১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. বিগত ২৪ঘন্টাত ৰাজ্যত ২৪০৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। ইয়াৰ অধিক সংখ্যক কামৰূপ মেট্ৰৰ।

২. কোৰোনাত আক্ৰান্ত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। সোমবাৰে নিশা সাক্ষাৎ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক।

৩. ৰাজ্যত নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদক লৈ আশাবাদী অভিনেত্ৰী বৰষাৰাণী বিষয়া । নবগঠিত আঞ্চলিক দল সম্পৰ্কত অভিনেত্ৰী গৰাকীয়ে কয় নতুন দলক লৈ মই আশাবাদী।

৪. চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ৮ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতক জোকাৰি গৈছে ৪১৩টাকৈ ভূমিকম্পই। এই তথ্য শেহতীয়াকৈ সদৰি কৰিলে Ministry of Earth Sciencesয়ে। 

৫. কা আন্দোলনৰ শ্বহীদৰ মৃত্যু সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশৰ পিছতো প্ৰতিবেদন দাখিল নকৰাকলৈ নাৰাজ মানৱ অধিকাৰ আয়োগ। এই কথা সদৰি কৰিলে কংগ্ৰেছ নেতা নিৰন বৰাই।

৬. ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন পুনৰ নাকচ কৰিলে আদালতে। কলে, প্ৰমাণৰ ভিত্তিতহে আদালতে ব্যৱস্থা লব।

৭. বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ১০গৰাকী ৰোগীৰ মৃত্যু হৈছে অসমত। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিলে এই তথ্য।

৮. সমগ্ৰ বিশ্বতে এতিয়া কাল কৰোনাৰ ভয়ংকৰ অৱস্থা। এতিয়ালৈকে বিশ্বজুৰি প্ৰায় ৩ কোটি লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হ'ল ৯ লক্ষাধিক আক্ৰান্তৰ।

৯. সমগ্ৰ বিশ্ববাসীয়ে কৰোনাৰ প্ৰতিষেধক পাবলৈ অপেক্ষা কৰিব লাগিব অন্তত ৪-৫ বছৰ।এই মন্তব্য ছেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ শীৰ্ষ কাৰ্যবাহী আদৰ পুনাৱালাৰ।

১০. আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াক লৈ সন্তুষ্ট নহয় কৃষক মুক্তি সংগ্ৰাম সমিতি। আছু, যুৱ-ছাত্ৰৰ দল গঠনৰ প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ স্থিতি স্পষ্ট কৰিবলৈ ডেডলাইনো বান্ধি দিলে সংগঠনটোৱে।

১১. চামগুৰি সমষ্টিৰ AIUDF ৰ সভাত প্ৰচণ্ড মাৰপিট , AIUDFৰ দুই ফৈদৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত আহত হয় কেইবাজনো লোক।

১২. চলিত মাহতে হব পাৰে নগা চুক্তি। সকলো মধ্যস্থতা সম্পন্ন কৰি চলিত মাহতেই নগাৰ সকলো বিদ্ৰোহী গোটৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰ হোৱাতো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

১৩. সাংসদৰ ৩০ শতাংশ বেতন কৰ্তনৰ বিল সদনত পাছ। মঙলবাৰে সদনে এই বিল পাছ কৰে।

১৪. কোৰোনাকালীন চিকিৎসাকলৈ ৰাজ্যত উৰাবাতৰি বিয়পিছে। প্ৰতিখন চিকিৎসালয়ত এতিয়া খালী হৈ আছে বিচনাঃৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা।

১৫. কোৰোনাৰ প্ৰকোপ। এইপৰ্য্যন্ত অসমৰ ৩০ গৰাকী বিধায়ক আৰু ৫ গৰাকী সাংসদৰ দেহতো ধৰা পৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমন।

১৬. কোভিডৰ ভেকচিনক উতপাদনক লৈ ভাৰতৰ ওপৰত নজৰ ৰাখিছে বিশ্বই। এই মন্তব্য কৰিলে বিল গেটছে।

১৭. কৰ্ণাটৰ নগৰ উন্নয়ন মন্ত্ৰী বয়ৰাতী বছাবৰাজ আক্ৰান্ত হৈছে কোৰোনাত। নিজে সামাজিক মাধ্যম যোগে কৰিলে সদৰি।

১৮. শিলচৰত এগৰাকী ভণ্ড বাবাক গ্ৰেপ্তাৰ। প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা ধন আত্মসাতৰ অভিযোগ।

১৯. মঙলবাৰে লামডিংত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,লামডিং আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী কৰে সৰ্বানন্দ সোণোৱালে।

২০. বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহৎ অনিয়ম। মধ্যাহ্ন ভোজনৰ প্ৰায় ১৪ লাখ টকা আত্মসাতৰ অভিযোগ।

২১. এলিজা পাৰবিন নামৰ যুৱতীগৰাকীৰ চীপ লৈ আত্মহত্যা। দলগাঁও আৰক্ষীৰ জিম্মাত আছিল এলিজা পাৰবিন।

২২. তিনিচুকীয়াত চাহ বাগিচাৰ তালাপৰ মুখ্য কাৰ্যালয়ত অৰাজকতা। বহিঃৰাজ্যৰ কৰ্মচাৰীক নিযক্তি দিয়াক লৈ ক্ষোভিত আছু।

২৩. কৰণাৰ সংকটৰ সময়তে এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ প্ৰসংশনীয় পদক্ষেপ। ৩০০ ৰো অধিক প্লাজমা প্ৰদান কৰিবলৈ সক্ষম হৈছে অখিল ভাৰতীয় তেৰাপান্ত যুৱ পৰিষদ নামৰ প্ৰতিষ্ঠানটোৱে।

২৪. শিৱসাগৰত চিলনী চোৰৰ সন্ত্ৰাস। চলন্ত মটৰ চাইকেলৰ পৰাই থঁপিয়াই নিলে এক লাখ টকা।

২৫. নগাঁও, কাছাৰ কাগজ কলক লৈ সৰৱ। সংসদত সৰৱ ৰিপুণ বৰাৰাজ্যসভাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in