১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত নতুনকৈ ৪৪৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইফালে, ৰাজ্যত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ২৯জনৰ মৃত্যু।

২. মহাজোঁটৰ পৰাজয়ৰ বাবে এজেপি-ৰাইজৰ দল দায়ী যাৰ ফলত বিজেপিৰ লাভ হ'ল । সংবাদমেলত এই মন্তব্য কৰে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে ।

৩. কংগ্ৰেছৰ পৰাজয়ৰ বাবে নিজৰ দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পদত্যাগ ৰিপুন বৰাৰ ।

৪. দেশত পুনৰ হ'ব পাৰে লকডাউন হোৱাৰ আশংকা । দেশত কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে চৰকাৰক পুনৰ লক ডাউনৰ পৰামৰ্শ দিয়ে ।

৫. পশ্চিমবংগ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মুখ্যমন্ত্ৰী ৰূপে ৫ মে'ত শপত গ্ৰহন কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ।

৬.আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই কংগ্ৰেছ দলৰ কৰ্মী সকলক শুভেচ্ছা জ্ঞাপন কৰিলে । ফেচবুক লাইভ যোগে মন্তব্য কৰে অংকিতা দত্তই ।

৭. দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে ৪ মাহৰ বাবে পিচুৱালে নীট-পিজি পৰীক্ষা ।

৮. মধ্যপ্ৰদেশ আৰু পশ্চিমবংগত সাংবাদিকক কোভিড যোদ্ধা ঘোষণা । এই ঘোষমা কৰে দুয়োখন ৰাজ্যৰ চৰকাৰে ।

৯. সোমবাৰে গণেশগুৰিৰ ৰেপিড' কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।কোঠাত বন্দী কৰি ৰেপিড' চালকক মাৰপিট কৰে কৰ্তৃপক্ষই । ইফালে বিভিন্ন অভিযোগ লৈ কাৰ্যালয়লৈ আহিছিল ২০জন ৰেপিড' চালক ।

১০. হাৰিয়াণাত আজিৰে পৰা ঘোষণা কৰা হৈছে লকডাউন । এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰা হৈছে ৰাজ্য খনত । ১০ মেলৈ অব্যহত থাকিব লকডাউন ।

১১. অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট জয়লাভ কৰাৰ লগতে মুখ্যমন্ত্ৰী কোন হ'ব তাকেলৈ সৰৱ চৰ্চা হোৱা দেখা গৈছে । কেইবাজনো নৱ নিৰ্বাচিত বিধায়কে সোমবাৰে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃত এক বৈঠক অনুষ্ঠিত হয় ।

১২. মধ্যপ্ৰদেশত আকৌ ১২০৬২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত সোমবাৰে কোৰোনাত আক্ৰান্ত ৯৩জনৰ মৃত্যু।

১৩. যোৱা ২৪ ঘন্টাত পঞ্জাৱত ৬৭৯৮জন লোক আক্ৰান্ত হয় কোৰোনাত। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৫৭জনৰ মৃত্যু।

১৪. হিমাচলপ্ৰদেশত আকৌ ২৬৩০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত সোমবাৰে কোৰোনাত আক্ৰান্ত ৪৩জনৰ মৃত্যু।

১৫. মুম্বাইত আকৌ ২৬৬২জনৰ দেহত কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৪১৪৩জন ৰোগী।

১৬. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। মণিপুৰত যোৱা ২৪ ঘন্টাত নতুনকৈ ৩৬২জন কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭জন লোকৰ।

১৭. তামিলনাডুত আকৌ ২০৯৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১২২জনৰ মৃত্যু।

১৮. গুজৰাটত আকৌ ১২৮২০জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৭৪২২জনলৈ পাইছে বৃদ্ধি।

১৯. মহাৰাষ্ট্ৰত আকৌ ৪৮৬২১জন কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত সোমবাৰে কোৰোনাত আক্ৰান্ত ৫৬৭জনৰ মৃত্যু।

২০. কৰ্ণাটকত আকৌ ৪৪৪৩৮জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২২১১২জন বাংগালুৰুৰ।

২১. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত ১৮৯৭২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৭১জনৰ মৃত্যু।

২২. উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৃষ্টিপাতৰ তাণ্ডৱ। ধুমুহাৰ ফলত ৰাজ্যখনৰ উত্তৰকাশীৰ কুমাৰাডা গাঁৱত বহু কেইটা বাসগৃহ ভাঙি গৈছে।

২৩. গোৱাত নতুনকৈ ২৭০৩জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫৮৩৯জন ৰোগী।

২৪. যোৱা ২৪ ঘন্টাত ৰাজস্থানত ১৭২৯৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৫৪জনৰ মৃত্যু।

২৫. চেন্নাই বিমান বন্দৰত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। ২৭ লক্ষাধিক টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in