১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অন্ধপ্ৰদেশৰ টিৰুপতি বিমান বন্দৰত যান্ত্ৰিক বিজুতি এয়াৰ ইণ্ডিয়াৰ বিমান। বিমানখন পাছত অৱতৰণ কৰোৱা হয় হায়দৰাবাদ বিমান বন্দৰত।

২. যোৱা দুমাহে বন্ধ জম্মু-কাশ্মীৰৰ উধামপুৰৰ প্ৰাথমিক বিদ্যালয়সমূহ। এজনো শিক্ষক নথকাৰ বাবে বন্ধ ৰাখিব লগা হৈছে বিদ্যালয় সমূহ।

৩. প্ৰয়াগৰাজৰ কুম্ভ মেলাত উপস্থিত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু বহু কেইজন নেতা। গংগা নদীত পবিত্ৰতাৰ বাবে ডুব মাৰে আটাইকেইজনে।

৪. মঙলবাৰে দিল্লীত অনুষ্ঠিত 'বিটিং ৰিট্ৰিট' অনুষ্ঠান। উক্ত অনুষ্ঠানটিত দিল্লীৰ ৰাজপথ এলেকা ৰং-বিৰঙৰ লাইটেৰে আটক ধুনীয়াকৈ সজাই তোলা হয়।

৫. মঙলবাৰে ৰাজস্থানত ছুৱাইন ফ্লুত আক্ৰান্ত হৈ পুনৰ মৃত্যুক সাৱটিলে এজন। ইফালে, ৬৫জনকৈ লোক আক্ৰান্ত হৈছে এই ৰোগত।

৬. উত্তৰাখণ্ডৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে চলালে শ্ন' স্কুটাৰ। মাউন্টেনিৰিং এণ্ড স্কিং ইনষ্টিটিউত স্কুটাৰখন চলাই উপভোগ কৰিলে মন্ত্ৰীগৰাকীয়ে।

৭. বুধবাৰে অনশনত বহিব সমাজ সেৱক আন্না হাজাৰে। তেওঁ জনায় যে, এই অনশন সমাজ আৰু দেশৰ হকে কৰিব তেওঁ।

৮. সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ বাসগৃহত মঙলবাৰে উপস্থিত প্ৰধানমন্ত্ৰী মোডী। তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী।

৯. সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু ভূপেন্দ্ৰ যাদৱে।

১০. মঙলবাৰে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰসিং বাঘেলাই যোগ দিয়ে কংগ্ৰেছত। দলটোৰ মুৰব্বী শৰৎ পাৱাৰৰ উপস্থিত যোগদিয়ে দলটোত।

১১. মধ্যপ্ৰদেশত মঙলবাৰে ১৮টাকৈ পশুধনৰ মৃত্যু। অধিক ঠাণ্ডাৰ বাবে মৃত্যু হয় পশুধন কেইটাৰ।

১২. ছাম্বাত মঙলবাৰে প্রধানমন্ত্ৰী কাৰ্যালয়ৰ জীতেন্দ্ৰ সিঙে উপভোগ কৰিলে হিন্দী ছবি 'উৰিঃ দ্যা ছাৰ্জিকেল ষ্ট্ৰাইক'। বি এছ এফৰ জোৱানসহ চালে হিন্দী ছবিখন।

১৩. মঙলবাৰে পোলেণ্ডত ভূমিকম্প। ভূমিকম্পৰ পাছতেই এটা ক'পাৰৰ খনিৰ পৰা সন্ধানহীন ১৪গৰাকী শ্ৰমিক।

১৪. হোজাই ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। নামনিমুৱা ইন্দ্ৰানী এক্সপ্ৰেছৰ এটা ডবাৰ পৰা জব্দ গাঞ্জাখিনি। RPFৰ অভিযানত জব্দ ডেৰ লাখ টকাৰ গাঞ্জা।

১৫. হোজাইৰ নীলবাগানত জব্দ অবৈধ কাঠভৰ্তি ট্ৰাক। বনকৰ্মীৰ দলে লংকাৰ পৰা খেদি খেদি নীলবাগানত জব্দ কৰে কাঠভৰ্তি ট্ৰাকখন। জব্দ হোৱা কাঠখিনিৰ মূল্য চাৰি লক্ষাধিক টকা হ'ব। কাৰ্বি আংলঙৰ পৰা অবৈধ কাঠখিনি অনাৰ সন্দেহ কৰিছে বন বিভাগে।

১৬. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাৰ্বি পাহাৰতো প্ৰতিবাদৰ ঢৌ। হাওৰাঘাটত জোঁৰ লৈ সমদল সহস্ৰাধিক পুৰুষ–মহিলাৰ। বৰবিল আৰু বেল'গুৰি যুৱক সংঘৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।

১৭. মঙলবাৰে ৰাজ্যজুৰি বাথৌ উৎসৱ পালন কৰিলে বড়োসকলে । বাথৌ পূজাৰ জৰিয়তে জাতি–জনগোষ্ঠীৰ মাজত শান্তি–সম্প্ৰীতি কামনা কৰিছে বড়ো ৰাইজে।

১৮. ইণ্ডিয়া অ'পেন ইণ্টাৰনেচনেল বক্সিং অনুষ্ঠিত হ'ব গুৱাহাটীত । সন্মানীয় এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ দায়িত্ব লাভ কৰিছে গুৱাহাটীয়ে।

১৯. মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ প্ৰাক মূহুৰ্তত দেশ–বিদেশৰ সহস্ৰাধিক ছাত্ৰ–ছাত্ৰীৰ সৈতে মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত শিক্ষাৰ্থীক পৰীক্ষাৰ চাপৰ পৰা মুক্ত কৰাৰ কৌশল শিকালে প্ৰধানমন্ত্ৰীয়ে।

২০. সোণাৰিৰ সাপেখাতী বাৰেগাঁৱত বিধ্বংসী অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় মুহিকান্ত গগৈ নামৰ লোকজনৰ বাসগৃহ। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

২১. নাগালেণ্ডৰ নোকলাকত অবৈধ মাৰণাস্ত্ৰ নিৰ্মাণ কৰা কাৰখানা উৎখাত। অসম ৰাইফলছৰ অভিযানত উৎখাত হয় কাৰখানাটো। ঘটনাস্থলীৰ পৰা কেইবাজাঁই গুলীসহ ৮টা নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু অৰ্ধনিৰ্মিত পিষ্টল জব্দ।

২২. হোজাইৰ লংকাত কেৰালা আৰক্ষীৰ অভিযান। অভিযানত আটক এটা মোবাইল চোৰ। আটক মোবাইল চোৰটোৰ নাম আমজাদ আলী। ধৃত আমজাদ আলীয়ে কেৰালাৰ পৰা চুৰ কৰিছিল মোবাইল।

২৩. 'পাকিস্তানক প্ৰত্যুত্তৰ দিব পৰা ব্যক্তি কেৱল এজনেই আছে, সেইজনেই হৈছে নৰেন্দ্ৰ মোডী'-ম মঙলবাৰে এই মন্তব্য কৰিলে বিজেপি সভাপতি অমিত শ্বাহে।

২৪. 'দেশৰ বিৰোধীয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাটো জৰুৰী নহয়'- ৰাজনৈতিক দল এন চি পিৰ নেতা শৰদ পৱাৰে কৰিলে এই মন্তব্য।

২৫. মঙলবাৰে মুক্তি পালে হিন্দী ছবি 'টটেল ধামাল'ৰ প্ৰথমটো গীত। ছবিখন ছবিগৃহত মুক্তি পাব ২২ ফেব্ৰুৱাৰীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in