১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সোমবাৰে অসমত ২৪০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৪১৬৬জনলৈ বৃদ্ধি পাইছে।

২. 'আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বেলেগে বেলেগে প্ৰতিবাদ কৰিছো যদিও, আমাৰ সমৰ্থক একেই।'- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।

৩. অসমৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য। মন্ত্ৰীগৰাকীয়ে কয়- '২১ ছেপ্টেম্বৰৰ পৰা খোলা হ'ব ৰাজ্যৰ বিদ্যালয়সমূহ'।

৪. আছু-যুৱ ছাত্ৰৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা। ২০২১ৰ বিধানসভা পূৰ্বে 'অসম জাতীয় পৰিষদ'ৰ আত্মপ্ৰকাশ।

৫. গহপুৰত পুনৰ বান বিভীষিকা। চত্ৰং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে গহপুৰ চহৰ।

৬. ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলঙ আৰক্ষীৰ ধাৰাবাহিক অভিযান। ৩৮ টা চাবোনৰ বাকচত প্ৰায় ৪৬০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে।

৭. সোমবাৰে নগাঁও কাগজ কলৰ শুনানি গ্ৰহণ কৰা কথা আছিল নেশ্যনেল ল ট্ৰিবিউনেলে। কিন্তু বিশেষ কাৰণত নগাঁও কাগজ কলৰ শুনানি স্থগিত ৰখা হৈছে ২১ ছেপ্টেম্বৰলৈকে।

৮. লীলাবাৰী বিমান বন্দৰত হিন্দী দিৱস উদযাপন। সপ্তাহ জোৰা হিন্দী পোখৱাড়া কাৰ্যসূচী।

৯. ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰিলে অজিত কুমাৰ ভূঞাই । অসমীয়া ভাষাত শপত ল'লে সাংসদ জনে ।

১০. সোমবাৰৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন অধিবেশন । কোৰোনা পৰীক্ষাত লোকসভাৰ ১৭ গৰাকী সাংসদৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি ।

১১. মণিপুৰৰ খুডেংঠাবীত আছাম ৰাইফলৰ এটা গোটে এখন বাহনৰ পৰা জব্দ কৰে ১.০৭ কেজি ওজনৰ ব্ৰাউন ছুগাৰ। জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ২.১৪ কোটি টকা।

১২. যোৱা ২৪ ঘন্টাত ৰাজস্থানত ১৭৩০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু।

১৩. পশ্চিমবংগত নতুনকৈ ৩২১১জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,০৫,৯১৯জনলৈ বৃদ্ধি পাইছে।

১৪. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে মিলিত হয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। দিল্লীস্থিত কাৰ্যালয়ত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে।

১৫. সোমবাৰে মুম্বাইত ২২৫৬জন কোভিড পজিটিভ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১,৭১,৯৪৯জনলৈ বৃদ্ধি পাইছে।

১৬. দিল্লীত পুনৰ খোলা হৈছে জীম। কোভিড-১৯ৰ চৰকাৰী গাইডলাইন মানি খোলা হৈছে জীম।

১৭. দেশৰ ভিতৰত কোৰোনাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ১০,৭৭,৩৭৪জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১৮. কৰ্ণাটকত ৪,৬৭,৬৮৯জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। ৰাজ্যখনত সোমবাৰে নতুনকৈ ৮২৪৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৯. জম্মু-কাশ্মীৰৰ ৰাজৌৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। লগতে জব্দ কৰে ৭ কেজি ওজনৰ ড্ৰাগছ।

২০. দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচদিয়াৰ দেহত ধৰা পৰে কোভিড পজিটিভ। টুইটাৰযোগে এই কথা খোদ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।

২১. উত্তৰাখণ্ডত আকৌ ১০৪৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ৩৩,০১৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২২. হাৰিয়ানাত আকৌ সোমবাৰে ২৪৮৮জন লোক আক্ৰান্ত হয় কোৰোনাত। দিনটোত এই ভাইৰাছত আক্ৰান্ত ২৫জন লোকে হেৰুৱাই প্ৰাণ।

২৩. পঞ্জাৱত পুনৰ ২৪৯৬জন কোভিড পজিটিভ। ৰাজ্যখনত বৰ্তমান এই ভাইৰাছত আক্ৰান্ত ২০,৬৯০জন ৰোগী চিকিৎসাধীন হৈ আছে।

২৪. ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি সত্যমেৱ জয়তে-২। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

২৫. হিমাচলপ্ৰদেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৯৯২৩জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৩৬৬৩জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in