১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে কটনীয়ানে সাব্যস্ত কৰিব ৰণহুংকাৰ কাৰ্যসূচী।

২. নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে মন্ত্ৰী-বিধায়কৰ গাড়ীলৈ গেলা কণী, পোৰা ম'বিল নিক্ষেপ কৰা হ'ব। কেব বিৰোধী সংগ্ৰামী মঞ্চই সকীয়ালে এনেদৰে।

৩. ফোনযোগে গড়মূৰ বৰসত্ৰৰ সত্ৰাধিকাৰক ধনদাবীৰ অভিযোগ। ধন নিদিলে হত্যাৰ ভাবুকি। ঘটনা সন্দৰ্ভত মুঠ ৮ জনকৈ লোকক অভিযুক্ত কৰি থানাত গোচৰ।

৪. চিআইএছএফে গোৱাত গ্ৰেপ্তাৰ কৰে এজন লোকক। ৮ এম এমৰ এটা পিষ্টলসহ গ্ৰেপ্তাৰ কৰে লোকজনক।

৫. গুৱাহাটীৰ বশিষ্ঠত ভয়ংকৰ ঘটনা। ৰাজপথ পাৰ হওঁতেই ডাম্পাৰে মহতিয়ালে এজন লোকক। দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰে লোকজনৰ।

৬. কেৰালাৰ পন্নিকোডত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। এক অনুষ্ঠানত কণ কণ শিশুৰ সৈতে কথা-বতৰা পাতে ৰাহুল গান্ধীয়ে।

৭. শুৱালকুছিৰ সাধুটোলত ন বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা। দীপা কলিতা নামৰ বোৱাৰীগৰাকীৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য।

৮. ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটীত ভাৰত-জাপান সন্মিলন। ইফালে কেব বিৰোধী আন্দোলনক লৈ চিন্তিত দিল্লী। পৰিস্থিতি সন্দৰ্ভত দিছপুৰৰ পৰা প্ৰতিবেদন বিচাৰিছে দিল্লীয়ে।

৯. মহাৰাষ্ট্ৰৰ বাংগুৰু নগৰত এজন ৩২ বছৰীয়া লোকক হত্যা। পত্নীয়ে হত্যা কৰে লোকজনক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১০. কলকাতাৰ ডুম ডুম মেট্ৰ' ষ্টেচনত গ্ৰেপ্তাৰ এজন লোক। লোকজনৰ পৰা উদ্ধাৰ ১৪ লক্ষাধিক ধন।

১১. ৰাজস্থানৰ ছিৰোহীত উদ্ধাৰ এটি ৪ বছৰীয়া শিশুক। পুৱাই এটা কুঁৱাত বাগৰি পৰিছিল এই কণমানি শিশুটি।

১২. কৰ্ণাটকৰ কালাবুৰাগিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন যুৱকক। অস্ত্ৰ আৰু ৫খন বাহনসহ গ্ৰেপ্তাৰ কৰে যুৱক কেইজনক।

১৩. চেন্নাই বিমান বন্দৰত গেপ্তাৰ এজন লোকক। প্ৰায় ১.১৩ কেজি ওজনৰ নকল সোণসহ গ্ৰেপ্তাৰ কৰে লোকজনক।

১৪. কংগ্ৰেছ জ্যেষ্ঠ নেতা পি চিদাম্বৰামক গ্ৰেপ্তাৰ কৰে দলটোৰ নেতা ডি কে শিৱাকুমাৰে। লগতে উপস্থিত ডি কে সুৰেশ।

১৫. পাটনাত সুলভ মূল্য বিক্ৰী কৰা হয় পিঁয়াজ। ৩৫ টকা প্ৰতি কেজি ওজনত এজন জন অধিকাৰ পাৰ্টিৰ নেতা পাপু যাদৱে বিক্ৰী কৰে পিঁয়াজ।

১৬. হায়দৰাবাদৰ ৰাজীৱ গান্ধী বিমান বন্দৰত ৩ যাত্ৰীক গ্ৰেপ্তাৰ। প্ৰায় ডেৰ কেজি ওজনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় লোকজন।

১৭. তামিলনাডুৰ থিট্টাকুডিৰ এখন নদীত টাউন পঞ্চায়তৰ কৰ্মচাৰীয়ে পেলালে কেইবা টন জাৱৰ। চহৰখনৰ চফা ৰখাৰ উদ্দেশ্যে পেলোৱা হয় জাৱৰখিনি।

১৮. 'CABক লৈ ৰাজনীতি নকৰিব।' ৰাজনৈতিক দল-সংগঠনক সকীয়নি দি শুকুৰবাৰে কটনীয়ানৰ সৈতে ৰণহুংকাৰত ভাগ ল'ব বুলি জনালে জুবিন গাৰ্গে।

১৯. বিজেপিৰ নেতা অনিল বালুনীক সাক্ষাৎ কৰে ক্ৰিকেটাৰ যুৱৰাজ সিঙে। বালুনী কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মুম্বাইৰ এখন চিকিৎসালয়ত।

২০. বিহাৰৰ উন্নাৱত বলাৎকাৰ কাণ্ডৰ পীড়িতা যুৱতীক জ্বলাই দিলে ঘটনাৰ সৈতে জড়িত অভিযুক্তই। প্ৰায় ৯০ শতাংশ শৰীৰৰ অংগ জ্বলি যোৱা বুলি জনাইছে চিকিৎসকে।

২১. 'এখন সমাজত এশ শতাংশ অপৰাধ ৰোধ কৰাতো মই ভাবো ভগৱান ৰামৰ বাবেও সম্ভৱ নহয়।'- এই মন্তব্য উত্তৰপ্ৰদেশৰ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিঙৰ।

২২. বৃহস্পতিবাৰে কেৰালাৰ কডেনচেৰিত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কডেনচেৰিৰ মহাদেৱ মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়াই নেতাগৰাকীয়ে।

২৩. কেবৰ বিৰুদ্ধে বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছ বিধায়িনী দলৰ। বিধেয়ক বাতিল কৰাৰ দাবী।

২৪. দিল্লীৰ বিজয় চকত সাধাৰণ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। দেশত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

২৫. ৬ ডিচেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পানীপট। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত আৰু অৰ্জুন কাপুৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in