১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ত্ৰিপুৰাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬ গৰাকী লোক। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা সদৰি কৰিছে। শনিবাৰে মুঠ ৯৯৬ গৰাকী লোকৰ নুমনা সংগ্ৰহ কৰা হৈছিল। তাৰে ১৬ জনৰ কোৰোনা পজিটিভ পোৱা যায়।

২. নগাঁৱৰ চমুৱা গাঁও তিনিআলিত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে অহা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত নিহত টিকু মনি ডেকা।

৩. আন্তঃৰাজ্যিক সীমান্ত সম্প্ৰতি বন্ধ থকাৰ মাজতো বিশেষ কৌশলেৰে অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ চোৰাং বেহা৷ শনিবাৰে বোকাজানৰ খটখটী আৰক্ষীয়ে অৰুণাচলৰ পৰা অবৈধ সুৰা কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা জব্দ কৰে ২২০ কাৰ্টুন অৰুণাচলী সুৰা। যাৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা।

৪. সোমবাৰে ঈদুল-ফিতৰ। কেন্দ্ৰীয় হিলাল কমিটী অসমে জনালে এই কথা।

৫. নাৰায়ণপুৰ-কয়লা আৰু তেল খননৰ বিৰোধিতা। আমাজনৰূপে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্য আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰে দিয়া কয়লা খনন আৰু তেল খননৰ অনুমতিৰ বিৰোধীতাৰে আছুৰ প্ৰতিবাদ।

৬. ওদালগুৰিত আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা AK56 ৰাইফল, AK56 ৰাইফলৰ ১৬জাই সজীৱ গুলী, ৮ জাই খালী কাৰ্টিজৰ লগতে আন বহুতো গুলী।

৭. নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু। প্ৰায় দুমাহ মান পূৰ্বে অন্য হাতীৰ লগত হোৱা যুজত আঘাতপ্ৰাপ্ত হৈছিল হাতীটো।

৮. অসমত কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা ৩৪৬ গৰাকীলৈ বৃদ্ধি। শনিবাৰেই আক্ৰান্ত হ'ল অৰ্ধশতাধিক লোক।

৯. ছিকিমত প্ৰথমজন COVID 19 আক্ৰান্ত। লোকজনৰ বয়স ২৫ বছৰ। তেওঁ নতুন দিল্লীৰ পৰা ছিকিমলৈ আহিছিল। এছটিএনএল হাস্পতালৰ আইছ'লেশ্যন ৱাৰ্ডত ভৰ্তি কৰা হৈছে ৰোগীগৰাকীক।

১০. গুৱাহাটীৰ জিলা যক্ষ্মা হাস্পতালক কোৰোণা হাস্পতাললৈ ৰূপান্তৰ। পূৰ্বে হাস্পতালখনক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

১১. কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত টিলাবস্তিত হস্তী মানুহৰ সংঘাত। থিতাতে মৃত্যু এগৰাকী মহিলাৰ।

১২. ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ৰঙানদী। লখিমপুৰত নৈপৰীয়া বাসিন্দাসকলৰ মাজত হাহাকাৰ। ৰঙানদীৰ ধলে ইতিমধ্যে উটুৱাই নিলে কেইবাখনো বাঁহৰ দলং। আন আন বহু প্ৰান্ততো দেখিবলৈ পোৱা গৈছে বানপানী।

১৩. হাজোৰ ঐতিহাসিক বিষ্ণু পুস্কৰত মৰিছে বহু মাছ। পানীত এমোনিয়াৰ পৰিমাণ অধিক আৰু অক্সিজেনৰ পৰিমাণ কমাৰ ফলতে মাছৰ মৃত্যু হোৱা বুলি মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।

১৪. গুৱাহাটীৰ ভঙাগড়ৰ দীনেশ ওজা পথ কনটেইনমেণ্ট জ'ন ঘোষণা। কামৰূপ জিলা প্ৰশাসনে পথটো ঘোষণা কৰিলে কনটেইনমেণ্ট জ'ন হিচাপে।

১৫. লকডাউনৰ সময়ত কঠোৰ হৈছে আৰক্ষী। আইন অমান্য কৰা গাড়ী জব্দ কৰিছে ২৮,৫০২ খন৷ গোচৰ ৰুজু হৈছে ২,৪১৩টা আৰু আটক কৰিছে ৪,৫২৬ জন লোকক।

১৬. কোৰোনা ৰোগীৰ বাবে খালী নাই মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ বিচনা। চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই সদৰি কৰিছে এই তথ্য। তেখেতে জনোৱা অনুসৰি হাস্পতালখনত এতিয়ালৈকে ১১২ গৰাকী কোৰোনাত আক্ৰান্ত ৰোগীক চিকিৎসাধীন কৰা হৈছে।

১৭. বলিউদ অভিনেতা মোহিত বাঘেলৰ মৃত্যু। ২৭ বছৰ বয়সত মৃত্যু হোৱা অভিনেতাগৰাকী দীৰ্ঘদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল।

১৮. ৰাজ্যৰ বাহিৰৰ পৰা অহা প্ৰতিজন লোকেই কেৰালাৰ Covid19Jagratha পৰ্টেলত কৰিব লাগিব নাম পঞ্জীয়ন। ৰাজ্যখনৰ চৰকাৰে দিছে এই নিৰ্দেশ।

১৯. পঞ্জাৱত আমফানৰ ফলত সৃষ্টি হোৱা বাট পথৰ পৰিৱেশ পৰিস্কাৰ কৰাৰ কামত নিয়োজিত হৈছে ভাৰতীয় সেনা। দেওবাৰে একেই কামতে ভাৰতীয় সেনাই কৰিব সহায়।

২০. মধ্যপ্ৰদেশৰ ইণ্ডোৰত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৭৫ গৰাকী লোক। জিলাখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩০০০ লৈ বৃদ্ধি। মৃত্যু ৮হৈছে ১১৪ গৰাকীৰ।

২১. L-2 আৰু L-3ৰ আইছ'লেশ্যন এৱাৰ্ডত কোনো লোকে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। উত্তৰ প্ৰদেশ চৰকাৰে দিছে এই নিৰ্দেশ।

২২. পুণেত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ২৬৯ গৰাকী লোক। মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫,৪৩৬ গৰাকীলৈ বৃদ্ধি।

২৩. ১৭৭ গৰাকী যাত্ৰীসহ মুস্কাতৰ পৰা কেৰালাত উপস্থিত বিশেষ বিমান। আইএক্স ৪৪২ বিমানখনে অৱতৰণ কৰে কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

২৪. পশ্চিম বংগত কোৰোনাত শনিবাৰে আক্ৰান্ত হৈছে মুঠ ১২৭ গৰাকী লোক। ইফালে ৬০ গৰাকী লোক আৰোগ্য হৈছে আৰু মৃত্যু হৈছে ৪ গৰাকী লোকৰ।

২৫. ৰাজস্থানত শনিবাৰে কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ২৪৮ গৰাকী লোক। ইফালে মৃত্যু হয় ৭ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in