১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত মঙলবাৰে ২০৭৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১৩৯৩জনলৈ পাইছে বৃদ্ধি।

২. ডিমাপুৰৰ আই.এম.চি এলেকাৰ ৰাজপথত মঙলবাৰে পুৱাতে ডিমাপুৰৰ আৰক্ষীয়ে গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকক। ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মঙলতি গাঁৱৰ যুৱকক উ্দ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে৷

৩. দৰঙত ৩৫ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। জিলাখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি পাইছে।

৪. অসম চৰকাৰৰ উদ্যোগত মঙলবাৰে বিশ্ব গড় দিৱস কেন্দ্ৰীয় ভাৱে দিনজোৰাকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদযাপন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমাল শুক্লবৈদ্যই।

৫. অসমত সোমবাৰে কোৰোনাত আক্ৰান্ত ৮জন লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ পাইছে বৃদ্ধি।

৬. ড০ এ কে পানছাৰীৰ নৱতম গ্ৰন্থ 'বাতো বাতো মে' মঙলবাৰে উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৭. প্ৰতিদিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে কোৰোণা সংক্ৰমণ । বিগত ২৪ ঘন্টাত নতুন ৭৫,০৮৩টা কোভিড ৰোগী ধৰা পৰাৰ পিছত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৫৫ লক্ষাধিক হৈছেগৈ।

৮. ৩০ ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব তেওঁলোকৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ নাম। মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তি কাৰ্যালয়ত এই সন্দৰ্ভত ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

৯. মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী এলেকাৰ অট্টালিকা খহি মৃত্যু হোৱা লোকৰ সংখ্যা পাইছে বৃ্দ্ধি। মঙলবাৰলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ২১টা মৃতদেহ।

১০. বৰষুণৰ বাবে ৰাজ্যৰ বাট-পথসমূহত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হৈছে। পথ সমূহ নিৰ্মাণৰে জড়িত বিভাগসমূহে উৎসৱসমূহৰ পূৰ্বে পথসমূহ গাতমুক্ত কৰিব লাগে।- এই মন্তব্য উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ।

১১. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ কঁপাই যায় ভূমিকম্প। ৩.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় শ্ৰীনগৰত।

১২. ঝাৰখণ্ডত আকৌ ১২০৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৩,৯৪৮জনলৈ পাইছে বৃদ্ধি।

১৩. বিহাৰত ১৭১৪৬৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ১৬০৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৪. সোমবাৰে আইপিএলত ৰাজস্থানৰ বিৰুদ্ধে খেলপথাৰত নামে চেন্নাই। ৰাজস্থান ৰয়েলছে ২১৭ ৰানৰ টাৰ্গেট বান্ধি দিয়ে চেন্নাইৰ বাবে।

১৫. কৰ্ণাটকত আকৌ ৬৯৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩৩৮৫০জনলৈ পাইছে বৃদ্ধি।

১৬. উত্তৰাখণ্ডত আকৌ ৮৭৪জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত ৪২,৬৫১জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।

১৭. সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰ। এনচিবিয়ে জয়া শ্বাহ আৰু শ্ৰুতি মোডী, মধু মান্টেনালৈ প্ৰেৰণ কৰিছে চমন। বুধবাৰে সোধ-পোছ কৰা হ'ব তিনিওকে।

১৮. যোৱা ২৪ ঘন্টাত মুম্বাইত আকৌ ১৬২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত মহানগৰীখনত কোৰোনাত আক্ৰান্ত ৪৭জন লোকে হেৰুৱাই প্ৰাণ।

১৯. চুবুৰীয় ৰাজ্য মণিপুৰত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত মঙলবাৰে ২৭০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২০. যোৱা ২৪ ঘন্টাত গুজৰাটত ১৪০২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৬জন লোকে হেৰুৱাই প্ৰাণ।

২১. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

২২. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ১৮৩৯০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১২,৪২,৭৭০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৩. জম্মু-কাশ্মীৰত মঙলবাৰে ১২৩৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। দিনটোত জম্মু-কাশ্মীৰত কোৰোনাত আক্ৰান্ত হোৱা ১৬১৯জন লোক সুস্থ হৈছে।

২৪. হাৰিয়ানাত ১১৪৮৭০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ১৭৯৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৫. পশ্চিমবংগত ৩১৮২ জনৰ দেহত মঙলবাৰে ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৩১৪৮৪জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in