১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অহা ২১ অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ ৪ সমষ্টিত বিধানসভাৰ উপ-নিৰ্বাচন। এতিয়া সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তীব্ৰতৰ।

২. লংকাত ব্যৱসায়িক সংঘাতৰ পৰিণতিত চাঞ্চল্যকৰ ঘটনা। শনিবাৰে নিশা গাড়ী আগচি ধৰি ব্যৱসায়ীক আক্ৰমণ। বলাৎকাৰৰ চেষ্টা চলাই পত্নীৰ পৰা লুটি নিলে অলংকাৰ।

৩. মহানগৰীত নকল সোণৰ ৰমৰমীয়া বেহা। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩.৫০ কিলোগ্ৰাম নকল সোণ। জালত দুই নকল সোণ সৰবৰাহকাৰী।

৪. বিজনীৰ পাণবাৰীত দেওবাৰে জালত পৰিল এজন NDFB(S)ৰ লিংকমেন। ধৃত লিংকমেনজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ।

৫. নগাঁৱৰ পুৰণিগুদামত ভণ্ড বাবাৰ সন্ত্ৰাস। ভণ্ড বাবাৰ আক্ৰমণত আহত হ'ল দুজন লোক। তাৰ পিছত ৰাইজে ধৰি ভণ্ড বাবাক শোধালে উত্তম–মধ্যম।

৬. ৰাফেলৰ পূজা বিতৰ্ক সৃষ্টি কৰি কংগ্ৰেছে পাকিস্তানক সাহস-শক্তি দিছে। হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলাই কঠোৰ ৰূপত অৱতীৰ্ণ হ'ল ৰাজনাথ সিং।

৭. শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমা বা ৰাসলীলালৈ মাজত মাত্ৰ এমাহ। এতিয়া ৰাজ্যবাসী সাজু হৈছে ৰাসৰ বাবে। বিভিন্ন স্থানত সীমাহীন ব্যস্ততা।

৮. চিৰাঙত ভাৰতীয় সেনাৰ উদ্যোগত চিকিত্সা শিবিৰ। শনিবাৰে আইপলী গাঁৱত অনুষ্ঠিত এই শিবিৰত স্বাস্থ্য বিভাগেও সহযোগিতা কৰে সেনাক।

৯. দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত চমকপ্ৰদভাৱে এক ইনিংছ আৰু ১৩৭ ৰানত জয়লাভ কৰে ভাৰতীয় দলে।

১০. কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ-লাইন বিস্ফোৰণ, ৬ দিনেও সন্ধানহীন ৪ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ।

১১. বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় ধাৰাবাহিক 'ভাড়াঘৰ'ত অভিনীত তেহছিন আখতাৰ। শনিবাৰে সৰুক্ষেত্ৰীৰ কংগ্ৰছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰীগৰাকী।

১২. হেগিবিছ ঘূৰ্ণীবতাহৰ তাণ্ডৱ : জাপানত নিহত ১১, কমেও ৯০জন আহত ।

১৩. পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিল নেদাৰলেণ্ডছৰ ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমা ৷ দেওবাৰে নিশা দিল্লীত উপস্থিত ।

১৪. জাগীৰোডত জব্দ ৮৩টা চোৰাং গৰু। ১৫খন মেজিক ভানত আনিছিল গৰুখিনি।

১৫. পঞ্জাৱৰ অমিতশ্বৰৰ পথাৰত জুই। শনিবাৰে নিশাৰে পৰা সূত্ৰপাত হোৱা জুই দেওবাৰৰ নিশালৈকে হোৱা নাই নিৰ্বাপিত।

১৬. অযোধ্যা বিবাদ প্ৰসংগ। ১০ ডিচেম্বৰৰ লৈকে অযোধ্যাত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ।

১৭. মুম্বাইত ৩ মহলীয়া অট্টালিকা খহি পৰি ১ জন লোকৰ মৃত্যু। আহত কেইবাজনো লোক।

১৮. তামিলনাডুত দেওবাৰে আৰক্ষীৰ তালাচীত জব্দ হয় প্ৰায় ১৪ লাখ নকল নোট। আটক ৩।

১৯. কাশ্মীৰত ৭০ দিনৰ মুৰত মুকলি কৰি দিয়া হল পোষ্ট পেড ফোনৰ সেৱা। ৪০ লাখ গ্ৰাহকে লাভ কৰিব এই সেৱা।

২০. এতিয়াৰে পৰা ভাৰতৰ সীমান্তত কোনো ড্ৰোণ দেখিলেই ধ্বংস কৰিব পাৰিব কৰ্তব্যৰত সেনা জোৱানে। দেওবাৰে এই নিৰ্দেশ প্ৰদান কৰিলে ৰক্ষা মন্ত্ৰানালয়ে।

২১. দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ ভতিজাৰ বেগ চুৰি কৰা ২ যুৱকক গ্ৰেপ্তাৰ। দেওবাৰে দিনৰভাগত সংঘটিত হৈছিল এই ঘটনা।

২২. দিল্লীত অবৈধভাৱে গৰ্ভপাত কৰোৱা ১৫ বছৰীয়া কিশোৰীৰ মৃত্যু। গ্ৰেপ্তাৰ চিকিৎসকৰ লগতে ২ জন লোক।

২৩. মোডী চৰকাৰে শাসনকালত ১৫ গৰাকী ধনীলোকৰ ৫.৫ লাখ কোটি টকাৰ ঋণ মাফ কৰি দিলেঃ ৰাহুল গান্ধী।

২৪. দেশত মোডী মোডী লহৰত কংগ্ৰেছৰ পেটৰ বেমাৰ হৈছেঃ অমিত শ্বাহ।

২৫. ভাৰত আৰু চীনৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠাতো খুবেই জৰুৰীঃ দালাই লামা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in