১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বিশ্বজুৰি Corona Virusৰ সন্ত্ৰাস। বৰ্তমানৰ লৈকে নিহত হৈছে ১৭ গৰাকীকৈ লোকৰ।

২. পুলৱামাত সন্ত্ৰাসবাদী আৰু সুৰক্ষাকৰ্মীপ মাজত সংঘৰ্ষ। নিহত ১ সন্ত্ৰাসবাদী।

৩. পাকিস্তানলৈ এটোপাল পানীও যাবলৈ দিয়া নহয়। বুধবাৰে পাঠানকোটত এই মন্তব্য কৰিলে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী Gajendra Singh Shekhawatতে।

৪. দেশৰ মুছলমান লোকসকলক কোনেও চুই চাবও নোৱাৰেঃ বুধবাৰে এই মন্তব্য কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

৫. শলঠেকত আণ্ডাৰৱৰ্ল্ড ডন চোটা ৰাজন। কাৰাগাৰত থকা অৱস্থাতে চি বি আইয়ে ৰুজু কৰিছে পুনৰ চাৰিটা গোচৰ।

৬. বুধবাৰে দেশৰ ২২ টি শিশুক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰে সাহসিকতা বঁটা। অসমৰ কমলকৃষ্ণ দাসে লাভ কৰে এই বঁটা।

৭. পশ্চিম বংগত অবৈধভাৱে প্ৰৱেশ কৰা ৭০ লাখ লোক আছে। ভোটাৰ লিষ্টৰ পৰা কটা হ'ব এই সকলোবোৰৰ নামঃ পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষে কৰিলে এই মন্তব্য।

৮. আফগানিস্তানত বুধবাৰে আত্মসমৰ্পণ কৰে ৪০ তালিবানীয়ে। বিগত কেইটামান দিনৰ ভিতৰত প্ৰায় ১৫০ তালিবানীয়ে কৰিছে আত্মসমৰ্পণ।

৯. ২০১০ৰ পৰা ২০১৯লৈ বিশ্বত হত্যা কৰা হৈছে ৮৯৪ গৰাকী সাংবাদিকক। ৰাষ্ট্ৰ সংঘই প্ৰকাশ কৰিছে এই তথ্য।

১০. নেপালৰ হোটেলত উদ্ধাৰ হৈছে ৪ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ। ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা।

১১. অন্যায়ৰ বিৰুদ্ধে সদায় যুজিঁম, বহি নাথাকো। বুধবাৰে বিজেপিক কটাক্ষ কৰি এই মন্তব্য কৰিলে ছোনীয়া গান্ধীয়ে।

১২. বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাচত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব জে পি নড্ডাই। আগ্ৰাত সম্বোধন কৰিব ৰেলী।

১৩. হিমাচলত প্ৰৱল তুষাৰপাত। বুধবাৰে তুষাৰপাতৰ ফলত বন্ধ হৈ পৰে ১৯৮ টাকৈ পথ।

১৪. কা বাতিলৰ দাবীত ক'হিমাৰ ৰাজভৱনৰ সন্মুখত বুধবাৰে সহস্ৰাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ।

১৫. বুধবাৰে সামৰণি পৰিল খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ। সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কিৰেণ ৰিজিজু, অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

১৬. হোষ্টেলত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। ফেব্ৰুৱাৰী ১০ তাৰিখৰ ভিতৰত ১০ মাহৰ বাবে ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ একাউন্টত প্ৰদান কৰা হ'ব ৭০০০কৈ টকা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা।

১৭. মন্ত্ৰী হিচাপে দায়িত্ব ল'লে মন্ত্ৰী সঞ্জয় কিষানে। বুধবাৰে জনতা ভৱনত পূজা কৰি দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে।

১৮. নিজ গৃহত NDFB(S)ৰ নেতা বি বিদাই। বাক্সা জিলাৰ মইনামাথা গাঁৱত বিদাইক আদৰিলে ৰাইজে।

১৯. গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতি। অসমৰ প্ৰতীকপটত অন্তৰ্ভুক্ত হ'ব বাঁহ, কাঁহ পিতলৰ সামগ্ৰী।

২০. নাগৰিকত্ব সংশোধনী আইনক লৈ বুধবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হয় প্ৰতিবাদ। কেবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পালন কৰিলে শ্ৰেণীবৰ্জন কাৰ্যসূচী।

২১. 'পাঠদানৰ সময়ত আন্দোলন কৰিব নোৱাৰিব কলেজ শিক্ষকে। বিদ্যালয় বন্ধ থকাৰ দিনা কৰিব পাৰিব প্ৰতিবাদ।' বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা।

২২. বুধবাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব প্ৰায় ৭শতাধিক উগ্ৰপন্থীয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পণ কৰিব কেবাটাও উগ্ৰপন্থী সংগঠনৰ নেতাই।

২৩. খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত বিকৃত কৰা হ'ল পেঁপাক। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠান স্থগিত ৰাখি পুনৰ পলমকৈ কৰিলে আৰম্ভ।

২৪. মাৰোৱাৰীৰ গুদামৰ পৰাহে বোলে আহিছিল চাচনিত ৰাইজে আছুক দিয়া ধান। ছ'চিয়েল মিডিয়াত বিজেপি নেতাৰ মন্তব্যক লৈ চাচনিবাসীৰ প্ৰতিবাদ। অপব্যাখ্যা বিয়পোৱা নেতাক গ্ৰেপ্তাৰৰ দাবী।

২৫. খেলো ইণ্ডিয়াৰ বক্সিঙত অসমৰ হৈ একমাত্ৰ স্বৰ্ণপদক অৰ্জন কৰিলে অংকুশিতা বড়োৱে। পল্টন বজাৰৰ ছাই প্ৰকল্পত অনুষ্ঠিত বক্সিঙৰ ৬৪ কেজি শাখাৰ ফাইনেলত হাৰিয়ানাৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাজিত কৰিলে অংকুশিতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in