১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৭৪০৬জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা।

২. শিলচৰৰ কালাইনত ড্রাগছৰ বিৰুদ্ধে অভিযান স্পেচিয়েল টাস্ক ফ'ৰ্চৰ। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ। ১৩টা ব্রাউন ছুগাৰৰ পেকেট জব্দ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ।

৩.  ৰন্ধন গেছ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰতিবাদ। সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে ৰন্ধন গেছ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰত গেছৰ চিলিণ্ডাৰলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।

৪. অসমৰ চিত্ৰ শিল্প জগতৰ মহীৰূহস্বৰূপ আদ্য শৰ্মাৰ মৃত্যু দিনটো সোমবাৰে নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত 'জীৱন শিল্পী দিৱস' হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি নলবাৰী আৰ্ট স্কুলে প্ৰতিবছৰে প্ৰদান কৰি অহা 'জীৱন শিল্পী আদ্য শৰ্মা বটাঁ-২০২১' প্ৰখ্যাত পুতলা নাচৰ শিল্পী নলবাৰী জিলাৰ বাহঁজানী অঞ্চলৰ গোসাঁইখাট চুবুৰিৰ গোবিন্দ তালুকদাৰক আগবঢ়োৱা হয়। 

৫. ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শনিবাৰে ৰাজ্যত কোভিড-১৯ বিৰোধী যুঁজত আছাম ডাউন টাউন বিশ্ববিদ্যালয়ে লোৱা ভূমিকাৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই প্রশংসা পত্ৰ।

৬. বিগত বৰ্ষৰ দৰে এইবাৰো পূৰ্ৱোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চই উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ সাহিত্য, সাংবাদিক আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক বিশেষ ভাৱে সন্মান জনাই আহিছে। 

৭. অসমত সোমবাৰে কোৰোনাত আক্ৰান্ত এজন লোকৰো মৃত্যু নহয়। যি এক ভাল খবৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি।

৮. প্রধানমন্ত্ৰী মোডীক ২০১৪ আৰু ২০১৬চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আগেয়ে পূৰণ কৰিবলৈ আহ্বান জনালে অসম জাতীয় পৰিষদে। এক বিবৃতিত দলটোৱে কয়- প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণৰ সময়ত নতুন নতুন প্ৰতিশ্ৰুতিৰে মানুহক সপোন দেখুওৱাটো অভ্যাসত পৰিণত হৈছে।

৯. লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট নাট্যকাৰ, প্ৰতিমা বৰুৱা পাণ্ডে বঁটাপ্ৰাপক বিনোদ খনালে এটি গুৰু বন্দনাৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাখনি বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি উদয় নাৰায়ণ গৌতমৰ সঞ্চালনাত অনুষ্ঠিত হয়৷

১০. ৰাজ্যত সোমবাৰে সুস্থ হয় ১৮জন লোক। এতিয়ালৈকে অসমত সুস্থ হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা ২১৪৭১২জনলৈ বৃদ্ধি পাইছে।

১১. ৱেষ্টাৰ্ণ ৰে'লৱেয়ে ২২০০ পেছেঞ্জাৰক মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহা হৈছে। ১ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ এই সকলোসকলক জৰিমনা বিহা হৈছে।

১২. ন্যায়াধীশ ছিংগাপুৰাম ৰাঘৱচাৰ কৃষ্ণ কুমাৰক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি প্ৰদান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিয়োগ কৰে তেওঁক।

১৩. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ডেৰ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।

১৪. সোমবাৰৰ সন্ধিয়া ৬ বজালৈকে ১১৪২৪০৯৪জন লোক কোভিড ভেকচিন প্ৰদান কৰা হছে। এই কথা সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

১৫. উত্তৰাখণ্ডৰ জলপ্ৰলয়ত আৱদ্ধ সকলৰ বাবে অব্যাহত উদ্ধাৰ অভিযান। বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৬৮টা মৃতদেহ।

১৬. বাঘপাটত দুই ফৈদৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষৰে জড়িত ৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

১৭. অন্ধ্ৰপ্ৰদেশত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৭১জন লোক সুস্থ হৈছে।

১৮. পশ্চিমবংগত সোমবাৰে উপস্থিত প্ৰধানমন্ত্ৰী মোডী। তেওঁৰ সমৰ্থনত বহুজনে বন্দে মাতাৰম আৰু ভাৰত মাতা কী জয় ধ্বনি দিয়ে।

১৯. কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক। কোভিড-১৯ৰ টীকাকৰণ সন্দৰ্ভত এই বৈঠক।

২০. দিল্লীত আকৌ ১২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত এজনৰ মৃত্যু।

২১. কেৰালাৰ ৱাইনাডত ৰাহুল গান্ধীৰ নেতৃত্বত ট্ৰেক্টৰ ৰেলী। শ শ লোকে অংশগ্ৰহণ কৰে এই ট্ৰেক্টৰ ৰেলীত।

২২. ২২ ফেব্ৰুৱাৰীৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব চিন্তন দিৱস। একতা বিষয়বস্তু লৈ এই বৰ্ষত পালন কৰা হয় এই দিৱসটি।

২৩. নলবাৰীৰ মুকালমুৱাস্থিত দেশভক্ত ময়দানত পঢ়ুৱৈৰ উদ্যোগত অনুষ্ঠিত মুকালমুৱা মহকুমা গ্ৰন্থমেলাত প্ৰদান কৰা হয় এই বটাঁ। ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা গ্ৰন্থ মেলাৰ সামৰণিৰ দিনা অনুষ্ঠিত মুকলি সভা আৰু বটাঁ বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। বঁটাত আছে এখন চেলেং চাদৰ, গামোচা,জাপি আৰু অভিনন্দন পত্ৰ।

২৪. দেওবাৰে মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে মাজুলীত অনুষ্ঠিত ৰাজহুৱা সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বলিউড অভিনেতা বিবেক অবেৰয়ে ঘোষণা কৰে যে তেওঁ লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰিব।

২৫. সোমবাৰে হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। অনুৰাগী সকলৰ বহু প্ৰতীক্ষাৰ অন্তত কেমেৰাত নহয় বাস্তৱত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in