১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কৃষক নেতা অখিল গগৈক মৃত্যুৰ ভাবুকি দিয়া বজৰং দলৰ নেতা টুটু মান্তাৰ বিৰুদ্ধে গোচৰ ৰুজু। শুকুৰবাৰে কে এম এছ এছে ৰুজু কৰে গোচৰ।

২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। বিধেয়কখন যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰাৰ বাবে বদ্ধপৰিকৰ জাতীয় সংগঠন।

৩. তিনিচুকীয়া বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণক একাংশ সংগঠনৰ নেতাই কৰা আক্ৰমণৰ পিছতেই প্ৰতিবাদত নামিছে বিজেপি। শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত গুৱাহাটী মহানগৰীত বিজেপিৰ প্ৰতিবাদ।

৪. ই ভি এমৰ বিসংগতিৰ সন্দৰ্ভত অহা সোমবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব নিৰ্বাচনী আয়োগৰ বিষয়াক। শুকুৰ বাৰে কৰিলে এই ঘোষণা।

৫. ' কৃষক সকলক আধা কাপ চাহ খুৱাই বা: বা: লৈছে চৰকাৰে'- কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজৱালাই বাজেটৰ সন্দৰ্ভত কৰিলে এই মন্তব্য।

৬. ' এই বাজেটে দুখীয়াক শক্তি, কৃষকক অধিক শক্তিশালী আৰু অৰ্থব্যৱস্থাক দিব ন উদ্যম'- বাজেটৰ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোডীৰ।

৭. 'এয়া দেশৰ দৰিদ্ৰ লোকৰ বাজেট' বিজেপি সভাপতি অমিত শ্বাহে বাজেটৰ সন্দৰ্ভত দিলে এই মন্তব্য।

৮. শুকুৰবাৰে মহাকাশচাৰী কল্পনা চাওলাৰ ১৬ সংখ্যক মৃত্যু বাৰ্ষিকী। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীতে মহাকাশ অভিযান সমাপ্ত কৰি ঘূৰি অহা পথত দুৰ্ঘটনাগ্ৰস্থ হৈ কল্পনাৰ লগতে মৃত্যু হৈছিল ৭ জন মহাকাশচাৰীৰ।

৯. সংসদত শুকুৰবাৰে মোডী চৰকাৰৰ অন্তিমখন অন্তৱৰ্তীকালীন বাজেট দাখিল। বাজেটখনক নিৰ্বাচনমুখী বাজেট বুলি সমালোচনা বিৰোধীৰ।

১০. হোজাইৰ শংকৰদেৱ নগৰত বাগৰিল বাহন। দুৰ্ঘটনাত আহত ডবকা থানাৰ আৰক্ষী বিষয়া হাছান আলী মজুমদাৰ।

১১. কোচ, কোচ ৰাজবংশীক জনজাতিকৰণৰ ক্ষেত্ৰত একত্ৰিকৰণৰ অভিযোগ। ৬ জনগোষ্ঠীৰ আলোচনাত কোচসকলৰ কেবাটাও সংগঠনৰ প্ৰতিনিধিৰ সভাত্যাগ।

১২. শুকুৰবাৰে ডিগবৈৰ ৰাইডাঙত উদ্ধাৰ হয় প্ৰায় ডেৰ কিঃগ্ৰাম ওজনৰ আৰ ডি এক্স। ঘটনা সন্দৰ্ভত আটক দিবাকৰ নামৰ এজনক।

১৩. ২০মে'ৰ পৰা ২৪মে'লৈ ৫০ দেশৰ বক্সাৰৰ অংশগ্ৰহণেৰে গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়া অ'পেন বিশ্ব বক্সিং চেম্পিয়নশ্বীপ।

১৪. অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ পতাকা উত্তোলনত হোৱা বিসংগতিক লৈ প্ৰতিক্ৰিয়া সৃষ্টি। পতাকা উত্তোলনৰ খবৰ ছ'চিয়েল মিডিয়াত বিয়পাৰ পিছতেই সাহিত্য সভাক সমালোচনা একাংশ লোকৰ।

১৫. ৪ ফেব্ৰুৱাৰীত কৃষক নেতা অখিল গগৈয়ে সাক্ষাৎ কৰিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত দিবলৈ নেতা জনক আহ্বান জনাব গগৈয়ে।

১৬. '৫ বছৰত দেশৰ উন্নয়ন কৰিব নোৱাৰি নিৰ্বাচনৰ টোপ হিচাবে কৃষকলৈ ৬০০০ হাজাৰ টকাৰে ভোট ক্ৰয়ৰ চেষ্টা বিজেপিৰ।'- এক প্ৰেছ বিজ্ঞপ্তি যোগে এই মন্তব্য কৰে কে এম এছ এছে।

১৭. নাহৰকটীয়াত দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক। দুৰ্ঘটনাত নাহৰকটীয়াৰ লংজঙৰ সঞ্জয় চলিহা নামৰ এজন লোক নিহত।

১৮. 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত জড়িত আছে আলফা।'- শুকুৰবাৰে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৯. ডিগবৈৰ বিধায়ক সুৰেণ ফুকনক বৃহস্পতিবাৰে নিশা অচিনাক্ত ট্ৰাকৰে খুন্দিওৱাৰ চেষ্টা দুৰ্বৃত্তৰ। বিধায়কজনে নিজ বাহেনেৰ যাওঁতে পিছ ফালৰ পৰা খুন্দিওৱাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই।

২০. 'গান এটি গোৱা না অ' মা'- নেহৰু পাৰ্কৰ সন্মুখত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত  যুৱতীৰ  চিকিৎসাৰ বাবে সহায় বিচাৰি হাতত গীটাৰ লৈ ওলাই আহিল কটনীয়ান।

২১. ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা। 'বিজেপি হতাও, জনজাতি বচাওঁ' শ্ল'গানেৰে ঢেকিয়াজুলিত কেবাটাও সংগঠনৰ প্ৰতিবাদ।

২২. 'ভূপেন দাক ভাৰত ৰত্ন প্ৰদানৰ বাবে উৎফুল্লিত… গোপানাথ বৰদলৈৰ পিছতেই ভূপেন দাক বিজেপিৰ দিনতেই দিয়া হ'ল এই সন্মান।'- শুকুৰবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

২৩. 'যোৱা বাৰ বাজেটত দিয়াৰ দৰে এইবাৰো প্ৰতিশ্ৰুতিহে দিলে বাজেটত।'- কংগ্ৰেছ সভাপতি ৰিপুন বৰাই কৰিলে এই মন্তব্য।

২৪. হোজাইৰ চানাপট্টীত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী চেন্ট্ৰ' বাহনে অটোত খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই এজনে।

২৫. বক্স অফিচত ছুপাৰ হিট হিন্দী ছবি 'উৰি'। মুক্তিৰ ২০ দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰে ১৬৭ কোটিৰো অধিক ধন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in