১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ৩৩৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৬৯৯৭৬জনলৈ পাইছে বৃদ্ধি।

২. মাজুলীত ভুৱা চিকিৎসক আটক। উত্তম কুছৱাহা নামৰ ভুৱা চিকিৎসকক আটক। ভুৱা চিকিৎসকজনৰ ঘৰ উত্তৰ প্রদেশত। ভুৱা চিকিৎসকজনৰ পৰা জব্দ ঔষধসহ চিকিৎসা সামগ্রী।

৩. মেঘালয়ৰ জয়ন্তীয়া হিলছৰ কয়লা খনিত অঘটন। কয়লা খনিত কৰ্তব্যৰত শ্রমিকৰ মৃত্যু। NDRF, অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান।
উদ্ধাৰ অভিযান জৰুৰীকালিন সেৱাৰ।

৪. হাজোৰ চেঁচা কুমাৰপাৰাত STFৰ অভিযান। অভিযানত জব্দ প্রায় ৫০ কেজি গাঞ্জা। ৭টা টোপোলাত আছিল গাঞ্জাখিনি। নিৰ্মল দাস নামৰ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ।

৫. যোগীঘোপা ফেমিলী ৰেষ্টুৰেণ্ট এণ্ড ৰিজ'ৰ্টত আৰক্ষীৰ অভিযান। ৰেষ্টুৰেণ্টখনত দীৰ্ঘদিন জুৱাখেল চলি থকাৰ অভিযোগ। অভিযানত উদ্ধাৰ নগদ ৪,৫৩,৮৯৭ টকা। জব্দ ৩ খন বিলাসী বাহন আৰু ৬টা মোবাইল ফোন।

৬. অসমত বুধবাৰৰ দিনটোত আৰোগ্য হয় ৪৮৮১জন লোক। ইয়াৰ বিপৰীতে ৰাজ্যত দিনটোত কোৰোনাত আক্ৰান্ত ৩৬জন লোকে হেৰুৱাই প্ৰাণ।

৭. মেঘালয়ত অপহৃত মানকাচৰ এআইইউডিএফৰ ইউডিএছএফৰ জিলা সভাপতি শ্বাহজাহান বাদশ্বাহ উদ্ধাৰ। ৪ মে' তাৰিখে মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতিৰ জিকজাকত অপহৰণ হৈছিল বাদশ্বাহ। ৪৩ দিনৰ অন্তত তেওঁক গাৰো উগ্ৰপন্থীয়ে মুকলি কৰি দিয়ে।

৮. অসমৰ গৃহ বিভাগৰ নতুন সচিব নিযুক্তি। আইপিএছ বিষয়া দিগন্ত বৰাক দিয়ৈ হৈছে এই দায়িত্ব। পূৰ্বে তেওঁ অসম আৰক্ষী (এডমিন)ৰ উপ পৰিদৰ্শক জেনেৰেল হিচাপে কৰ্তব্যৰত আছিল।

৯. পঞ্জাৱত পুনৰ ৬৮৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০০৪৬জন ৰোগী।

১০. মহাৰাষ্ট্ৰত বুধবাৰে ১০১০৭জন আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৩৭জনৰ মৃত্যু।

১১. মণিপুৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

১২. বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেশ্যনৰ দ্বাৰা নিৰ্মিত ব'ৰ্ডাৰ পথ উদ্বোধন কৰিবলৈ অসমত আহি উপস্থিত হ'বহি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

১৩. মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। প্ৰায় ২.৭ কেজি ওজনৰ নিচাজাতীয় সামগ্ৰীসহ লোক কেইজনক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে।

১৪. কৰ্ণাটকত পুনৰ ৭৩৪৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫১৫৬৬জন ৰোগী।

১৫. বুধবাৰে তামিলনাডুত নতুনকৈ ১০৪৪৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ২৭০জনৰ মৃত্যু।

১৬. হিমাচলপ্ৰদেশত পুনৰ ২১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু।

১৭. যোৱা ২৪ ঘন্টাত মুম্বাইত আকৌ ৮৩০জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১১জনৰ মৃত্যু।

১৮. মধ্যপ্ৰদেশত পুনৰ ১৬০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩২৭৩জন ৰোগী।

১৯. পশ্চিমবংগত পুনৰ ৩১৮৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৬৯জনৰ মৃত্যু।

২০. গোৱাত যোৱা ২৪ ঘন্টাত ৩১০জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। এতিয়াও ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০৪৪জন ৰোগী।

২১. চুবুৰীয়া ৰাজ্য মণিপুৰত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৭৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২২. কেৰালাৰ ইৰনাকুলামৰ এটা দ' গাঁতত পৰি যায় এটা হাতী। এই হাতীটোক স্থানীয় লোকৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰে।

২৩. যোৱা ২৪ ঘন্টাত উত্তৰাখণ্ডত পুনৰ ৩৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৩৭৮০২জনলৈ পাইছে বৃদ্ধি।

২৪. কেৰালাত পুনৰ ১৩২৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০৯৭৯৪জন ৰোগী।

২৫. কোৰোনাত দ্বিতীয়টো ঢৌৱে কাঢ়ি লৈ যায় ৭৩০জন চিকিৎসকৰ প্ৰাণ। এই তথ্য সদৰি কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in