১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. এন এছ চি এনৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰণত শনিবাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জেনেৰেল খোলে কন্যাকৰক। নগা আৰ্মীয়ে শূন্যলৈ গুলী নিক্ষেপ কৰি সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় তেওঁক।

২.নুমলীগড়ৰ দৈগ্ৰুঙত ৰাখি থোৱা এটা ড্ৰামত দ্ৰুতবেগী বাইকৰ খুন্দা। দুৰ্ঘটনাত পলাশ গগৈ নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে আহত হয় সমীৰণ বড়ো নামৰ এজন লোক।

৩. বুলন্দচহৰ হত্যাকাণ্ডৰ চাঞ্চল্য বৰ্তমানেও মাৰ যোৱা নাই। শনিবাৰে ৪জনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰৰ পূৰ্বেও ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

৪. ৭জনকৈ নিৰীহ লোকে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱাৰ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকৰ বৈঠক। এই বৈঠকত জম্মু-কাশ্মীৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে উক্ত ঘটনা সন্দৰ্ভত আলোচনাত মিলিত হয়।

৫. তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰত নৱম আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ শনিবাৰে আৰম্ভ হয়। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক এইচ এছ শিৱপ্ৰকাশে মুকলি কৰা অনুষ্ঠানটোত প্ৰদৰ্শিত হ'ব দেশ-বিদেশৰ ৮খনকৈ নাটক।

৬. ইংলেণ্ডক পৰাস্ত কৰি শনিবাৰে হকী বিশ্বকাপৰ ছেমি ফাইনেলত বিজয় সাব্যস্ত কৰে বেলজিয়ামে। ইংলেণ্ডক ৬-০ গ'লত পৰাস্ত কৰি উৎফুল্লিত হৈ পৰে বেলজিয়ামৰ খেলুৱৈসকল।

৭. পূৰ্বৰ তুলনাত পঞ্চায়ত নিৰ্বাচনত কাছাৰত বিজেপিৰ স্থিতি সবল হৈছে। শনিবাৰে কাছাৰ জিলা বিজেপিয়ে এক সংবাদমেলযোগে এই ঘোষণা কৰি ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

৮. মহানগৰীৰ হোটেল ভিভান্টা বাই তাজত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ইষ্ট ইণ্ডিয়া ফেশ্বন উইক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে এই অনুষ্ঠানৰ।

৯. গোৱালপাৰাৰ লক্ষীপুুুুৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ৫টাকৈ দুৰ্ধৰ্ষ বাইক চোৰক। বাইক চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৯খনকৈ চুৰি বাইক।

১০.শনিবাৰে নলবাৰীৰ মুগকুচিত ৱেগ'নাৰ আৰু বাইক মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।

১১. 'নুৰজামাল সৰকাৰে ব্যক্তিগত আক্ৰোশৰ বাবে মোৰ পদত্যাগৰ দাবী তুলিছে। যদি ৰাহুল গান্ধীয়ে নিৰ্দেশ দিয়ে তেন্তে মই এক ছেকেণ্ডত পদত্যাগ কৰিম।'- শনিবাৰে এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

১২. '২০২১ত আমি শাসনলৈ আহিম। পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিলে বিজেপিত খহনীয়া আৰম্ভ হৈছে। হিমন্ত নিজেই অচল হৈ যাব।'- শনিবাৰে সংবাদমেলত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ এই মন্তব্য কৰে তৰুণ গগৈয়ে।

১৩.বাংগালুৰুত অনুষ্ঠিত অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং বেডমিন্টনৰ ছিংগলছ শাখাত চেম্পিয়নছৰ খিতাপ অসম কন্যা অস্মিতা চলিহালৈ। এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক পৰাস্ত কৰি এই খিতাপ লাভ কৰে তেওঁ।

১৪.'কংগ্ৰেছৰ কাৰণে ধনেই সকলো। শাসনকালত দেশখনক অৰ্থনৈতিকভাৱে কোঙা কৰিলে কংগ্ৰেছ চৰকাৰে।'- এই মন্তব্য শনিবাৰে প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৫. অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত বিগত দুটা দিনত হ'ব পাৰে প্ৰবল বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই কৰিলে এই ঘোষণা।

১৬.শ্ৰীলংকাৰ ৰাজনৈতিক সংকট। শনিবাৰে প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপক্ষেই কৰিলে পদত্যাগ।

১৭.'ভাৰত চৰকাৰে মোৰ ঋণৰ ওপৰত গুৰুত্ব দিয়া নাই। মোক ভাৰতবৰ্ষকৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰতহে গুৰুত্ব দিছে।'- শনিবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰিলে বিজয় মালিয়াই।

১৮.'দেশত কৃষকৰ আত্মহত্যাৰ বাবে সম্পূৰ্ণৰূপে দায়ী মোডী চৰকাৰ।'- সংবাদমাধ্যমৰ সন্মুখত শনিবাৰে এই মন্তব্য কৰিলে হিন্দুত্ববাদী নেতা প্ৰবীণ তেগৰীয়াই

১৯. উত্তৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতী গাড়ী আৰু ছাফাৰীৰ মাজত সংঘটিত হয় সংঘৰ্ষ। এই দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে ৪জনকৈ লোক গুৰুতৰভাৱে আহত।

২০.হাৰিয়ানাৰ ৰেৱাৰী-ৰোহতক ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় দুজনকৈ লোক।

২১. ২০১৯ চনৰ ৮ মাৰ্চত সমগ্ৰ দেশত মুক্তি পাব সুজয় ঘোষৰ পৰিচালিত হিন্দী ছবি 'বদলা'। ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন আৰু তাপচ্চী পাণ্ডুৱে।

২২. তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ভাৰতত উপস্থিত হ'ব মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ সোলিহ। সোমবাৰে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এক বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰপতিগৰাকী।

২৩. 'প্ৰধানমন্ত্ৰী হিচাপে মোডীৰ সমপক্ষ বৰ্তমান কোনো ব্যক্তি নাই।'-বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৰিলে এই মন্তব্য।

২৪. 'ৰাফেল ক্ৰয়ক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰি ইটো কথা প্ৰমাণ কৰিছে যে, দেশৰ সুৰক্ষাৰ ওপৰত কংগ্ৰেছৰ অলপো গুৰুত্ব নাই।'- কেন্দ্ৰী মন্ত্ৰী প্ৰকাশ যাৱেদকাৰে কৰিলে এই মন্তব্য।

২৫. আৰু, ২০১৯ৰ পহিলা দিনটোতেই অসমৰ ছবিগৃহত মুক্তি পাব মিৰাজ আৰিফ হাজৰিকাৰ ছবি 'অস্তিত্ব'।ছবিখনত অভিনয় কৰিছে অসমৰ কেবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in