১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১.উমা ভাৰতীক বিজেপিৰ উপাধ্যক্ষ ৰূপে নিযুক্তি। ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে নিযুক্তি দিয়ে ভাৰতীক। উমা ভাৰতী হৈছে গংগা পুনৰ নিষ্কাষণ আৰু জলসম্পদ মন্ত্ৰী।

২. 'ৰাহুল গান্ধীয়ে এই কথা জনাওঁক যে ২০০৪ চনৰ ৫৫ লাখৰ সম্পত্তি ২০১৪ চনত ৯ কোটি কেনেকৈ হ'ল' শনিবাৰে এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰে।

৩. মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভুপাল সংসদীয় সমষ্টিৰ পৰা । শনিবাৰে কৰিলে এই ঘোষণা।

৪. শনিবাৰে জম্মু-কাশ্মীৰৰ ডৌডাত ভূস্খলনত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ট্ৰাক। নিহত হয় ২ জন লোক।

৫. আফগানিস্তানত শনিবাৰে সংঘটিত হয় ২ টাকৈ বোমা বিস্ফোৰণ। নিহত হয় ৪ জনকৈ লোক।

৬. পাকিস্তানত শনিবাৰে খঁহি পৰিল এখন বিদ্যালয়ৰ চাঁদ। ৬ জন শিশুৰ সৈতে ৭জন লোকৰ মৃত্যু।

৭. বক্স অফিচত চুপাৰ হিট অক্ষয় কুমাৰৰ ছবি কেশৰী। মুক্তিৰ ২ টা দিনৰ অন্তত ছবিখনে উপেৰ্ঝন কৰিছে ৩৭.৭৬ কোটি টকা।

৮. মানকাচৰৰ বেঙেৰভিটাত বিধ্বংসী অগ্নিকাণ্ড। দুটা পৰিয়ালৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। কালাপানীৰ বেংগেৰভিটাত সন্ধিয়া সংঘটিত হৈছে এই ঘটনা।

৯. সতীৰ্থৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আলফা(স্বাধীন)ৰ। জাষ্টিন অসম ওৰফে নিজান পেগুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা। অনুশাসন তথা আচৰণবিধি উলংঘা কৰাৰ অভিযোগ পেগুৰ বিৰুদ্ধে।

১০. ত্ৰিপুৰাত NLFT কেডাৰৰ আত্মসমৰ্পণ। ঢলাই জিলাৰ আম্বাছাত আত্মসমৰ্পণ কেডাৰজনৰ। আত্মসমৰ্পণ কৰা কেডাৰজন শচীন্দ্ৰ ৰিয়াং।

১১.  'লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে ১০ৰ পৰা ১১খন আসন লাভ কৰিব।' এই মন্তব্য কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।

১২.  'কংগ্ৰেছক বংশবাদী দল। অসমত বিজেপি দলে ১০ খন আসন লাভ কৰিব' শিৱসাগৰত শনিবাৰে এই  মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

১৩. 'বৰ্তমানৰ সাংসদৰ নাম কাটিবলৈ ক'ত অধিকাৰ পালে?' সংবাদ মাধ্যমযোগে বিজেপিৰ ৰাজ্যিক কমিটীক এই প্ৰশ্ন আৰ পি শৰ্মাৰ।

১৪. শনিবাৰে মুক্তি পালে আহিবলগীয়া হিন্দী ছবি 'দে দে প্যাৰ দে'ৰ প্ৰথমখন পোষ্টাৰ। ১৭ মে'ত মুক্তি পাবলগীয়া এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগণে।

১৫. মালীত জেহাদীৰ আক্ৰমণ। নিহত হৈছে ৬০ জনৰো অধিক লোক।

১৬. পুলৱামাৰ শ্বহীদৰ পৰিয়ালক বি চি চি আইৰ আৰ্থিক সাহাৰ্য্য। শনিবাৰে ২০ কোটি টকাৰ চেক প্ৰদান কৰিলে বি চি চি আইৰ কৰ্তৃপক্ষই।

১৭. শনিবাৰে কংগ্ৰেছত যোগদান কৰিলে নৃত্যশিল্পী স্বপ্না চৌধুৰীয়ে। আগন্তুক নিৰ্বাচনত মথুৰাৰ পৰা আগবঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা।

১৮. উত্তৰ প্ৰদেশত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰে পৰা আতৰোৱা হৈছে ২৩ লাখৰো অধিক পোষ্টাৰ। জব্দ কৰা হৈছে ৯৭ কোটি টকাৰ সুৰা। উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বিষয়াই সংবাদমাধ্যমৰ সন্মুখত দাঙি ধৰিলে এই তথ্য।

১৯. '৫ বছৰৰ শাসনকালত  বিফল হ'ল মোডী চৰকাৰ' শনিবাৰে এই মন্তব্য কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

২০. মধ্যপ্ৰদেশৰ ইন্দোৰত ছোৱাইন ফ্লুৰ আতংক। বৰ্তমানৰলৈকে মৃত্যু হৈছে ৪১ জন লোকৰ।

২১. ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাডৰ্ছ। অভিনেতা ৰণবীৰ কাপুৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মানৰ বিপৰীতে আলিয়া ভট্টলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

২২. ৰাজস্থানত শুকুৰবাৰে নিশা আত্মহত্যা কৰে এগৰাকী মহিলা কনিষ্ঠবলে। আত্মহত্যাক কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত।

২৩. ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত শনিবাৰে ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি। শীঘ্ৰে বিধ্বস্ত পথ মেৰামতিৰ দাবী প্ৰতিবাদকাৰীৰ।

২৪.  সোণাৰিত বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত। টাউকাক বাগিচাত কৰ্মৰত অৱস্থাতে অতৰ্কিতে আক্ৰমণ মহিলাগৰাকীক। আহত মহিলাগৰাকী ৪০ বছৰীয়া জানকী কিষাণ।

২৫. গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ হোৱা লক্ষাধিক মাৰ্কিন ডলাৰক লৈ অব্যাহত আছে অনুসন্ধান। এনফৰ্ছমেণ্ট ডিৰেক্ট'ৰেটে দুই সৰবৰাহকাৰীক নিজৰ জিম্মাত লৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in