১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. অসমতো বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। নিশাৰ লৈকে ২৫৯ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।

২. দিল্লীত আৰু ১৪টা নতুন এলেকা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা। ৰাজ্যখনত ৯২টাকৈ স্থান বৰ্তমানলৈ কন্টেইমেন্ট জ'ন হিচাপে চিহ্নিত কৰা হৈছে।

৩. শুকুৰবাৰে ৰাজস্থানৰ জয়পুৰত অৱতৰণ কৰে এখন বিশেষ বিমান। লণ্ডনৰ পৰা ১৪৯গৰাকী ভাৰতীয় কঢ়িয়াই অনা হয় বিমানখনত।

৪. দেশত ১,২৪,৪৬২জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তদুপৰি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৭১২জনৰ।

৫. শুকুৰবাৰে ওড়িশ্যা আৰু পশ্চিমবংগত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুয়োখন ৰাজ্যত আমফান ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়ক্ষতি পৰ্যবেক্ষণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৬. গুজৰাটৰ পৰা ২১ মে'লৈ ৬৯৯খন শ্ৰমিক বিশেষ ৰে'ল চলাচল কৰা হৈছে। এই ৰেল কেইখনত প্ৰায় ১০.১৫ লাখ প্ৰবাসী শ্ৰমিক স্বৰাজ্যলৈ ঘূৰি গৈছে। এই কথা জনালে গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

৭. এম ভুপাল ৰেড্ডীৰ বিৰুদ্ধে তেলেংগানা হাই কৰ্টে জাৰি কৰিছে জাননী। বিধায়কগৰাকীৰ জন্মদিনত সমবেশ ঘটাই লকডাউনৰ নিয়ম উলংঘা কৰাৰ বাবে এই জাজনী প্ৰেৰণ।

৮. হাৰিয়ানাত ১০৬৭জনলৈ বৃদ্ধি পালে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ ৩৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

৯. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জ'ন আব্ৰাহামে।

১০. গুজৰাটত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩৬৩জন লোক।ৰাজ্যখনত ১৩,২৭৩জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. মহাৰাষ্ট্ৰত শুকুৰবাৰে সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এদিনত ২৯৪০জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

১২. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত পুনৰ ২ জি ম'বাইল ইন্টাৰনেট সেৱা আৰম্ভ। যোৱা ১৯ মে'ৰ পৰা বন্ধ হৈ আছিল শ্ৰীনগৰত ইন্টাৰনেট সেৱা।

১৩. জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণ।চিআৰপিএফ আৰু আৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা।

১৪. তেলেংগানাত শুকুৰবাৰে ৬২জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত ১৭৬১জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. ৰাজস্থানত ৬৪৯৪জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যখনত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হয় ২৬৭জন লোক।

১৬. চেন্নাইৰ পৰা নগালেণ্ডত উপস্থিত হয় এখন বিশেষ ৰে'ল। প্ৰায় ১৪০০ৰো অধিক লোকক কঢ়িয়াই আনে ৰে'লখনত।

১৮. তিনিচুকীয়াত প্ৰথমজন COVID-19 পজিটিভ। আক্ৰান্ত যুৱকজন ধলাৰ শুভাংকৰ দহোটীয়া।চেন্নাইৰ পৰা আহি কোৱাৰেন্টাইনত আছিল যুৱকজন।

১৯. সম্প্ৰতি MMCHত কৰোনা চিকিত্সাৰ সকলো বিচনা ভৰ্তি। MMCHত ১২৬ গৰাকী ৰোগীৰ চিকিত্সাৰ ব্যৱস্থা কৰা হৈছিল।

২০. কৰোণাৰ সন্ত্ৰাস, লক ডাউন আৰু আমফানৰ সংহাৰৰ মাজতে গোৱালপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। নেৰানেপেৰা বৰষুণৰ মাজতে বৃহস্পতিবাৰে পুৱতি নিশা পুনৰ দুটা বনৰীয়া হাতীয়ে জিলাখনৰ ধুপধৰাৰ কুহিয়ামাৰীত ত্ৰাসৰ সৃষ্টি কৰে।

২১. কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীয়ূষ গোৱেললৈ পত্ৰ তৰুণ গগৈৰ। নিতৌ অসমলৈ চলাব লাগে ১৫খনকৈ ৰে'ল। অসমত বৰ্তমান নিয়মিতভাৱে চলিব মাথোঁ ৩খন ৰে'লহে।

২২. হাজোৰ ঐতিহাসিক বিষ্ণু পুস্কৰত পুনৰ মৰিল মাছ। বাৰে বাৰে পুখুৰীত হাজাৰ হাজাৰ মাছ মৰাত উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ।

২৩. দিহিং পাটকাই আৰু ডিব্ৰু ছৈখোৱা বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ অনুমোদনৰ পিছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। তিনিচুকীয়া, বিজনীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কয়লা মুক্ত খনন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ।

২৪. পাকিস্তানত বিমান দুৰ্ঘটনা, ৯৮ যাত্ৰীৰ মৃত্যুৰ আশংকা। কাৰাচীৰ বিমানবন্দৰৰ সমীপত এই দুৰ্ঘটনা।

২৫. ২৫ মে'ৰ ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত ৩৮৩ টা আকাশী পথেৰে বিমান সেৱা পুনৰ আৰম্ভ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in