১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. তৃতীয়বাৰৰ বাবে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে কেজৰিৱালে। শপত গ্ৰহণ অনষ্ঠানত উপস্থিত থাকিল লক্ষাধিক লোক।

২. গুৱাহাটী ABCত দেওবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ডনা প্লেনেটৰ সমীপত এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে নিৰ্বাপন কৰে জুই।

৩. পশ্চিম বংগৰ মুৰ্চিদাবাদৰ নিৰ্মিয়মান এখন দলং ভাগি পৰাত ২ জন লোকৰ মৃত্যু। দলং খনৰ এটা অংশ ভাগি পৰি মৃত্যু হয় দুজন লোকৰ।

৪. কলকতাৰ পুৰণি অসম ভৱনত স্থাপিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন। মুকলি ছল্ট লেকত স্থাপিত নতুন অসম ভৱনো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিমূৰ্তি উন্মোচনৰ লগতে মুকলি কৰে অসম ভৱন।

৫. মুখ্যমন্ত্ৰীৰ সৈতে ফটো সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। সৰ্বাদাৰ সৈতে মোৰ ২০ বছৰৰ সম্পৰ্ক, সেয়াটো শেষ হৈ নাযায়, 'CAA আন্দোলন অব্যাহত থাকিব, পৰীক্ষাৰ বাবে কিছু স্থিমিত হৈছে'।

৬. 'ফিল্মফেয়াৰ বেপাৰীৰ অনুষ্ঠান। মুম্বাইৰ পৰা বেপাৰ কৰিবলৈ আহিছিল আয়োজকগোষ্ঠী। এই মন্তব্য সাংসদ বিশ্বজিৎ দৈমাৰীৰ।

৭. বৰপেটাত সেনা জোৱানৰ মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন। জীৱনকো তুচ্ছ কৰি জাপ দিলে নখান্দা নৈত। উদ্ধাৰ কৰিলে পানীত ককবকাই থকা মহিলাক।

৮. বঙাইগাঁৱত দেওবাৰে সংঘট্ত হয় এক পথ দুৰ্ঘটনা। নিহত হয় এগৰাকী লোক।

৯. নাৰায়ণপুৰ বদলা আতা সত্ৰৰ সত্ৰাধিকাৰৰ দেহাৱসান। সত্ৰাধিকাৰ শ্ৰীকান্ত দেৱগোস্বামীৰ দেহাৱসান ঘটে শনিবাৰে নিশা।

১০. দেওবাৰে পুৱা মা কামাখ্যাৰ আশিস ল'বলৈ নীলাচলত উপস্থিত অভিনেত্ৰী উৰ্বশী ৰোটেলা। এযোৰ মাখনৰঙী পাটৰ মেখেলা-চাদৰ পিন্ধি কামাখ্যাত উপস্থিত হয় অভিনেত্ৰীগৰাকী।

১১. এবছুৱে আত্মসমৰ্পণ কৰিছে! চুক্তিৰ নামত পৃথক ৰাজ্যৰ দাবী পৰিহাৰ কৰিছে। দলীয় সভাত হাগ্ৰামাৰ বিস্ফোৰণ।

১২. দিল্লীৰ চি আৰ পাৰ্কত খহিঁ পৰিল অট্টালিকাৰ চাদঁ। এজনৰ মৃত্যু।

১৩. মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে চেলেঞ্জ দিলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক। ক'লে, 'পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি দেখাওক, পৰাজিত হব মিত্ৰজোঁট।'

১৪. কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ফালৰ পৰা উপস্থিত থাকিল মাত্ৰ এজন বিধায়ক। প্ৰধানমন্ত্ৰী মোডীকো আদৰণি জনাইছিল কেজৰিৱালে।

১৫. কোৰোনা ভাইৰাছক আতংক। চীনৰ পৰা অনা হ'ল নেপালৰ ১৭৫ গৰাকী নাগৰিকক।

১৬. হিন্দী ছবি 'লাভ আজ কল'ক আদৰি লৈছে দৰ্শকে। দুটা দিনত উপাৰ্জন কৰিছে ২০.৪১ কোটি টকা।

১৭. জামিয়া মিলিয়া কাণ্ডক লৈ প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া। ক'লে- সঠিক তদন্ত নহ'লে চৰকাৰৰ আচঁল ৰূপ পোহৰলৈ আহিব।

১৮. দিল্লী নিৰ্বাচনৰ বিজেপি ফলাফলক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটৰ প্ৰতিক্ৰিয়া। নেতা গৰাকীয়ে বিজেপিক কটাক্ষ কৰি ক'লে, ভগৱান ৰামেও বিজেপিক জয়ী কৰাত সহায় কৰা নাই।'

১৯. 'যথেষ্ট হেচাঁ পাইছো, কিন্তু কা আৰু সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্ত অটল থাকিব কেন্দ্ৰীয় চৰকাৰঃ বাৰানসীত এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২০. 'নীতিশ কুমাৰ টেঙৰ নেতা, কা'ক লৈয়ে তেওঁৰ সাম্প্ৰদায়িক চৰিত্ৰ প্ৰকাশ কৰিলেঃ বিহাৰৰ মুখ্যমন্ত্ৰীক এনেদৰে কটাক্ষ কৰিলে তেজস্বী যাদৱে।

২১. গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডত অংশ লৈ আজি মুম্বাইলৈ উভতিল বলীউদ তাৰকা, এবাৰ ওচৰৰ পৰা চাবলৈ বিমান বন্দৰত শুভাকাংক্ষীৰ ভিৰ।

২২. ফিল্মফেয়াৰ এৱাৰ্ড বেপাৰীৰ অনুষ্ঠান। তেওঁলোক মৰমত অহা নাই। বেপাৰৰ কাৰণে আহিছে। শনিবাৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে।

২৩. ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰা আৰম্ভ হ'ব অসমৰ বৃহত্তৰ জনগোষ্ঠী মিচিং সকলৰ উৎসৱ আলি আঃয়ে লিগাং, গোমৰাগকে আদি কৰি বিভিন্ন নৃত্যৰ আখৰাই আত্মহাৰ কৰি তুলিছে মিচিং ডেকা গাভৰুক৷

২৪. চীনত মাৰ যোৱা নাই কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। মৃতকৰ সংখ্যা ১৬৬৫ লৈ বৃদ্ধি।

২৫. ছুপাৰহিট অজয়-কাজল অভিনীত ছবি তানহাজী। বিভিন্ন ছবিঘৰত বৰ্তমানেও চলি থকা ছবিখনে ৩৭ টা দিনৰ অন্তত উপাৰ্জন কৰিছে প্ৰায় ২৭২ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in