১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. পাটনাৰ বুুধা কলনিত ৰহস্যজনক ঘটনা। কিশোৰীৰ মৃতদেহ উদ্ধাৰ এলেকাটোৰ এটা অট্টালিকাৰ তলত। এয়া আত্মহত্যা নে হত্যাকাণ্ড সেই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

২. শনিবাৰে পঞ্জাৱৰ দুখন লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ। ফিৰোজপুৰ সমষ্টিৰ পৰা শ্বেৰ সিং গুভায়া আৰু ভটিণ্ডা সমষ্টিত অমৰিন্দৰ সিং ৰাজাই আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

৩. শনিবাৰে বিত্ত মন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰে জেট এয়াৰৱেইজৰ কৰ্মচাৰীসকলে। বিত্ত মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে কৰ্মচাৰীসকলে।

৪. 'দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত আমাৰ সকলো বিৰোধীয়ে ব্যস্ত যে পৰাজয়ৰ কাৰণ কি বুলি ক'ম। এই যে মোডী ৰ'লাৰ আহিছে সকলোকে চাফা কৰিবলৈ আৰম্ভ কৰিছে।'- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্য।

৫. উইং কামাণ্ডাৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক শ্ৰীনগৰ এয়াৰৱেছৰ পৰা বদলি কৰা হৈছে। তেওঁক ৱেষ্টাৰ্ণ ছেক্টৰৰ এটা গুৰুত্বপূৰ্ণ এয়াৰৱেছলৈ বদলি কৰা হৈছে।

৬. পুনে বিমানবন্দৰত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাৎ অভিনেতা ছানী দেওলৰ। মাত্ৰ ৫ মিনিটৰ দুয়ো মিলিত হয় কথোপকথনত।

৭. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এক ৰোড শ্ব'ত অংশগ্ৰহণ। ওড়িশ্যাৰ বাৰাভত সহস্ৰাধিক সমৰ্থকৰ সৈতে অংশ লয় এই ৰোড শ্ব'ত।

৮. কেৰালাৰ অৰিকোডত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰত অংশ লয় কংগ্ৰেছ নেত্ৰীগৰাকীৰ দুয়ো সন্তান মিৰায়া আৰু ৰেইহানে।

৯. 'প্ৰধানমন্ত্ৰী মোডী থিয় হ'লে গুজৰাটৰ সিংহ থিয় হোৱাৰ দৰে লাগে আৰু ৰাহুল গান্ধী থিয় হ'লে কুকুৰৰ সৰু পোৱালী এটাই নেজ লৰাই থকা যেন লাগে।'- এই মন্তব্য গুজৰাটৰ মন্ত্ৰী গণপত বাসাৱাৰ।

১০. ৰিথালাত এক বিবাহ অনুষ্ঠানত আনন্দ-উচাহৰ মাজতে অঘটন। বিবাহ অনুষ্ঠানত কৰা গুলীবৰ্ষণত মূৰত গুলী লাগি এটি ১২ বছৰীয়া শিশু আহত।

১১. জম্মু-কাশ্মীৰৰ বিজবেহাৰাত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। এই ঘটনাত গুৰুতৰভাৱে আহত এজন স্থানীয় লোক। আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি।

১২. কেৰালাৰ পথনামঠিট্টাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব'। সহস্ৰাধিক সমৰ্থকৰ সৈতে ৰোড শ্ব'ত অংশ লয় শ্বাহে।

১৩. 'প্ৰধানমন্ত্ৰী মোডীৰ পত্নীয়ে তেওঁ দেখিবলৈ ভাল নহয় বাবে এৰি গৈছিল। ৰাইজে এই মুখখনক ভোট দিব লাগেনে?'- প্ৰধানমন্ত্ৰীক এইদৰে কটাক্ষ কৰ্ণাটকৰ মন্ত্ৰী বি জেড জামিৰ আহমেদ খানৰ।

১৪. শনিবাৰে এলাহাবাদ লোকসভা সমষ্টিৰ সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। ৰাজেন্দ্ৰ সিং পেটেলে দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উক্ত সংসদীয় সমষ্টিটোত।

১৫. 'আমি কেৱল আশাবাদী নহয়, আমি আত্মবিশ্বাসী যে এইবাৰ নিৰ্বাচনত বিজেপি জয়ী নহয়। ২৩ মে'ত নিৰ্বাচনৰ ফলাফলত বিজেপি যে এইবাৰ চৰকাৰ গঠন কৰা নাই সেয়া গম পাব।'- কংগ্ৰেছ নেতা আহমেদ পেটেল।

১৬. দিল্লীৰ গাফাৰ মাৰ্কেটৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৭. শনিবাৰে পুৱা লাইনচ্যুত পূৰ্বা এক্সপ্ৰেছ। ৰেলখনত আছিল প্ৰায় ৯০০জন যাত্ৰী। কানপুৰৰ ৰূমা গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।

১৮. আয়কৰ বিভাগত অভিযানত শনিবাৰে বাংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে গৈ থকা এখন বাহনৰ পৰা জব্দ প্ৰায় ২ কোটি টকা ধন। লগতে আটক কৰা হয় এজন লোকক।

১৯. আৰু কেইটামান ঘণ্টাৰ পাছতেই সামৰণি পৰিব ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সংসদীয় সমষ্টিত হ'ব ভোটগ্ৰহণ।

২০. তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড। লাল বাংলা পথৰ বিনোদ হোটেলত জুইৰ সূত্ৰপাত। বিধ্বংসী জুইত জাহ গ'ল কেইবা লাখ টকাৰ সম্পত্তি। অগ্নিনিৰ্বাপক বাহিনীৰ দলে নিৰ্বাপন কৰে জুই।

২১. মহানগৰীৰ লালমাটিত দুৰ্ঘটনাত আহত এজন। দ্ৰুতবেগী এখন এক্টিভা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ৰেলিঙত খুন্দিয়ালে।

২২. ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীৰ যি জনপ্ৰিয়তা আছিল, সেই জনপ্ৰিয়তা ২০১৯ত নাই।'- শনিবাৰে এক সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২৩. লামডিং সমষ্টিৰ নখুটিত ৩নং মৌজাদাৰ গাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৮টা বাসগৃহ।

২৪. অহা ২৬ এপ্ৰিলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ছবিগৃহতো মুক্তি পাব হলিউদৰ ছায়েঞ্চ ফিকছন ছবি 'এভেঞ্জাৰ্ছঃ এণ্ড গেম'। ছবিখনক লৈ বৰ্তমান ভাৰতৰ দৰ্শকো আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে।

২৫. 'হিন্দুত্ব শব্দটো মোৰ অভিধানতেই নাই।'- শনিবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে কংগ্ৰেছ জ্যেষ্ঠ নেতা দীগ্বিজয় সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in