১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দাৰ্জিলিঙত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। ১০ জুলাইত তিষ্টা নদীত এখন বাহন বাগৰি পৰাৰ পাছত ৩জন লোক সন্ধানহীন হৈছিল। তাৰেই এজনক উদ্ধাৰ কৰে এন ডি আৰ এফে।

২. বিহাৰত টেক্স ফ্ৰী কৰা হ'ব হিন্দী ছবি 'ছুপাৰ ৩০'। মঙলবাৰৰ পৰা সকলো ছবিগৃহত টেক্স ফ্ৰী হ'ব ছবিখন।

৩. চেন্নাইত সোমবাৰে ধাৰাসাৰ বৃষ্টিপাত। বৰষুণৰ ফলত চেন্নাইৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বান।

৪. গোৱাৰ পৰা আহমেদাবাদলৈ উৰা মৰা ইণ্ডিগ'ৰ এখন যাত্ৰীবাহী বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰে দাদোলিম বিমান বন্দৰত। বিমানখনত যান্ত্ৰিক বিজুতিৰ ফলত জৰুৰীকালীন অৱতৰণ কৰিব লগা হয়। কোনো যাত্ৰী হতাহত হোৱা নাই।

৫. বিহাৰৰ গয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা হত্যাকাৰীক। ৪ জুলাইত এজন আৰক্ষী জোৱানক হত্যা কৰিছিল হত্যাকাৰীটোৱে।

৬. দিল্লীত অনুষ্ঠিত হ'ব আই এছ এছ এফ বিশ্বকাপ-২০২০। অহা বছৰ অৰ্থাৎ ২০২০ চনৰ ১৫ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই বিশ্বকাপ।

৭. ধুবুৰী জিলাৰ ধুব্ৰীপাৰাত বি এছ এফ জোৱানে উদ্ধাৰ কৰে তিনিজন স্থানীয় লোকক। গংগাধৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল লোক কেইজনক।

৮. উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সাক্ষাৎ কৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

৯. 'বানাক্ৰান্তসকলৰ সহায়ৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে'। সোমবাৰে নলবাৰীৰ শ'লমাৰাত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১০. দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰিব লগা দুখন বিমান লক্ষ্ণৌত অৱতৰণ কৰা হয় সোমবাৰে। বেয়া বতৰৰ বাবে এনেদৰে লক্ষ্ণৌত অৱতৰণ কৰে বিমান দুখন।

১১. মুম্বাইৰ ধাৰাৱীৰ ৰাজীৱ গান্ধী কলনীত সংঘটিত হয় এক শোকাৱহ ঘটনা। এটি ড্ৰেইনত পৰি এটি ৭ বছৰীয়া শিশুৰ মৃত্যু।

১২. মহাৰাষ্ট্ৰৰ বীৰাৰত এটা ছিকিউৰিটী গাৰ্ডক গণপ্ৰহাৰ স্থানীয় ৰাইজৰ। এটি কন্যা শিশুক নিৰ্যাতন চলোৱা অভিযোগত গণপ্ৰহাৰ কৰে ৰাইজে।

১৩. দ্বাৰকা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ এজন যুৱকক। যোৱা ৭ দিনত দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱকজনক।

১৪. উত্তৰাখণ্ডৰ চম্পাৱাটৰ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলাচল ব্যাহত। পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল ঘাইপথটোত বাগৰি পৰাৰ পাছৰ পৰাই যান-বাহন চলাচল ব্যাহত হৈ পৰে।

১৫. 'আমাৰ চকীদাৰৰ চৰকাৰ। এই চৰকাৰে দেশৰ ৰক্ষাৰ বাবে সদায় আগত থাকিব। এয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ কৰ্তব্য।'- এই মন্তব্য বিজেপি নেতা জি কিষাণ ৰেড্ডীৰ।

১৬. গুজৰাটৰ মনকুৱা এলেকাত নিয়ন্ত্ৰণহীন হৈ পথত বাগৰিৰ এখন অট'। দুৰ্ঘটনটোত নিহত ৭জন আৰু আহত ১০জনকৈ লোক।

১৭. জম্মু-কাশ্মীৰৰ বাৰামুল্লাত এটি কন্যা শিশুক উদ্ধাৰ কৰে চি আৰ পি এফৰ জোৱানে। শিশুটি এটা পুখুৰীত পৰি ডুবিবলৈ লোৱা সময়তে উদ্ধাৰ কৰে চি আৰ পি এফ জোৱানজনে।

১৮. টি এম চি সাংসদ কুমাল ঘোষলৈ ই ডিৰ চমন জাৰি। সাৰদা চীট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত চমন জাৰি ই ডিৰ।

১৯. দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান বানৰ তাণ্ডৱ। হাৰিয়ানাৰ আম্বালাতো ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হৈছে প্ৰৱল বানৰ। বানৰ ফলত এলেকাটোৰ শ শ পৰিয়ালে এৰিব লগা হৈছে নিজ নিজ বাসগৃহ।

২০. উমানন্দ মন্দিৰলৈ যোৱা সকলো ফেৰী সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ প্ৰতিদিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সেৱা বন্ধ কৰিছে প্ৰশাসনে।

২১. ছত্তীশগড়ৰ ধামতাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩০গৰাকী মহিলা শ্ৰমিক কঢ়িয়াই নিয়া এখন পিকআপ ভান বাগৰি পৰে পথৰ ওপৰত। ২০জনকৈ মহিলা শ্ৰমিক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত। আহত আটাইকেইজনকে ভৰ্তি কৰা হয় চিকিৎসালয়ত।

২২. মধ্যপ্ৰদেশৰ গেপুন খেডা এলেকাত এটি ৩ বছৰীয়া শিশু অপহৰণ। অপহৃত শিশুটিৰ পৰিয়ালে স্থানীয় আৰক্ষী থানাত জাৰি কৰে গোচৰ। আৰক্ষীয়ে শিশুটিৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত।

২৩. অহা ১৯ জুলাইত ছবিগৃহত মুক্তি পাব ৱাল্ট ডিজনীৰ নতুন এনিমেটেড ছবি 'দ্য লায়ন কিং'। হিন্দী ভাষাতো মুক্তি পাব লগা এই ছবিখনত কাম কৰিছে অভিনেতা শ্বাহৰুখ খানে।

২৪. সোমবাৰে বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ বুজ লয়।

২৫. পুনে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জব্দ প্ৰায় ১৮,৯০,৪০০ টকা মূল্যৰ সোণ। শুল্ক বিভাগে জব্দ কৰে সোণখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in