১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নলবাৰীৰ মুকালমুৱাৰ ৰামপুৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড।ৰামপুৰ চ'ক বজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানত জ্বলি উঠে নিমিষতে। ভস্মীভূত হয় চাৰিখনকৈ ব্যৱসায়িক প্রতিষ্ঠান।

২.উগ্ৰতৰা দেৱালয়ত দশমীৰ সেৱা কৰিব গৈ মিঞা সংগ্ৰহালয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গুৰুজনাৰ যি আদৰ্শৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন হৈছিল। ভক্তিভাবেৰে সেই আদৰ্শ অক্ষুন্ন ৰাখিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

৩. মিঞা সংগ্ৰহালয় সন্দৰ্ভত বিত্ত স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  যেতিয়ালৈকে অসমত অসমীয়া মানুহ যেতিয়ালৈকে আছে তেতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম হ'ব নোৱাৰে বুলি মন্তব্য কৰে।

৪. বিজয়া দশমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেৱী বিসৰ্জন । প্ৰশাসনৰ নিয়ম কানুন মানি বিসৰ্জন দেৱী প্ৰতিমা । বিসৰ্জন পৰ্ব সুকলমে অনুষ্ঠিত কৰিবলৈ বিসৰ্জন স্থান সমূহত স্থান সমূহত সষ্টম এছডিআৰএফ-এনডিআৰএফ, অসম আৰক্ষীৰ লগতে স্বেচ্ছাসেৱক ।

৫. শেষ বিন্দু তেজ থকালৈকে মিঞা মিউজিয়ামৰ বাবে যুঁজিম বুলি মিঞা মিউজিয়াম সন্দৰ্ভত পুনৰ এই মন্তব্য কৰে বাঘবৰৰ কংগ্ৰেছ  বিধায়ক শ্বেৰমান আলীয়ে । শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন সকৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল বিধায়ক গৰাকীয়ে ।

৬.বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে অপেক্ষা কৰিছে অহা ৩১ অক্টোবৰলৈ। কিয়নো এই দিনটোত আকাশ দেখা পোৱা যাব ব্লু মুন। দৰাচলতে, আমাৰ সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন।

৭.বিজয়া দশমীৰ দিনা হাতে হাতে দা-তৰোৱাল লৈ বজৰং দলৰ ভয়ংকৰ বাইক ৰেলী ।বাইক ৰেলিত বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

তিনিচুকীয়াত সংঘটিত হয় এই ঘটনা ।

৮. সোমবাৰে বিজয়া দশমী উপলক্ষে পৰম্পৰা অনুসৰি পূজাৰ মণ্ডপ সেন্দুৰৰ খেল অনুষ্ঠিত হয় ।স্বামীৰ মংগল কামনা কৰি আজীৱন সধৱা হৈ থকাৰ কামনাৰে মহিলাসকলে গালত সেন্দুৰ সানি এই খেলত অংশ লয় ।

৯. ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা । নৱমীৰ নিশা বৰপেটাৰোডত সংবাদিক আব্দুল খালেকক যোৱা নিশা এক দুৰ্বৃত্তৰ দলে সংঘবদ্ধ হৈ আক্ৰমণ কৰে ।

১০.বিহাৰ বিধানসভা নিৰ্বাচনত জেডিইউ আৰু বিজেপিৰ মহাজোঁটক চৰকাৰক সঁকীয়নি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্ব দিছে তেজস্বী যাদৱে।পিয়াজৰ মালা পিন্ধি নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে যাদৱে ।

১১. সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান মাজুলীত উদযাপন নহয় শাৰদীয় দূৰ্গা পূজা। দূৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে যদিও সেই পৰিৱেশ মাজুলীত বৰ্তমানেও নাই ইয়াৰ পূৰ্বেও নাই ইয়াৰ মাদকতা।

১২. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ এজনক। প্ৰায় ১৩.৭ লাখ নগদ ধন সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৩. আকৌ অন্ধ্ৰপ্ৰদেশত ১৯০১জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮০৮৯২৪জনলৈ পাইছে বৃদ্ধি।

১৪. ২৮ অক্টোবৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৭১খন আসনৰ বাবে এই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

১৫. ৰাজস্থানত আকৌ ১৮০৫জন কোভিড পজিটিভ। ইয়াৰে ৩৫২জন জয়পুৰৰ। ৰাজ্যকনত ১৮৮০৪৮জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা।

১৬. কেৰালাত আকৌ ৪২৮৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ ৯৩,৭৪৭ লোক চিকিৎসাধীন হৈ আছে।

১৭. পুডুচেৰীত আকৌ ১৪৪জন কোভিড পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৪,৩৩৬জনলৈ পাইছে বৃদ্ধি।

১৮. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মিলিত হয় ইউ এছ ছেক্ৰেটেৰী অৱ ডিফেন্স মাৰ্ক এছপাৰৰ সৈতে। উপস্থিত থাকে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটো।

১৯. ভূমিকম্পই জোঁকাৰি গ'ল ছিমলা। ৩.৬ প্ৰাবল্যৰ ভূমিকম্পন অনুভূত হয় হিমাচলপ্ৰদেশৰ ছিমলাত।

২০. মুম্বাইত এনচিবিয়ে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে উদ্ধাৰ কৰে বহু পৰিমানৰ ড্ৰাগছ।

২১. যোৱা ২৪ ঘন্টাত ওড়িশ্যাত ১৪৮০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু।

২২. মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ দেহত কোভিড পজিটিভ। মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পাৱাৰক।

২৩. পুনেত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। প্ৰায় ১০.৬ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

২৪. 'এটা সময় আছিল যেতিয়া বিহাৰৰ একাংশ নেতাই দুখীয়াৰ পেটৰ ভাগো কাঢ়ি লৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৯ কোটি নাগৰিকক কোৰোনা মহামাৰীৰ সময়ত ৰেচন দিছিল।'- কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।

২৫. ৯ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মীবোম্ব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in