১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ২১ জুনত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'কবিৰ খান'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰা শ্বাহিদ কাপুৰে।

২. ভুপালত বিজেপি বিধায়ক ৰামেশ্বৰ শৰ্মাসহ স্থানীয় ৰাইজৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। বৈদ্যুতিক বিল অধিক হাৰত বৃদ্ধি পোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ।

৩. বৃহস্পতিবাৰে পুনৰ মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং। দলংখনত সৃষ্টি হোৱা বৃহৎ বৃহৎ ফাঁটৰ মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হৈছিল দলংখন।

৪. পাটনাৰ সন্তোষ পাণ্ডেৰ বাসগৃহত এন আই এৰ অভিযান। সন্তোষ পাণ্ডে লোক জনশক্তি পাৰ্টিৰ নেতা সুনীল পাণ্ডেৰ ভাতৃ।

৫. গুৱাহাটীত বাংলাদেশী নাগৰিক আটক। নাগৰিকজনৰ নাম সুমন মিঞা।

৬. বাংগালুৰুত আই এম এৰ অভিযান। পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ চলোৱা অভিযানত জব্দ ৩০ কেজি সোণ, ২৬০০ কেৰেট হীৰা আৰু ৪৫০ গ্ৰাম ৰূপ।

৭. কৰ্ণাটক পলিউচন কন্ট্ৰল বৰ্ডৰ শ্বেয়াৰমেন হিচাপে কংগ্ৰেছ বিধায়ক সুধাকাৰ কেক নিযুক্ত। জে ডি (এছ) আৰু কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰে নিযুক্তি দিয়া বিধায়কগৰাকীক।

৮. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামী কালাবুৰাগী অভিমুখে ৰাওনা। কালাবুৰাগীস্থিত নিজ বাসগৃহলৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকী।

৯. লুধিয়ানা আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা জব্দ ৬ কেজি ওজনৰ নিচাজাতীয় সামগ্ৰী।

১০. মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি। মুজাফ্ফৰপুৰৰ এছ কে এম চি হাস্পতালত ১০১জন আৰু কেজৰিপাল হাস্পতালত ২০জনৰ মৃত্যু এই অচিন ৰোগত আক্ৰান্ত হৈ।

১১. 'কুল্লুত বাছ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃত্যু হোৱা ঘটনা বৰ দুখজনক। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে। আৰু আশা কৰিছো আহতসকল কম সময়ৰ ভিতৰত সুস্থ হ'ব।'- হিমাচলপ্ৰদেশৰ কুল্লুত দ' খাৱৈত বাগৰি বাছ দুৰ্ঘটনা সন্দৰ্ভত এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

১২. ৩ জুনত অৰুণাচলপ্ৰদেশত সন্ধানহীন হোৱা এ এন ৩২ বিমান দুৰ্ঘটনাত নিহত ১৩গৰাকী বিষয়া-কৰ্মচাৰীক শ্ৰদ্ধাঞ্জলি জনাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব নিহত ১৩গৰাকী বায়ু সেনাৰ বিষয়া-কৰ্মচাৰীক।

১৩. বৃহস্পতিবাৰে টিডিপিৰ ৰাজ্যসভাৰ সাংসদ ৱাই এছ চৌধৰী, টি জি ভেংকতেশ আৰু মুখ্যমন্ত্ৰী ৰমেশৰ পদত্যাগ। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

১৪. ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বৃহস্পতিবাৰে সাক্ষাৎ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক। গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে দুয়োগৰাকী নেতাই।

১৫. পঞ্জাৱৰ লুধিয়ানাত বৃহস্পতিবাৰে বৃষ্টিপাত। বৰষুণৰ বাবে গৰমৰ পৰা কিছু পৰিমানে সকাহ পাইছে সৰ্বসাধাৰণ ৰাইজে।

১৬. 'মই প্রধানমন্ত্ৰীৰ নৈশ ভোজন অনুষ্ঠানলৈ নাযাওঁ। মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুসকলৰ বাবেই উপস্থিত নাথাকিম এই অনুষ্ঠানত।'- এই মন্তব্য আৰ জে ডি নেত্ৰী মিছা ভাৰতীৰ।

১৭. মহাৰাষ্ট্ৰৰ থানে এলেকাত বিধ্বংসী অগ্নিকাণ্ড। ৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।

১৮. অন্ধ্ৰপ্ৰদেশত বৃহস্পতিবাৰে টিডিপি সদস্যসকলৰ গুৰুত্বপূৰ্ণ বৈঠক। কাকিনাডাত প্ৰাক্তন বিধায়ক থোতা ত্ৰিমুৰথুলুৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৈঠক।

১৯. জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ শ্বাহপুৰ অৰণ্যত বিধ্বংসী অগ্নিকাণ্ড। বৰ্তমানলৈ কোনো লোক এই অগ্নিকাণ্ডত হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

২০. 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শুকুৰবাৰে ৰাঞ্চীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে প্ৰায় ৩৫হাজাৰ লোকো উপস্থিত থাকিব।'- এই কথা জনায় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে।

২১. পশ্চিমবংগৰ ভাটপাৰাত দুই ফৈদৰ মাজত সংঘৰ্ষ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা আৰক্ষীয়ে কৰে লাঠিচালনা।

২২. শিলিগুৰিত ৰাজহ চোৰাংচোৱা বিভাগে গ্ৰেপ্তাৰ কৰে ৪জন লোকক। বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে লোক কেইজনৰ পৰা।

২৩. দিল্লীৰ নিজামুদ্দিন এলেকাত এগৰাকী মহিলাক হত্যা কৰাৰ লগতে মহিলাগৰাকীৰ পতিৰ ওপৰতো আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

২৪. বৃহস্পতিবাৰে কলাগুৰু বিষ্ণু ৰাভালৈ ৰাজ্যবাসীৰ সশ্ৰদ্ধ প্ৰণিপাত। শিল্পীগৰাকীৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যত অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচী।

২৫. 'কলাক্ষেত্ৰৰ আৰ্হিত গঢ়ি তোলক ৰাভাৰ সমাধি।' এই মন্তব্য কৰিছে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in