১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দেওবাৰে দিনৰ ১২ বজাত অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক । এই বৈঠকত ঘোষণা কৰা হ'ব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ।

২. প্ৰায় ৪০ বছৰ পিছত পুনৰ মুকলি কৰা হয় ৰূপসী বিমান বন্দৰ। ২য় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰ । শনিবাৰে ১১:৪০ বজাত অৱতৰণ কৰে গুৱাহাটীৰ পৰা যোৱা ফ্লাইবিগ নামৰ বিমানখন।

৩. শনিবাৰে ভূমিকম্পই জোকাৰি যায় মেঘালয় । শনিবাৰে সন্ধিয়া ৬.৫০ বজাত ৩.১ প্ৰাবল্যৰ এটি ভুমিকম্পই জোকাৰি যায় মেঘালয় ।ভুমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ আছিল ইষ্ট খাচী হিলচ ।

৪. কোৰোনা মহামাৰীৰ মাজতে ইছলামধৰ্মী লোক সকল সাজু হৈছে পবিত্ৰ ঈদ-উল-ফিটৰ উদযাপন কৰিবলৈ । এমহীয়া ৰোজাৰ অন্তত পালন কৰা হয় পবিত্ৰ ঈদ-উল-ফিটৰ ।

৫. দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত শনিবাৰে মন্ত্ৰী গোটৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন । জনসাধৰনক কোভিড ভেকচিনৰ দ্বিতীয় ডোজ গ্ৰহন কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

৬.কোৰোনাত আক্ৰান্ত ব্যক্তি হস্পিতালত ভৰ্তি কৰিবলৈ প্ৰয়োজন নহয় কোভিড পজিটিভ ৰিপৰ্ট । এই নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰনালয়ে ।

৭. ৰাজ্যসমূহক অক্সিজেনৰ আৱন্টনৰ বাবে ১২ জনীয়া টাস্ক ফৰ্চ গঠন উচ্চতম ন্যায়ালয়ৰ । এই টাস্ক ফৰ্চে নীৰিক্ষন কৰিব সমগ্ৰ দেশতে অক্সিজেনৰ যোগান চোৱা চিতা কৰিব ।

৮. দেশত এতিয়ালৈকে প্ৰায় ১৬.৭৩ কোটি লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন । এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰনালয়ে ।

৯. ১৮০ খন জিলাত বিগত ৭ দিনত কোনো নতুনকৈ কোভিডত আক্ৰান্ত হোৱা নাই । এই মন্তব্য কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ।

১০. মনিপুৰত শনিবাৰে কোভিডত আক্ৰান্ত হয় ৪৪২ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ১২ জনৰ ।

১১. উত্তৰাখণ্ডত আৰটি-পিচিআৰ টেষ্টৰ মূল্য সলনি কৰা হৈছে। উত্তৰাখণ্ড চৰকাৰে লৈছে এই সিদ্ধান্ত।

১২. উত্তৰাখণ্ডত আৰম্ভ হ'ব ১৮-৪৪ বছৰ বয়সৰ লোকৰ মাজত কোভিড ভেকচিন প্ৰদান। ১০ মে'ৰ পৰা কৰা  হ'ব ভেকচিন প্ৰদান।

১৩. তামিলনাডুত আকৌ ২৭৩৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৯৪০১জন ৰোগী।

১৪. যোৱা ২৪ ঘন্টাত গুজৰাটত নতুনকৈ ১১৮৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১১৯জনৰ মৃত্যু।

১৫. পশ্চিমবংগত আকৌ ১৯৪৩৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১২৭জনৰ মৃত্যু।

১৬. পঞ্জাৱত আকৌ ৯১০০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৭১জনৰ মৃত্যু।

১৭. যোৱা ২৪ ঘন্টাত হাৰিয়ানাত আকৌ ১৪৬৬৭জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০২৩৪৯জনলৈ পাইছে বৃদ্ধি।

১৮. মহাৰাষ্ট্ৰত নতুনকৈ ৫৩৬০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৮৬৪জনৰ মৃত্যু।

১৯. মধ্যপ্ৰদেশত আকৌ ১১৫৯৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৬০৭১২জনলৈ পাইছে বৃদ্ধি।

২০. যোৱা ২৪ ঘন্টাত গোৱাত ৩৭৫১জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৫৫জনৰ মৃত্যু।

২১. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৪৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২২. ৰাজস্থানত আকৌ ১৭৯৮৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৬০জনৰ মৃত্যু।

২৩. তেলেংগানাত আকৌ ৫১৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৯২৩৮৫জনলৈ পাইছে বৃদ্ধি।

২৪. যোৱা ২৪ ঘন্টাত পুডুচেৰীত আকৌ ১৭০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৯জনৰ মৃত্যু।

২৫. উত্তৰাখণ্ডত আকৌ ২৬৮৪৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৯৮জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in