১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ১১ অক্টোবৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ৰত্নাকৰ। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা, বৰষাৰাণী বিষয়াকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী।

২. অৰুণাচলৰ লংডিঙত আটক NSCN(K)ৰ ২ সদস্য। নগা উগ্ৰপন্থী সদস্য দুটা মেজৰ টাইলাই ৱাংছু আৰু লেন্স কৰ্পৰেল আলুৱা ৱাংনাও।

৩. হাৰিয়ানাত যান-বাহন নিয়মৰ ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ গ্ৰহণ আৰক্ষীৰ। নতুন যান-বাহন আইন উলংঘা কৰা চালকক আৰক্ষীয়ে প্ৰদান কৰিলে একো একোটা ফুল।

৪. অপৰাধ বিৰোধী ব্যুৰই জয়ানগৰত শুকুৰবাৰে চলাই অভিযান। অভিযান কালত উদ্ধাৰ প্ৰায় ২,৭০,০০০ টকা নগদ ধন আৰু বহু নথিপত্ৰ।

৫. কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সংবাদমেল বাতিল। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সংবাদমেল অনুষ্ঠিত হোৱা কথা আছিল।

৬. জয়পুৰ আৰু দিল্লীৰ বিভিন্ন স্থানত ই ডিৰ অভিযান। ই ডিৰ অভিযান কালত উদ্ধাৰ প্ৰায় ৪.২৫ কোটি টকা। অভিযান অব্যাহত ৰাখিছে ই ডিয়ে।

৭. কৰ্ণাটকৰ বিভিন্ন পৰ্যটকস্থলীত উপস্থিত ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী চি টি ৰবি। পৰ্যটকস্থলীসমূহ নিৰীক্ষণ কৰে কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে।

৮. অন্ধ্ৰপ্ৰদেশ চৰকাৰে বদলি কৰি আই এ এছ বিষয়া। মুঠ ১৮জনকৈ আই এ এছ বিষয়াক বদলি কৰে ৰাজ্যখনৰ চৰকাৰে।

৯. 'কলাৰছ টি ভি' চেনেললৈ মিনিষ্ট্ৰী অৱ ইনফৰ্মেশ্যন এণ্ড ব্ৰডকাষ্টিঙে জাৰি কৰিলে কাৰণ দৰ্শোৱা জাননী। চেনেলটোৰ নতুন ধাৰাবাহিক 'ৰাম সীয়া কে লব কুশ'ৰ বাবে পঠিওৱা হয় এই কাৰণ দৰ্শোৱা জাননী।

১০. আহমেদনগৰত শুকুৰবাৰে উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফেডনাভিছ। এখন বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

১১. অমৃতসৰত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৭.৫ কেজি ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে উদ্ধাৰ কৰে ২৮ লাখ টকা।

১২. দিল্লীত গ্ৰেপ্তাৰ ৬জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। প্ৰায় ৩০ কোটি টকাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক।

১৩. শুকুৰবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ বাসগৃহত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ। লগতে উপস্থিত কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতা।

১৪. ই ডি জিম্মাত কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰ। ১৭ ছেপ্টেম্বৰলৈ থাকিব ই ডিৰ জিম্মাত। বৃহৎ ধন লুণ্ঠনৰ কেলেংকাৰীত অভিযুক্ত কংগ্ৰেছ নেতাগৰাকী।

১৫. সাৰদা কেলেংকাৰীৰ সোধপোছৰ বাবে চিবিআইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ জাননী কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ। শনিবাৰে চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব ৰাজীৱ কুমাৰ।

১৬. টেনালী পৰীক্ষাত উত্তীৰ্ণ হৈ অভিলেখ ৰচিলে গোৱাৰ ১৬ বছৰীয়া প্ৰিয়বাট্ৰা। আটাইতকৈ কম বয়সীয়া এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰিয়বাট্ৰাই ১৪টা পৰ্যায়ত অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত।

১৭. দিল্লীত যমুনা নদীত ঘটনা। চাৰিজনকৈ লোকৰ মৃত্যু যমুনা নদীত পৰি। ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে এজন লোকৰ মৃতদেহ।

১৮. ছত্তীশগড়়ৰ চিন্তাগুপহাত উদ্ধাৰ আই ই ডি। প্ৰায় ২০ কেজি ওজনৰ আই ই ডি উদ্ধাৰ কৰে নিৰাপত্তা ৰক্ষীয়ে।

১৯. এন চি পি নেতা ভাস্কৰ যাদৱে শুকুৰবাৰে যোগদান কৰে শিৱসেনাত। শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ উপস্থিতিত যোগদান দলটোত।

২০. কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সাক্ষাৎ কৰে উত্তৰ-পূবৰ জ্যেষ্ঠ নেতাসকলক। ছোনিয়া গান্ধীৰ লগতে উপস্থিত থাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙো।

২১. এন চি পি সাংসদ শিৱাজী মহাৰাজে যোগদান কৰিব বিজেপিত। শনিবাৰে দিল্লীত বিজেপিত যোগদান কৰিব মহাৰাজে।

২২. পশ্চিমবংগত চিপিআই(এম)ৰ তীব্ৰ প্ৰতিবাদ। ৰাজ্যখনত নিবনুৱা সমস্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই(এম)য়ে।

২৩. মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ মহাৰজা যশৱন্ত্ৰাও হাস্পতালৰ ভিতৰত সোমাল পানী। ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশ।

২৪. শুকুৰবাৰে ছবিগৃহত মুক্তি পালে নতুন হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনত মুখ্য চৰিত্ৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুড়ানাই।

২৫. উত্তৰাখণ্ডৰ ১২খনকৈ জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। তিনি পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। ৬ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in