১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। ইছলামাবাদ ৰোডত এখন বাছ দুৰ্ঘটনাত ১৫জনকৈ লোক গুৰুতৰভাৱে আহত।

২. দিল্লীৰ মুখাৰ্জীনগৰত তীব্ৰ প্ৰতিবাদ। এজন অট' চালক সৰবজিত সিং আৰু তেওঁৰ পুত্ৰক আৰক্ষীয়ে মাৰপিট কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। বৰ্তমানলৈ তিনিজন আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে।

৩. পশ্চিমবংগত চিকিৎসকক ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ। সোমবাৰে পুৱা ৬ বজাৰ প্ৰতিবাদত বহে দেশৰ বহু চিকিৎসক।

৪. ক্ৰিকেট বিশ্বকাপ-২০১৯ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে বাংলাদেশে। বাংলাদেশৰ ছকিব হাছানে ১২৪ ৰান কৰাৰ বাবে 'মেন অৱ দ্য মেচ' ঘোষণা কৰা হয়।

৫. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ এখন বাহন ক্ষতিগ্ৰস্ত হয়। বিস্ফোৰণৰ ফলত চিআৰপিএফ জোৱানসহ ২জন স্থানীয় লোকে আহত। আহত লোক কেইজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

৬. তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাওৱে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীক কালেশ্বৰাম প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনায়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱনত উপস্থিত তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী।

৭. ৰাজস্থানত ভয়ংকৰ ঘটনা। এজন ৰোগীৰ অস্ত্ৰোপচাৰত পেটৰ পৰা চিকিৎসকে ওলাই প্ৰায় ৮০টা চাবি, মুদ্ৰা আৰু চিলিম।

৮. অমৃতসৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ব্যায়াম কৰাত ব্যস্ত ৫২ বেটেলিয়ান আই টি বি পি জোৱান। ২১ জুনত এই দিৱস পালন কৰা হ'ব।

৯. নগাঁও চহৰৰ ২নং ইটাপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। আকবৰ আলী নামৰ এজন লোকৰ সন্তান ৰকিবুল ইছলাম ওৰফে মফিদুল ইছলামে এয়াৰ গানেৰে খেলি থাকোতে হঠাৎ বুকুত গুলী লাগি মৃত্যু হয়।

১০. নগাঁও চহৰৰ ২নং ইটাপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। আকবৰ আলী নামৰ এজন লোকৰ সন্তান ৰকিবুল ইছলাম ওৰফে মফিদুল ইছলামে এয়াৰ গানেৰে খেলি থাকোতে হঠাৎ বুকুত গুলী লাগি মৃত্যু হয়।

১১. নগাঁৱৰ বৰঘাট ছুইফট ডিজায়াৰে মহতিয়ালে এজন বাইক আৰোহীক। দুৰ্ঘটনাত নিহত হয় এজন।

১২. পাকিস্তানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইছলামাবাদত দেওবাৰে নিশা এজন ২২ বছৰীয়া পাকিস্তানী ব্ল'গাৰ তথা সাংবাদিক মহম্মদ বিলাল খানক হানি–খুঁচি হত্যা।

১৩. ছয়গাঁৱৰ আচলপাৰাত নৃত্য শিল্পীৰ সৈতে সংঘটিত ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। পুনৰ আন এজনক আটক। লোকজন ড্ৰীমলেণ্ড টেণ্ট হাউছৰ মালিক ছয়গাঁৱৰ মাজৰটোপৰ আখতাৰ হুছেইন।

১৪. চলমান খানক ৰেহাই যোধপুৰ চি জে এম কৰ্টৰ। অভিনেতাজনৰ বিৰুদ্ধে উঠা কৃষ্ণ মৃগ চিকাৰ কৰা ঘটনা সন্দৰ্ভত আৰু ৰুজু কৰা নহ'ব গোচৰ।

১৫. 'আমাৰ অধিনায়কে একো বুজি নাপায়, একো কৰিব নোৱাৰে।' ছোৱেইব আখতাৰে ভাৰত-পাকিস্তানৰ মেচৰ পিছতে কৰিছে এই মন্তব্য।

১৬. কলকাতাত চিকিৎসকৰ প্ৰতিবাদ স্থগিত। সোমবাৰে এন আৰ এছ হাস্পতাল, কলকাতাৰ এজন জুনিয়ৰ ডাক্টৰে ঘোষণা কৰে।

১৭. নুমলীগড়ত চাহ মজদুৰ সংঘৰ শ্ৰমিকৰ ধৰ্ণা। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, ৫ মাহৰ বকেয়া আদায় দিয়া আদি দাবী।

১৮. সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যক লোকসভাৰ অধিবেশন। সোমবাৰে শপত গ্ৰহণ কৰে অসমৰ ১৩ সাংসদে।

১৯. গোলাঘাটত বিদ্যুতৰ ছিগা তাঁৰত লাগি প্ৰাণ হেৰুৱালে এজন লোকে। লোকজন শালিকীহাট বৰকছাৰী গাঁৱৰ সর্বেশ্বৰ হাজৰিকা।

২০. প্ৰায় ৩০০ খন চিটীবাছৰ চলাচল বন্ধ মহানগৰীত। চিটীবাছৰ চালক-হেণ্ডিমেনক প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ।

২১. 'মই মঙলবাৰে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিম।'- ১৯ জুনত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলৰ নেতা-নেত্ৰীক আমন্ত্ৰণ জনোৱাত তেওঁ উপস্থিত থাকিব নে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এনেদৰে কয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

২২. সোমবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। বিজেপি পাৰ্লিয়ামেন্ট বৰ্ড মিটিঙৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

২৩. এনকেফেলাইটিছত আক্ৰান্ত হৈ বিহাৰত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি। সোমবাৰলৈ ১০৪ জন লোকে প্ৰাণ হেৰুৱায়।

২৪. হিমাচলপ্ৰদেশৰ কুল্লুত ধাৰাসাৰ বৃষ্টিপাত আৰু শিলাবৃষ্টি। শিলাবৃষ্টি আৰু বৰষুণৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক।

২৫. ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ছাহো। অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে এই ছবিখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in