১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৮৩৯জনলৈ বৃদ্ধি।

২. এপ্ৰিলত ভাৰতলৈ আহিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে । গনতন্ত্ৰ দিবসৰ মুখ্য অতিথি হোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰী গৰাকী । কোভিডৰ সংক্ৰমন পুনৰ বৃদ্ধিৰ বাবে গনতন্ত্ৰ দিবসত উপস্থিত থাকিব নোৱাৰিলে প্ৰধানমন্ত্ৰী গৰাকী।

৩. নৰেন্দ্ৰ মোডীয়ে অহা সপ্তাহত বাংলাদেশ ভ্ৰমন কৰিব । মোডীৰ এই ভ্ৰমণ কালত তিনিখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব ।

৪. বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ দ্বিতীয় সপ্তাহ সোমবাৰে আৰম্ভ হয় । ব্যক্তিকৰণৰ বিৰুদ্ধে বেংকৰ দুই দিনৰ ধৰ্মঘটৰ বিষয়টো মঙলবাৰে সদনত আৰম্ভণিতে উত্থাপন কৰা হয় ।

৫. পশ্চিমবংগত বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই ক্ষেত্ৰত আত্মবিশ্বাসী কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে তেওঁ জ্যোতিষী নহয় বুলিও মন্তব্য কৰে ।

৬. নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । নিমিষতে জ্বলি ছাই হৈ গ'ল তিনিটাকৈ পৰিয়ালৰ বাসগৃহ । ধংশস্তুপত পৰিনত হ'ল পাহাৰীয়া দেউৰী,আংগামী দেউৰী আৰু তিলক দেউৰীৰ বাসগৃহ ।

৭. কোকৰাঝাৰত সংবাদমেল যোগে ইউপিপিএলৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণা । ৮ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

৮. আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা মঙলদৈ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয় মঙলবাৰে সন্ধিয়া উদ্ধোধন কৰে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। 

৯. ৰাইজৰ দলৰ ৫জনীয়া প্রাৰ্থীৰ তালিকা ঘোষণা। জালুকবাৰী- হেমন্ত কুমাৰ সুত, তামুলপুৰ- নগেন চন্দ্র দাস, গৌৰীপুৰ- আব্দুল ৰেজ্জাক হুছেইন, ধুবুৰী- ৰছুল হক, দক্ষিণ শালমৰা- নজৰুল ইছলাম।

১০. মঙলবাৰে অসমত সুস্থ হয় ২১জন লোক। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬৬জন ৰোগী।

১১. প্রদানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাব বাংলাদেশ ভ্ৰমণলৈ। অহা ২৬ আৰু ২৭ মাৰ্চত বাংলাদেশতে থাকিব প্ৰধানমন্ত্ৰী মোডী।

১২. পুনেত আকৌ ৩৫৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১২জনৰ মৃত্যু।

১৩. মুম্বাইৰ গুৰগাঁৱৰ এটা গুডামত অগ্নিকাণ্ড। ৮খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

১৪. সন্মুখত ২০২১ৰ কেৰালা বিধানসভা নিৰ্বাচন। কংগ্ৰেছে মঙলবাৰে ঘোষণা কৰে ৬জনীয়া প্ৰাৰ্থীৰ তালিকা।

১৫. পঞ্জাৱত আকৌ ১৪৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০১০৩৬জনলৈ পাইছে বৃদ্ধি।

১৬. কেৰালাত ১১৩৫জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৬২৩৩৯জনলৈ পাইছে বৃদ্ধি।

১৭. জম্মু-কাশ্মীৰৰ ছাম্বা ছেক্টৰত বিএছএফৰ অভিযান। বিএছএফৰ গুলীবৰ্ষণত নিহত এটা সন্ত্ৰাসবাদীৰ।

১৮. পঞ্জাৱৰ ৰূপনগৰত জিলাত সান্ধ্য আইন জাৰি। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি থাকিব সান্ধ্য আইন।

১৯. প্ৰাক্তন কংগ্ৰেছ নেতা পি চি চাকোই যোগ দিলে নেশ্যনেল কংগ্ৰেছ পাৰ্টীত। শৰদ পাৱাৰ উপস্থিতিত যোগ দিয়ে দলটোত তেওঁ।

২০. হিমাচলপ্ৰদেশৰ ছিমলাত আৰক্ষীৰ অভিযান। জব্দ প্ৰায় ২ কেজি ওজনৰ অপিয়াম আৰু এজনক গ্ৰেপ্তাৰ।

২১. তামিলনাডুত আকৌ ৮৬৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৬১৪২৯জনলৈ পাইছে বৃদ্ধি।

২২. কেৰালাত মঙলবাৰে আকৌ ১৯৭০জন লোকৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬১২৭জন ৰোগী।

২৩. শিৰোমণি আকালী দলৰ সভাপতি সুখবীৰ সিং বাদলৰ দেহত ধৰা পৰিছে কোভিড-১৯। টুইটাৰযোগে এই কথা খোদ কৰিলে তেওঁ।

২৪. দিল্লীত আকৌ ৪২৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৪৪৪৮৯জনলৈ পাইছে বৃদ্ধি।

২৫. মঙলবাৰে কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত আয়োজিত হয় এক সংবাদমেল। এই সংবাদমেলত বিপিএফৰ অন্তিম তালিকা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in