১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ২১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৩৩০জনলৈ পাইছে বৃদ্ধি।

২. দেশত বিভিন্ন প্ৰান্তত পেট্ৰ'লৰ মূল্যই অতিক্ৰম কৰিলে ১০০ টকাৰ ঘৰ। মূল্যবৃদ্ধিৰ বাবে পূৰ্বৰ চৰকাৰক দোষ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩. ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে আয়োজন হ'ল আলি আঃয়ে লৃগাং। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪. কাজিৰঙাত গড়ৰ আক্ৰমণত প্ৰাণ গ'ল বনকৰ্মীৰ। নিহত লোকজনৰ নাম টিপু চাহু বুলি জানিব পৰা গৈছে।

৫. নিৰ্বাচনৰ পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰক লৈ বিজেপি চৰকাৰে ঘোষণা কৰিলে অভিলাষী আঁচনি। ব্ৰহ্মপুত্ৰত জল পৰিবহন সুচল কৰিবলৈ ৪খন ৰোপেক্সৰ সেৱা। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত দলং দুখন পাব অসমৰ ৰাইজে।

৬. আৰক্ষীয়ে সেৱন কৰিব নোৱাৰিব সুৰা। সুৰা সেৱন কৰি ধৰা পৰিলে হেৰুৱাব লাগিব চাকৰি। কঠোৰ নিৰ্দেশ চৰকাৰৰ।

৭. ২২ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ'ব লোকেল ৰেলসেৱা। লক'ডাউনৰ বাবে বন্ধ আছিল বহু ৰেল সেৱা । ৭০ খনকৈ ৰে"ল সাজু।

৮. কাৰ্বি পাহাৰত আনন্দৰ বন্যা । বুধবাৰৰে পৰা আৰম্ভ হ'ল ৪৭ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ।

৯. ৰাজ্যত ৪.৭ প্ৰাবল্যৰ ভূমিকম্প। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ।

১০. বুধবাৰে অসমত সুস্থ হৈছে ১৩জন লোক। এতিয়াও ৰাজ্যখনত চিকিৎসাধীন হৈ আছে ২৬৫জন কোৰোনাত আক্ৰান্ত লোক।

১১. বৃহস্পতিবাৰে আঞ্চলিক গণ মৰ্চাৰ গুৰুত্বপূৰ্ণ সংবাদমেল। গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত হোটেল লিলিত আয়োজন কৰা হ'ব এই সংবাদমেলৰ। এই সংবাদমেল সম্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

১২. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিশ্ব-ভাৰতীৰ সমবেত অনুষ্ঠান সম্বোধন কৰিব।  তেওঁ অহা ১৯ ফেব্ৰুৱাৰীত ১১ বজাত সম্বোধন কৰিব এই অনুষ্ঠানটি।

১৩. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত স্থানীয় যুৱক। চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত যুৱকজনক।

১৪. কৰ্ণাটকত আকৌ ৩৭৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৪৬৪৫৪জনলৈ বৃদ্ধি।

১৫. চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ ১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯২২৩জনলৈ বৃদ্ধি।

১৬. এনআইএ-য়ে ১১টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জাৰি কৰিছে অভিযোগনামা। জামাত-উল-মুজাহিদ্দীন বাংলাদেশৰ সৈতে জড়িত এই সন্ত্ৰাসবাদী কেইটা।

১৭. পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়াণাস্বামীয়ে সাক্ষাৎ কৰে ৰাজ্যখনৰ এল জি ড০ তামিলিছাই ছাউনদৰাৰাজানক। ৰাজ ভৱনত সাক্ষাৎ কৰে তেওঁক।

১৮. ৰাজস্থানত আকৌ ১০১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩১৯১৬৬জনলৈ পাইছে বৃদ্ধি।

১৯. মহাৰাষ্ট্ৰত আকৌ ৪৭৮৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৪০জনৰ মৃত্যু।

২০. বুধবাৰৰ সন্ধিয়া ৬ বজালৈকে ২৬৬৪৯৭২জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।

২১. উত্তৰাখণ্ডৰ জলপ্ৰলয়ৰ পাছত অব্যাহত আছে উদ্ধাৰ অভিযান। এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ৫৮টা মৃতদেহ।

২২. তামিলনাডুত আকৌ ৪৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৪৬৪৮০জনলৈ বৃদ্ধি পাইছে।

২৩. কেৰালাত যোৱা ২৪ ঘন্টাত ৪৮৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৬জনৰ মৃত্যু।

২৪. অন্ধ্ৰপ্ৰদেশত আকৌ ৫১জন লোক কোৰোনাত আক্ৰান্ত। এতিয়ালৈকে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮৯০১০জনলৈ বৃদ্ধি।

২৫. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছত প্ৰচণ্ড তুষাৰপাত। শুভ্ৰ বৰফৰ আচ্ছাদনে ঢাকিছে টেক্সাছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in