১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ত্ৰিপুৰা সীমান্তত আটক সন্দেহজনক ৰোহিংগীয়া। সীমান্তৱৰ্তী চুড়াইবাড়ীত ৩০গৰাকী ৰোহিংগীয়াক আটক। ধৃত ১২টি শিশুসহ ৯গৰাকীকৈ পুৰুষ আৰু মহিলা।

২. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়- 'মই দাৰ্জিলিঙত শান্তিপূৰ্ণ পৰিৱেশ বিচাৰো। মই পাহাৰীয়া অঞ্চলসমূহৰ সকলো অসুবিধা সমাধান কৰিব বিচাৰো। আৰু ইয়াৰ বাবে দিল্লীৰ অনুমতিৰ বাবে অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই।'

৩. ২০১৯ৰ ২১ জানুৱাৰীলৈ ৰাজস্থানত মুঠ ১০২জন লোক আক্ৰান্ত হৈছে ছুৱাই ফ্লুত। ইয়াৰোপৰি জয়পুৰত ৪৭জন আৰু গংগানগৰত আক্ৰান্ত হৈছে ৭জন।

৪. জম্মু-কাশ্মীৰৰ জিনপঞ্চালত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত বৰ্তমানলৈ ৩টা সন্ত্ৰাসবাদী নিহত। বৰ্তমানেও অঞ্চলটোত অব্যাহত ৰখা হৈছে সন্ত্ৰাসবাদ বিৰোধী অভিযান।

৫. ভেদোদাৰাৰ ৰামনাথ গাঁৱত বন বিভাগে সোমবাৰে উদ্ধাৰ কৰে দুডাল প্ৰকাণ্ড অজগৰ। জব্দ কৰা সাপ দুডালক উদ্ধাৰ কৰাৰ পাছত জংঘলৰ মাজত এৰি দিয়ে বন বিভাগে।

৬. দেহৰাডুনৰ পাছত মিৰুটত জিলা প্ৰশাসনে বতৰৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে বন্ধ দিছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহ।

৭. অভিনেতা আদিত্য পঞ্চালীৰ বিৰুদ্ধে সোমবাৰে বাৰ্ছোভা আৰক্ষী থানাত গোচৰ ৰুজু। এজন মেকানীকে বাহনৰ মেৰামতিৰ বিনিময়ত ধন বিচৰা সময়তে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ।

৮. উত্তৰাখণ্ডত তুষাৰপাত। ৰাজ্যখনৰ কেদাৰনাথ মন্দিৰৰ চৌদিশে তুষাৰপাতৰ ফলত বৰফে আৱৰি ধৰে সোমবাৰে।

৯. ৰঙিয়া ৰে'ল ষ্টেচনত নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ পৰা আৰ পি এফ জোৱানে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। এটা ক'লা বেগত লুকুৱাই ৰখাৰ সময়তে জব্দ প্ৰায় ১৮ কিঃগ্ৰাঃ গাঞ্জা।

১০. শিৱসাগৰ কুকুৰাপহিয়াৰ দৰিকা দলঙত স্কুটিৰ খুন্দা পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত ইলতাফুৰ ৰহমান নামৰ এজন যুৱক।

১১. জাগীৰোডৰ পশ্চিম নগাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰুতি এ ষ্টাৰ আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত শিশু-মহিলাসহ ৫জন যাত্ৰী৷

১২. তেজপুৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ। অনুষ্ঠানত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ কথা কলে জুবিল গাৰ্গে।

১৩. চন্দ্ৰত গৱেষণাৰ বাবে নাছাৰ নতুন পৰিকল্পনা। শীঘ্ৰেই চীনৰ সৈতে মিলি কাম কৰিব নাছাই।

১৪. মু্ক্তি পালে বলিউদৰ ছবি 'টোটেল ধামাল'ৰ ট্ৰেইলাৰ। ২২ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব এই ছবিখন। মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগান, অনিল কাপুৰ, মাধুৰী দীক্ষিতে।

১৫. ধুবুৰীৰ গৌৰীপুৰত দ্ৰুতবেগী বাইক নিয়ন্ত্ৰণ হেৰুৱাই সোমাল ট্ৰাকৰ তলত। দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ লগতে হাস্পতালত মৃত্যু আন এজনৰ।

১৬. ৰঙিয়াৰ মিল ৰোডত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪জন লোক।

১৭. মুকালমুৱাত বিদ্যুৎস্পৃষ্ট হৈ চামচুল আলী নামৰ এজন লোকৰ মৃত্যু। দমকল উঠাই থকাৰ সময়তে দমকলৰ পাইপ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় লোকজনৰ।

১৮. 'মোদীৰ এজেন্ট হিচাপে কাম কৰি আছে আৰ এছ এছে।'- সোমবাৰে এই মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

১৯. নাগৰকিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। সোমবাৰেও কেইবাটাও সংগঠনে চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

২০. জম্মু-কাশ্মীৰত তুষাৰপাত। ৰাজ্যখনৰ পিৰ পঞ্জল পাহাৰীয়া অঞ্চলত তুষাৰপাতৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত চলাচল।

২১. সোমবাৰে হঠাৎ পৰিবহণ বিভাগে বেলতলা-বশিষ্ঠ পথত যান-বাহনত চলালে অভিযান। অভিযানত জব্দ নথিৰ বিসংগতিযুক্ত ৬খন চিটিবাছ।

২২. বনৰীয়া ম'হৰ আক্ৰমণত জুৰীয়াত সোমবাৰে আহত তিনিজন লোক। আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ।

২৩. ২৩ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ খিলঞ্জীয়াৰ বজ্ৰনীনাদ কাৰ্যসূচী। সকলোকে এই অনুষ্ঠানত সঁহাৰি জনাবলৈ আহ্বান সংগঠন কেইটাৰ নেতৃত্বৰ।

২৪. বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুঃৰ্ব্যৱহাৰৰ অভিযোগ বিজনী মহকুমাৰ আৰক্ষীৰ বিষয়া ধ্ৰুৱজ্যোতি নাথৰ বিৰুদ্ধে। ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া।

২৫. 'নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ আৰ এছ এছৰ অজেণ্ডা'- সোমবাৰে এই মন্তব্য কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in