১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১.ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। শেহতীয়াকৈ ২৭৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।

২. জোতিকুছি-ধপলীয়া পথত বাগৰিল শিলভৰ্তি ট্ৰাক। গুৰুতৰভাৱে আহত ট্ৰাকখনৰ ড্ৰাইভাৰসহ ২ কৰ্মচাৰী। সংকটজনক অৱস্থাত তিনিওকে চিকিত্সালয়লৈ প্ৰেৰণ।

৩.  ১ জুলাইৰ পৰা নিয়মীয়া ৰে'লসেৱা বাতিল। ১২ আগষ্টপৰ্যন্ত বাতিল যাত্ৰীৰ বুকিং। বিশেষ ৰে'লসমূহৰ চলাচল অব্যাহত থাকিব।

৪. ধেমাজিৰ জোনাইত নাও দুৰ্ঘটনাত কিশোৰী সন্ধানহীন। জোনাইৰ ৰাকুট কেমেৰেত জোনাই নৈত নাও দুৰ্ঘটনা।

৫.  অপৰিৱৰ্তিত হৈ আছে ডিব্ৰুগড় নগৰৰ বান পৰিস্থিতি। ২২টা ৱাৰ্ডৰ সকলোতে পানী। নগৰখনৰ কনভয় ৰোড, মানকটা পথ, এইচ এছ পথ পানীৰ তলত।

৬.  'গুৱাহাটীত প্ৰতিদিনে বাঢ়িছে ১৫০ৰো অধিক ক'ভিড আক্ৰান্ত' 'এই হাৰত আক্ৰান্ত বৃদ্ধি পালে পৰিস্থিতি ভয়ংকৰ হ'ব'। হিমন্ত বিশ্ব শৰ্মা।

৭. ইটানগৰত ভয়ংকৰ ভূমিস্খলন। বন্ধ হৈ গ'ল পাপু নালা-ইউপিয়া পথ। মুহূৰ্তৰ ভিতৰতে পোত খালে পথটো।

৮. কৰোনাক লৈ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিলে শেহতীয়া পৰিস্থিতি।

৯. গুৱাহাটীৰ ৰে'ল ষ্টেশ্যনৰ পৰা নিশাটোৰ ভিতৰতে অন্তৰ্ধান হ'ল ৩টাকৈ চুপাৰিভৰ্তি দবা। গুৱাহাটী ৰে'ল আৰক্ষীয়ে জব্দ কৰিছিল দবা ৩টা।

১০. উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ প্ৰথম ১০টা স্থান দখল কৰে ২৩ মেধাৱী শিক্ষাৰ্থীয়ে। ডিব্ৰুগড়ৰ ছল্ট ব্ৰুকৰ কৃষ্ণ মহেশ্বৰীয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭১ নম্বৰ লাভ কৰি দখল কৰে প্ৰথম স্থান।

১১. বাঘজানৰ অগ্নিকাণ্ডক লৈ NGTৰ গুৰুত্বপূৰ্ণ ৰায়। ২৫ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ OILক। তিনিচুকীয়া জিলা দণ্ডাধীশক ২৫ কোটি জমা দিয়াৰ নিৰ্দেশ।

১২. CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰতো পৰৱৰ্তী সময়তহে সিদ্ধান্ত গ্ৰহণ কৰিব CBSE-এ। 

১৩. বছৰটোৰ দ্বিতীয়টো বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাজিৰঙাত। ইফালে পবিতৰাৰ ৮০ শতাংশই জলমগ্ন হৈ পৰাত জীৱকুলৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি।

১৪. গুৱাহাটীৰ পিছত গণসংক্ৰমণৰ দিশে তেজপুৰ আৰু গোলাঘাট। একেটা দিনতে তেজপুৰত আক্ৰান্ত হ'ল ২৩গৰাকী স্বাস্থ্যকৰ্মী।

১৫. তেলেংগানাত ৯২০জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ১১,৩৬৪জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৬. উত্তৰাখণ্ডৰ উধম সিং নগৰত বন বিভাগে উদ্ধাৰ কৰে এটা ঘৰিয়াল। পাছত ঘৰিয়ালটোক পিঞ্জৰাবদ্ধ কৰি নিৰাপদ স্থানত এৰি দিয়ে বন বিভাগৰ লোকে।

১৭. কৰ্ণাটকৰ বিশ্বাবাৱতী নদীত বৃদ্ধি পাইছে জলস্তৰ। নেৰানেপেৰা বৰষুণৰ ফলত এনেদৰে জলস্তৰ বৃদ্ধি পাইছে নদীখনৰ।

১৮. পুনেত যোৱা ২৪ ঘন্টাত ৭২৫জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। পুনেত ১৮,২৪০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৯. মুম্বাইত ৭০,৯৯০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। মুম্বাইত ১,৩৬৫জনৰ দেহত বৃহস্পতিবাৰে ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২০. হিমাচলপ্ৰদেশত ৮৩৯জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ৩৪৫জন লোক চিকিৎসাধীন হৈ আছে। আৰু ৰাজ্যখনত মৃত্যু হৈছে ৭জনৰ।

২১. উত্তৰাখণ্ডত আৰু ৪৯জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ২৬৯১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২২. ত্ৰিপুৰাত ১১৪১জন লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছে। ইয়াৰে ৩২জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সদৰী কৰে এই কথা।

২৩. ঝাৰখণ্ডত বৃহস্পতিবাৰে আৰু ৪২জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ২,২৬১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. দিল্লীত যোৱা ২৪ ঘন্টাত ৩৩৯০জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ইফালে, এই সময়চোৱাত ৰাজ্যখনত ৩৩২৮জন লোক সুস্থ হৈ উঠিছে।

২৫. ৰাজস্থানত আৰু ২৮৭জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৬,২৯৬জনলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in