১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত দেওবাৰে কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬২জনলৈ পাইছে বৃদ্ধি।

২. বিপিএফ-ইউপিপিএল-কংগ্ৰেছে সভা পাতিছে বাবে আমিও সভা পাতিছো।- এই মন্তব্য ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।

৩. এগৰাকী বিশিষ্ট শিল্পী বিভুৰঞ্জন চৌধুৰীৰ দেহাৱসান। দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

৪. গোলাঘাটৰ সৰুপথাৰ ৰেল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰ আৰু মুখমণ্ডলত আঘাতৰ চিন দেখা পোৱা গৈছে ৷

৫. নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ উত্তৰ পুৱৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, অসমৰ মু্খ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ।

৬. দেওবাৰে ঢেকীয়াজুলি আৰু কাৱৈমাৰীত পালন কৰা হয় শ্বহীদ দিৱস। ঢেকীয়াজুলি থানাৰ সমীপত থকা শ্বহীদ স্তম্ভত স্থানীয় বিধায়ক আৰু দল সংগঠনৰ নেতৃবৃন্দই বীৰ শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰে।

৭. কামৰূপ জিলাৰ বকোত ৰেলগাড়ীয়ে মহটিয়াই নিলে ৱাগনৰ বাহন। এই দুৰ্ঘটনাত থিতাতে মৃত্যু তিনিগৰাকী লোকৰ।

৮. পশ্চিমবংগত আকৌ ৩১৭৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২৫১৩৭জনলৈ পাইছে বৃদ্ধি।

৯. আইপিএলৰ দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হয়। কিংছ ১১ পঞ্জাৱৰ বিৰুদ্ধে খেলপথাৰত নামে দিল্লী কেপিটেলছ।

১০. যোৱা ঘন্টাত মুম্বাইত ২২৩৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। মহানগৰীখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৪৪জন লোকে হেৰুৱাই প্ৰাণ।

১১. তামিলনাডুত যোৱা ২৪ ঘন্টাত ৫৫১৬জন লোক আক্ৰান্ত হয় কোভিড পজিটিভত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৪১৯৯৩জনলৈ বৃদ্ধি পাইছে।

১২. মধ্যপ্ৰদেশত ১০৫৬৪৪জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত দেওবাৰে ২৫৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৩. দেশৰ ভিতৰত কোৰোনাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২,০৮,৬৪২জনলৈ পাইছে বৃদ্ধি।

১৪. যোৱা ২৪ ঘন্টাত গোৱাত ৪০৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮,৪২৯জনলৈ পাইছে বৃদ্ধি।

১৫. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ১৭০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৬. জম্মু-কাশ্মীৰত আকৌ ১৪৫৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। জম্মু-কাশ্মীৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬৩,৯৯০জনলৈ পাইছে বৃদ্ধি।

১৭. সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰত এনচিবিয়ে জয়া শ্বাহ আৰু শ্ৰুতি মোডীলৈ চমন জাৰি কৰিছে। সোমবাৰে দুয়োৱে এই গোচৰ সন্দৰ্ভত সোধ-পোছ কৰা হ'ব।

১৮. বিশাখাপট্টনমত সংঘটিত কৰুণ ঘটনা। সাগৰৰ পাৰত গা ধুবলৈ গৈ মৃত্যু দুজন কিশোৰৰ।

১৯. উত্তৰাখণ্ডত আকৌ ৮৭৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪০৯৬৩জনলৈ পাইছে বৃদ্ধি।

২০. কৰ্ণাটকত দেওবাৰে আকৌ ৮১৯১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। দিনটোত এই ভাইৰাছত আক্ৰান্ত ৮৬১১জন লোক সুস্থ হয়।

২১. কেৰালাত নতুনকৈ ৪৬৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৩৯,৪১৫জন লোক চিকিৎসাধীন হৈ আছে।

২২. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত ৭৭৩৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৫৭জন লোকে হেৰুৱাই প্ৰাণ।

২৩. উত্তৰপ্ৰদেশত আকৌ ৫৮০৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত বৰ্তমানেও ৬৫,৯৫৪জন লোক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

২৪. উত্তৰাখণ্ডৰ ষ্টেট এছেম্বলী স্পিকাৰ প্ৰেমচন্দ আগাৰৱাল কোভিড পজিটিভ। দেওবাৰে তেওঁৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২৫. ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি সত্যমেৱ জয়তে-২। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in