১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) আজি পৱিত্ৰ ঈদ। সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ মালহেৰে পালন কৰা হয় ঈদ।

২)বঢ়মপুৰৰ বৰলালুং গাঁৱত ৰঞ্জিত বৰদলৈ নামৰ এজনক জীৱন্তে জ্বলাই পুতি থয় একাংশলোকে।

৩)বঢ়মপুৰৰ বৰলালুং গাঁৱত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্তৰ বাবে চামগুৰি থানাত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দ'লে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৫ জন, পলাতক ৮ জন।

৪)অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান "অসম গৌৰৱ বটাঁ" লাভ কৰা ৰৌতাৰ ভালুকমাৰীৰ বালিসিহা গাঁৱৰ কল্পনা বড়োৰ মৃত্যু।

৫)মহাৰাষ্ট্রৰ পিছত এইবাৰ গোৱাত ৰাজনৈতিক সংঘাত । সূত্ৰ অনুসৰি জানিব পৰা মতে পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা দিগম্বৰ কামত সহিত প্ৰায় ৯ গৰাকী বিধা.কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱণা আছে।

৬)শিৱ-পাৰ্বতীৰ ভেশত বাটৰ নাট কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মুকলি কৰি দিয়ে আৰক্ষীয়ে।

৭)সমাজকৰ্মী তথা নৰ্মদা বচাও আন্দোলনৰ প্ৰতিষ্ঠাপক মেধা পাটকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নৰ্মদা উপত্যকাৰ  জনজাতীয় শিশুসকলৰ শিক্ষাৰ নামত সংগ্ৰহ কৰা পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত সমাজকৰ্মী গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪২০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

৮) নগাওঁ জিলাৰ বেবেজীয়া অঞ্চলৰ হাতীচোং মৌজাৰ চমুৱা গাওঁ শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত যোৱা ১জুলাইৰ পৰা মাহযোৰা কাৰ্যসূচীৰে খোল, সত্ৰীয়া নৃত্য, ওজাপালি, ঢোল, চিত্ৰাংকন আদিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

৯)গুৱাহাটী নাটশালা আৰু অম্বিকাগিৰীনগৰ সেউজ সংঘৰ সৌজন্যত শিশুসকলৰ বাবে আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন নাটৰ কৰ্মশালা।  ১০ জুলাইৰ পৰা ২৮ জুলাইলৈ অম্বিকাগিৰীনগৰ সেউজ সংঘত আয়োজন কৰা হৈছে এই নাটৰ কৰ্মশালাখনি।

১০)মাছত‌ স্বাস্থ্য-মাছত ধন কৰিম অসম নদন-বদন' শীৰ্ষক শ্লগানেৰে ৰবিবাৰে নগাঁৱত ৰাষ্ট্ৰীয় মীন পালন দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।‌

১১) ৰবিবাৰে দুপৰীয়াৰ ভাগত কাৰ্বি আংলঙৰ ডিফুৰ বিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চিমেণ্ট ভৰ্তি ট্রাকে মহটিয়াই নিলে বাইকসহ ৩জনক।থিতাতে নিহত আটাইকেইজন।

১২)ৰাজ্যত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। দেওবাৰে শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰে এজনে।

১৩) ঢকুৱাখনা মহকুমাৰ ডিমৰুগুৰি পঞ্চায়তৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা  মেধাবী শিক্ষাৰ্থী সকলক দেওবাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

১৪)শনিবাৰৰ দিনা সাতগাঁও থানাৰ অন্তৰ্গত তালতলত সংঘটিত হৈছিল এক কাণ্ড। দুলু দাস নামৰ এজন যুৱকে দাৰে ঘপিয়াইছিল ৪ জনকৈ লোকক।  বৰ্তমান পৰ্যন্ত নিহত ২ ।

১৫) অসম সাহিত্য সভাৰ ২৪তম অধিবেশন আৰু সাংস্কৃতিক দিৱস কালি যুক্তৰাজ্যৰ ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত দিনজোৰা কাৰ্য্যসূচীৰে উৎযাপন কৰা হয় । 

১৬) ঘিলামৰা আৰক্ষীৰ তৎপৰতা আৰু সক্ৰিয়তাৰ বাবে ঘিলামৰাত  সন্ত্রাস সৃষ্টি কৰা ৫ টা গভাইত  চোৰ ৰঙা ঘৰৰ আলহী হব লগা হয় । 

১৭)লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌদ্ধপুনিয়াৰ এজন ছাত্ৰ শুকুৰবাৰৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

১৮)ডিফুৰ শীতলাবাৰীত অঘটন।ৰে'লৰ খুন্দাত নিহত এজন লোক। নিহত লোকজনৰ নাম অকুৰাম বসুমতাৰী।

১৯)কাজিৰঙাত অঘটন।বৰশী পাতিবলৈ গৈ পথাৰৰ জমা হোৱা পানীত পৰি মৃত্যু এজনৰ।মৃত লোকজন কাজিৰঙাৰ ম'হপৰা গাঁৱৰ মহেন্দ্ৰ গগৈ (৫৬)।

২০)মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্র সন্ধানহীন। সন্ধানহীন যুৱকজন বিহপুৰীয়াৰ চিত্তৰঞ্জন দত্ত।

২১)কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে বিয়লি ছালাকাটিৰ তিনালী চ'কত সংঘটিত হোৱা উক্ত পথ দুৰ্ঘটনাত মহিলা সহিত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

২২)ৰংজুলিৰ দৰংগিৰিৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। ট্রাকত খুন্দা মটৰচাইকেল আৰোহীৰ। নিহত লোকজন টেকনা গাঁৱৰ ফজলুৰ ৰাব্বি।

২৩)বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৮হাজাৰ ২৫৭গৰাকী লোক।বিগত ২৪ঘন্টাত ১৪হাজাৰ ৫৫৩গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে।

২৪)গড়চুক আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান। অভিযানত গ্রেপ্তাৰ কৰা সৰবৰাহকাৰীটোৰ নাম মহম্মদ ইয়াৰ উদ্দিন।

২৫)গৰৈমাৰীত পথচাৰীৰ পৰা ধন লুট অচিনাক্ত যুৱকৰ। ঘৰলৈ গৈ থকা অৱস্থাত ২ যুৱকে লুটিলে ১০হাজাৰ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in