১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অহা ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ৰত্নাকৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা।

২. 'প্ৰতীক হাজেলাক গ্ৰেপ্তাৰ কৰক! NRC ৰ নামত খৰচ কৰা ১,৬০০ কোটি টকাৰ হিচাপ দিয়ক।' চূড়ান্ত এন আৰ চিক লৈ এই মন্তব্য সদৌ অসম বাঙালী যুৱ–ছাত্ৰ ফেডাৰেচন।

৩. ডিব্ৰুগড়ত মহৰমৰ তাজিয়াৰ নামত সংঘটিত উশৃংখল ঘটনাৰে জড়িতৰ অভিযোগত এজন গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ফুলকান হুছেইন। ব্যক্তিজনৰ ঘৰ ডিব্ৰুগড়ৰ মিৰ্জাবাগত।

৪. পশ্চিমবংগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩জন লোকক। বহু অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হয় তিনিজনক।

৫. 'ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপক্ষীয় বৈঠক অসম্ভৱ।কোনো অন্য ৰাষ্ট্ৰক মধ্যস্থতাকাৰী ৰূপে আহ্বান জনালেহে দ্বিপক্ষীয় বৈঠক সম্ভৱ।'- এই মন্তব্য পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীৰ।

৬. মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ কোলাৰ পথৰ বৃহৎ অংশ ভাঙি যায়।

৭. এন চি পি নেতা গণেশ নায়কৰ বিজেপিত যোগদান। বুধবাৰে ভাৰতীয় জনতা দলত যোগদান কৰে নায়কে।

৮. বুধবাৰে মুম্বাই চেন্ট্ৰেলত ১২৯৫৫ জয়পুৰ এক্সপ্ৰেছ ৰেলখনত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

৯. ভুপালৰ বহু কেইখন ৰাজ্যত বৃহস্পতিবাৰে মুষলাধাৰ বৃষ্টিপাতৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই কৰিলে এই ঘোষণা।

১০. 'পশ্চিমবংগত নতুন যান-বাহন আইন কাৰ্যকৰী কৰা নহ'ব।'- বুধবাৰ এই মন্তব্য কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

১১. আইচলেণ্ডৰ ৰেয়কজাভিকত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ইণ্ডিয়া-আইচলেণ্ড বিজনেছ ফৰামত সম্বোধন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

১২. কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহৰ সন্মুখত বুধবাৰে ভাৰতীয় যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। নতুন যান-বাহন আইনৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত।

১৩. ব্যৱসায়ী ৰাতুল পুৰীক ৫দিনৰ ই ডি জিম্মালৈ প্ৰেৰণ। অগষ্টাৱেষ্টলেণ্ড মানী লণ্ডেৰিং কাণ্ডত জড়িতৰ অভিযোগত ই ডি জিম্মাত ৰখা হ'ব তেওঁক।

১৪. দিল্লীৰ আদৰ্শ নগৰ মেট্ৰ ষ্টেচনত ভয়ংকৰ ঘটনা। এজন লোকে ষ্টেচনটোত এখন ৰেলৰ সন্মুখত জঁপিয়াই কৰে আত্মহত্যা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

১৫. কেৰালাত ওনাম উৎসৱ পালন। ৰাজ্যখনৰ ত্ৰিবেনড্ৰামত উলহ-মালহেৰে পালন কৰা হয় ওনাম উৎসৱ।

১৬. ছেইন্ট ভিনচেন্টৰ প্ৰধানমন্ত্ৰী ৰালফ গনজালভিছে সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক। দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে তেওঁক।

১৭. হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল নিযুক্তি। বুধবাৰে বাণ্ডাৰু দত্তট্ৰেয়াই হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল ৰূপে কৰে শপতগ্ৰহণ।

১৮. বুধবাৰে মথুৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্রধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।

১৯. মণিপুৰত প্ৰায় ১০ কিলোগ্ৰাম হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। ড্ৰাগছ সৰবৰাহকাৰীটোক ঝাৰখণ্ডলৈ নি থকা সময়ত গ্ৰেপ্তাৰ।

২০. দিল্লীৰ ৰোহিনীত এজন আৰক্ষী কনিষ্টবলৰ ওপৰত আক্ৰমণ। এটা সুৰা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰে কনিষ্টবলজনক।

২১. চন্দ্ৰবাবু নাইডুৰ বাসগৃহলৈ যোৱাত বাধা টিডিপিৰ একাংশ নেতা-কৰ্মীক। আৰক্ষীয়ে চন্দ্ৰবাবু নাইডুৰ বাসভৱনলৈ যোৱা আটাইকেইজন নেতা-কৰ্মীক লয় জিম্মাত।

২২. বিশ্বাসাপট্টনমৰ পাডেৰু মণ্ডলস্থিত এটা বাসভৱনত আবকাৰী বিভাগৰ অভিযান। অভিযান কালত জব্দ প্ৰায় ৯২৫ কেজি গাঞ্জা। লগতে গ্ৰেপ্তাৰ দুজন লোকক।

২৩. ১৩ ছেপ্টেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা আয়ুষ্মান খুড়ানাই।

২৪. 'সংবিধানৰ ৩৭০ ধাৰা জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা সিদ্ধান্তই কাশ্মীৰৰ অৰ্থ ব্যৱস্থা উন্নত কৰাৰ এক সুযোগ প্ৰদান কৰিছে।'- এই মন্তব্য ইউৰোপিয়ান কমিছনৰ প্ৰাক্তন ডায়ৰেক্টৰ ব্ৰায়েন ট'লৰ।

২৫. নগাঁৱত আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে কেইজনমান যুৱকে। আৰক্ষীয়ে খেদি খেদি ধৰিব নোৱাৰা ডকাইতক অস্ত্ৰসহ আটক কৰিলে এই যুৱক কেইজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in