১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৯৯জনলৈ পাইছে বৃদ্ধি।

২. বুধবাৰে অসমত সুস্থ হয় ১৫জন লোক। অসমত কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১৫২৭৭জনলৈ বৃদ্ধি পাইছে।

৩. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়। নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্টিৰ সংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

৪. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বিষ্ণুপুৰত এক নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপিক। মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে বাহিৰৰ পৰা গুণ্ডা লৈ আহি পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

৫. প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ।

৬. দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বুধবাৰে 'কা' বাতিলৰ দাবীত আছুৱে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে।

৭. বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। বিহপুৰীয়াৰ খামটি পথাৰত মোডীৰ বিশাল জনসভা। মিত্ৰজোঁটৰ প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোডীৰ। মিচিং ভাষাত অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী গৰাকীৰ।

৮. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত বুধবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত পথ সভা কাৰ্যসূচী পালন কৰে। 

৯. দেশত মহামাৰী কোৰোনাই পুনৰ সংহাৰীৰূপ ধাৰণ কৰিছে। সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে পুনৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে। সেয়েহে আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত  ৩০ এপ্ৰিল ২০২১ লৈকে বৃদ্ধি কৰিছে।

১০. দিল্লীত আকৌ ১২৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৫১২২৭জনলৈ পাইছে বৃদ্ধি।

১১. যি খেলুৱৈয়ে পৰাস্ত হোৱাৰ পাছত এম্পায়েৰক দোষ দিয়ে তেনে ধৰণৰ খেলুৱৈ বিজেপি নহয়।– এই মন্তব্য বিজেপি অধ্যক্ষ জে পি নড্ডাৰ।

১২. গুজৰাটত আকৌ ১৭৯০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু।

১৩. তামিলনাডুৰ চেন্নাইত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ১৮ লক্ষাধিক নগদ ধন সহ গ্ৰেপ্তাৰ কৰে লোক দুজনক।

১৪. কেৰালাত আকৌ ২৪৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। বুধবাৰে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু।

১৫. আমাৰ সেনা জোৱানসকলৰ সাহস আৰু ত্যাগৰ বাবে ৬৪ শতাংশ সন্ত্ৰাস কমিছে ভাৰতত।– এই ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

১৬. বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি মুকুল ৰয়ৰ নিৰাপত্তা বৃদ্ধি। তেওঁক ৱাই প্লাছৰ পৰা জেড কেটেগ'ৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে।

১৭. উত্তৰাখণ্ডত আকৌ ২০০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৮৮৮০জনলৈ পাইছে বৃদ্ধি।

১৮. কৰ্ণাটকত আকৌ ২২৯৮জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১২জন লোকৰ মৃত্যু।

১৯. ছণ্ডীগড়ত সকলো অংগনবাড়ী বন্ধৰ ঘোষণা। কোৰোনাৰ বৃদ্ধি হোৱা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে।

২০. উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। তেওঁৰ লগতে পৰিয়ালৰ মুঠ চাৰিজন লোক আক্ৰান্ত হয় এই ভাইৰাছত।

২১. কেৰালাৰ মালামপুঝাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ। দলটোৰ প্ৰাৰ্থী ই শ্ৰীধৰণৰ হৈ এই প্ৰচাৰ চলাই তেওঁ।

২২. সমুখত কেৰালা নিৰ্বাচন। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰে এনডিএপৰ নিৰ্বাচনী ইস্তাহাৰ।

২৩. তেলেগানাৰ হায়দৰাবাদত জব্দ কৰা হয় ২৫ কেজি ওজনৰ সোণ। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক।

২৪. হাৰিয়ানাত এইবাৰ সামুহিকভাৱে উদযাপন কৰা নহয় হ'লী। কোৰোনাৰ বাবে এই সিদ্ধান্ত লয় হাৰিয়ানা চৰকাৰে।

২৫. জম্মু-কাশ্মীৰক ৫জন অস্ত্ৰধাৰী লোকে চলাই গুলীচালনা। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অস্ত্ৰ্-শস্ত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in