৮জনৰ।

৬. লকডাউন-৫ত ব্যাপক শিথিলতাৰ পাছতে চৰকাৰী কাৰ্যালয়সমূহত ক্ৰমান্বয়ে ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। বিগত প্ৰায় ৩ মাহৰ অন্তত কাৰ্যালয়লৈ আহিছে ১০০ শতাংশ কৰ্মচাৰী।

৭. মহাৰাষ্ট্ৰৰ উপকুলত নিসৰ্গৰ আতংক। ইতিমধ্যে ৰাজ্যখনৰ মান্দোৱা, আলিবগ এলেকাত প্ৰচণ্ড ধুমুহাই সাধিছে বিস্তৰ ক্ষতি।

৮. যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা। ছিৰাল ফাট দি বহি গৈছে জালুকবাৰীৰ উৰণীয়া সেতু।

৯.  তেলেংগানাত আৰু ১২৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৩০২০জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১০. ভূমিকম্পই জোঁকাৰি গ'ল নয়ডা। ৩.২ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় নয়ডাত। নিশা প্ৰায় ১০.৪২ বজাত অনুভূত হয় ভূমিকম্প।

১১. বহিঃৰাজ্যৰ পৰা দিল্লীত প্ৰৱেশ কৰা সকলো লোকে ৭দিনৰ বাবে নিজকে হোম কোৱাৰেন্টাইন কৰিব লাগিব। এই আহ্বান ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ।

১২. জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন। ৰাজৌৰী জিলাৰ নৌশ্বেৰা ছেক্টৰত পাক সেনাই চলাই গুলীবৰ্ষণ।

১৩. বুধবাৰে দিল্লীত কোভিড-১৯ত আক্ৰান্ত হয় ১৫১৩জনকৈ লোক। ৰাজ্যখনত ২৩,৬৪৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৪. ৰাজস্থানত ৯৬৫২জনলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যখনত আৰু ২৭৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৫. গুজৰাটত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ৩০জনৰ মৃত্যু। ইফালে, ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৮,১১৭জনলৈ বৃদ্ধি।

১৬. মহাৰাষ্ট্ৰৰ পুনে বিমান বন্দৰত এখন বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে ৬খন বিমানৰ অৱতৰণ স্থান সলনি কৰা হয়। বেয়া বতৰৰ বাবে লোৱা হয় এই সিদ্ধান্ত।

১৭. মণিপুৰত বুধবাৰে ৬জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-১৯।ৰাজ্যখনত ১০৮জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে ৭০জন ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

১৮. হাৰিয়ানাৰ ২৯৫৪জনলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোতে ৰাজ্যখনত ৩০২জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৯. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

২০. বুধবাৰে পশ্চিমবংগত ৩৪০জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ইফালে, দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ১০জনে হেৰুৱালে প্ৰাণ।

২১. দেশৰ ভিতৰত সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ৭৪,৮৬০জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

২২. পুনেৰ খেডত ভয়ংকৰ ঘটনা। এখন দেৱাল খহি পৰাৰ ফলত মৃত্যু হয় এগৰাকী ৬৫ বছৰীয়া বৃদ্ধাৰ। লগতে আহত ৫জনকৈ লোক।

২৩. মহাৰাষ্ট্ৰৰ ৰায়গড়ত শোকাৱহ ঘটনা। বিদ্যুতৰ খুটা বাগৰি পৰাৰ ফলত নিহত এজন ৫৮ বছৰীয়া ব্যক্তি।

২৪. গুজৰাটৰ ডহেজস্থিত এটা কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত ৫জন আৰু আহত ৫৭জনকৈ লোক।

২৫. ৬৫,১৬,৯৯৫জনলৈ বৃদ্ধি বিশ্বত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৩,৮৪,৭৭১জন লোকে বিশ্বত কোৰোনাৰ ফলত হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in