১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দিল্লীৰ নৰেলা উদ্যোগিক অঞ্চলত এক প্লাষ্টিক উদ্যোগত ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়।এই জুইয়ে ফেক্টৰীটোৰ লগতে গ্ৰাস কৰিছে সমগ্ৰ ঔদ্যগিক অঞ্চল। অগ্নি নিৰ্বাপক বাহিনীৰ অভিযান অব্যাহত আছে।

২. মহাৰাষ্ট্ৰ চৰকাৰে সম্পূৰ্ণ কৰিলে সম্পূৰ্ণ এটা বছৰ। ৰাজ্যখনত শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মহাজোঁটে এবছৰৰ পূৰ্বে চৰকাৰ গঠন কৰিছিল।

৩. দিল্লীত কৃষক আন্দোলন অব্যাহত। কেজৰিৱাল চৰকাৰে ৯খন ষ্টেডিয়ামক অস্থায়ী জেল সাজিবলৈ প্ৰসাশনে কৰা আবেদন নাকচ কৰিছে আৰু কৃষক সকলৰ থকা খোৱাৰ সকলো ব্যৱস্থা হাতত লৈছে।

৪. কৃষক আন্দোলনৰ মাজতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ'বলৈ চৰকাৰ প্ৰস্তুত বুলি মন্তব্য কৰিছে। তেওঁ ৩ ডিচেম্বৰত কৃষক সকলক আলোচনাৰ বাবে আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে।

৫. উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ হাইৱেত সংঘটিত এক দুৰ্ঘটনাত ঠাইতে ৪ জন লোকৰ মৃত্যু হয়। এই ৰৈ থকা বাছত তীব্ৰ বেগত আহি থকা এখন ইনোভাই খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

৬. উত্তৰ প্ৰদেশত লাভ জিহাদ সম্পৰ্কীয় আইন বলব..। ৰাজ্যখনৰ ৰাজ্যপালে বেআইনী ভাৱে এই ধৰ্মান্তৰৰ সতে সম্পৰ্কীত এই আইন বলৱ কৰিবলৈ নিৰ্দেশ দিয়ে।

৭. চিবিআইয়ে পশ্চিম বংগৰ লগতে তিনিখন ৰাজ্যৰ ৪০ টা স্থানত অবৈধ কয়লা খনন সতে জড়িত থকাৰ অভিযোগত অভিযান চলায়। আসনশোলত বসবাস কৰা অনুপ মাঝীক এই কয়লা খননৰ মূল খলনায়ক বুলি গণ্য কৰা হৈছে।

৮. মুম্বাই শিহঁৰণকাৰী সন্ত্ৰাসবাদী আক্ৰমণ ২৬/ ১১ ৰ ঘটনাৰ ১২ বছৰৰ পিছত পাকিস্তানৰ ১৯ জন অভিযুক্ত দাগী অপৰাধী বুলি অভিহিত কৰা বাহিৰে তেওঁলোকৰ বাবে কোনো বিশেষ শাস্তিৰ ব্যৱস্থা কৰা নাই।এই বিষয়ৰ মূল খলনায়ক সাজিদ মীৰৰ সম্ভেদ দিব পৰা জনৰ ৫০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে আমেৰিকাই।

৯. দেশৰ উপৰাষ্ট্ৰপতি ভেংকাৰা নাইডুৱে ৩০ নবেম্বৰত অনুষ্ঠিত হ'ব লগা এচচিঅ' সদস্য দেশ সমূহৰ সন্মিলনত অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে। ২০১৭ চনত ভাৰত আৰু পাকিস্তান এচচিঅ্ৰ'ৰ স্থায়ী সদস্য হিচাপে স্বীকৃত হৈছিল।

১০. ইৰানৰ প্ৰখ্যাত পৰমানু বৈজ্ঞানিক মোহচেন ফখপৰীজাহেদত শুকুৰবাৰে হত্যা কৰা হয়। এই ঘটনাত লগত ইজৰাইল জড়িত বুলি সন্দেহ কৰা হৈছে।

১১. শুকুৰবাৰে ত্ৰিপুৰাৰ হিন্দু জাগৰণ মঞ্চই উত্তৰ প্ৰদেশৰ দৰে লাভ জিহাদ সম্পৰ্কীয় এখন আইনৰ দাবীত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এই কাৰ্যসূচীত প্ৰায় ৩০০ লোকে ভাগ লয়।

১২. হিমাচলপ্ৰদেশত নতুনকৈ ৬৫০জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৮৯৭৭জনলৈ পাইচে বৃদ্ধি।

১৩. অন্ধ্ৰপ্ৰদেশত ৫টা মাওবাদীয়ে কৰে আত্মসমৰ্পণ। আৰক্ষীৰ আগত শনিবাৰে আত্মসমৰ্পণ কৰে মাওবাদী কেইটাই।

১৪. যোৱা ২৪ ঘন্টাত পশ্চিমবংগত নতুনকৈ ৩৪৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৫২জন লোকৰ মৃত্যু।

১৫. মধ্যপ্ৰদেশত নতুনকৈ ১৬৩৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৩২৩১জনলৈ পাছে বৃদ্ধি।

১৬. মুম্বাইত নতুনকৈ ১০৬৩জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮১৮৭৪জনলৈ পাইছে বৃদ্ধি।

১৭. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ২৩৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিব।

১৮. দিল্লীৰ জনকপুৰীত ভয়ংকৰ ঘটনা। এজন ২৩ বছৰীয়া যুৱকক গুলীয়াই হত্যা কৰে দুৰ্বৃ্ত্তই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

১৯. কৰ্ণাটকত নতুনকৈ ১৫২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮২৬০৮জনলৈ পাইছে বৃদ্ধি।

২০. পুডুচেৰীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩৬৯০২জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত শনিবাৰে নতুনকৈ ৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২১. মহাৰাষ্ট্ৰত আকৌ ৫৯৬৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৮১৪৫১৫জনলৈ পাইছে বৃদ্ধি।

২২. পঞ্জাৱত নতুনকৈ ৭৪৫ জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫০৮০৫জনলৈ পাইছে বৃদ্ধি।

২৩. চণ্ডীগড়ত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৭২৪৬জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত নতুনকৈ ৮৯জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

২৪. দিল্লীত নতুনকৈ ৪৯৯৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬১৭৪২জনলৈ পাইছে বৃদ্ধি।

২৫. ৰাজস্থানত আকৌ ২৭৬৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৬২৮০৫জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in