১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাদুনৰ পৰা চিংগাপুৰলৈ অচিৰেই আৰম্ভ হব পোনপতীয়া বিমানসেৱা। ছিংগাপুৰ চৰকাৰে কৰিলে এই ঘোষণা।
২. 'মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে ভয় কৰা বাবেই সময়তকৈ পূৰ্বে হৈছে তেলেংগানাৰ নিৰ্বাচন।'-বুধবাৰে তেলেংগানাৰ এখন জনসভাত অমিত শ্বাহৰ মন্তব্য।
৩. দিল্লী চৰকাৰে ভেট কম নকৰাৰ প্ৰতিবাদ। ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৩ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব দিল্লীৰ ৪০০টা পেট্ৰল পাম্প।
৪. তামিলনাডুৰ বিল্লুপুৰমত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাক গুলীয়াই হত্যা কৰি আৰক্ষী বিষয়াৰ আত্মহত্যা।

জলফাই সংগ্ৰহত ব্যস্ত এজন পেলেষ্টাইনী খেতিয়ক
জলফাই সংগ্ৰহত ব্যস্ত এজন পেলেষ্টাইনী খেতিয়ক

৫. 'দেশ আপুনি চলোৱা নাই, যুৱক, কৃষক, নাৰী, শ্ৰমিকে চলাই আছে দেশ।'- ৰাজস্থানৰ এখন জনসভাত মোদীক ৰাহুল গান্ধীৰ তুলাধুনা।
৬. হাৰিয়ানাত বিগত ৫ মাহত জব্দ ২২ কোটি টকাৰ ড্ৰাগছ। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪০৯ জন লোককো আটক। এই ভয়ংকৰ তথ্য প্ৰকাশ হাৰিয়ানা আৰক্ষীৰ।
৭. বিন্তা নন্দাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব অভিনেতা আলোক নাথে। #MeTooত ভাগ লৈ লেখিকাগৰাকীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত অভিনেতাজনৰ।
৮. বুধবাৰে বিহাৰৰ নাবাদা জিলাত বাছ আৰু অ'টৰ সংঘৰ্ষ। ৪ জন লোক নিহত হোৱাৰ লগতে আহত ৪।

ছুনামি আৰু ভূমিকম্পৰ পিছত ইণ্ডোনেছিয়া
ছুনামি আৰু ভূমিকম্পৰ পিছত ইণ্ডোনেছিয়া

৯. বলীউদৰ জনপ্ৰিয় গায়ক কৈলাশ খেৰৰ বিৰুদ্ধে গায়িকা চ'না মহাপাত্তাই তুলিলে যৌন নিৰ্যাতনৰ অভিযোগ। গায়কজনৰ বিৰুদ্ধে কিছুদিনৰ পূৰ্বে এগৰাকী মহিলা সাংবাদিকেও তুলিছিল এনে অভিযোগ।
১০. বুধবাৰে দিল্লীৰ গাজিয়াবাদত মাতৃ-কন্যাৰ একেলগে কৰিলে আত্মহত্যা। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।
১১. জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ আজি ৬৪ সংখ্যক জন্মদিন। ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্ম হৈছিল ৰেখাৰ।
১২. আইচিআইচিআই বেংকৰ কাৰ্যবাহী সঞ্চালক চন্দ্ৰা কৌছৰে বুধবাৰে কৰিলে পদত্যাগ। অন্য এটা বৃত্তীয় প্ৰতিষ্ঠানক নীতি বৰ্হিভূতভাৱে ঋণ দিয়াক দিয়াক লৈ কৌছৰক কিছুদিনৰ পূৰ্বে শাস্তিমূলক প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছিল।
১৩. বুধবাৰে ঘূৰ্ণী বতাহৰ আশংকাত ওড়িশাত স্কুল-কলেজ বন্ধৰ লগতে ৰেড এৰ্লাট জাৰি।

হৰিণী চাৱনি… গুৱাহাটী ছিৰিয়াখানাত বুধবাৰে
হৰিণী চাৱনি… গুৱাহাটী ছিৰিয়াখানাত বুধবাৰে

১৪. ডাটছন গ' আৰু গ' প্লাছৰ নতুন সংস্কৰণ বুধবাৰে মুকলি কৰা হল ভাৰতত। গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য ৩.২৯ লাখ।
১৫. চলিত বৰ্ষৰে ২১ ডিচেম্বৰত ছবিঘৰলৈ আহিব শ্বাহৰুখ খানৰ বিগ বাজেটৰ ছবি 'জিৰ'। আনন্দ এল ৰায়ৰ পৰিচালনাত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ বাজেট ২০০ কোটি।
১৬. বুধবাৰে মুম্বাইৰ অশ্বিৱাৰা আৰক্ষী থানাত বোৰ্খা পিন্ধি উপস্থিত হ'ল অভিনেত্ৰী তনুশ্ৰী দত্ত। পুৱাই উপস্থিত হৈ নিজৰ মন্তব্য প্ৰকাশ কৰিলে আৰক্ষীক।
১৭. দাম কমিল অপ' স্মাৰ্ট ফোনৰ। চলিত বৰ্ষৰে আগষ্টত মুকলি হোৱা অপ' এফ ৯ ফোনটোত ১০০০ টকাৰ মুল্য হ্ৰাস।
১৮. মালয়েছিয়াত অনুষ্ঠিত হৈ থকা চুলতান জহৰ কাপ হকীৰ ছেমিফাইনেলত ভাৰতীয় জুনিয়ৰ হকী টীমে বুধবাৰে অষ্ট্ৰেলিয়াক ৫-৪ ব্যৱধানত পৰাস্ত কৰে। ১৩ অক্টোবৰত ফাইনেল।

ধানখেতিত ব্যস্ত চীনৰ কৃষক
ধানখেতিত ব্যস্ত চীনৰ কৃষক

১৯. মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত গড়কাপ্তানী বিভাগৰ দুৰৱস্থা। বিধ্বস্ত পথৰ বাবে সোণাৰিৰ মাজমজিয়াত থকা পুখুৰী সদৃশ গাঁতত আৱদ্ধ হ'ল ট্ৰাক।
২০. ঘৰত কোনো নথকাৰ সুযোগত পাঠশালাত দিন দুপৰতে ৩৪ হাজাৰ টকাসহ ৫ লক্ষাধিক টকাৰ সামগ্ৰী লুট চোৰৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
২১. সংবিধান গৃহীত হোৱাৰ সময়ত ভাৰতত থকা গোর্খা নাগৰিক, জন্মসূত্রে ভাৰতীয় গোর্খা তথা নাগৰিকত্ব আইন ১৯৫৫ চনৰ ভিত্তিত নাগৰিকত্ব কৰা গোর্খাসকল বিদেশী নহয়। অসমত বাস কৰা গোর্খাসকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ।

এনেকৈয়ে খহি পৰিল ইছলামাবাদ বিমান বন্দৰৰ এৰ'ব্ৰীজ
এনেকৈয়ে খহি পৰিল ইছলামাবাদ বিমান বন্দৰৰ এৰ'ব্ৰীজ

২২. গহপুৰৰ পুৰুপবাৰী চাহ বাগিচাত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মালিকৰে আলোচনাত মিলি বাগিচাখন পুনৰ খোলাৰ ব্যৱস্থা কৰাৰ আশ্বাস বিধায়কজনৰ।
২৩. হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কামৰুজ জামানক বুধবাৰে প্ৰেৰণ কৰা হয় উত্তৰ প্ৰদেশলৈ। বৰঝাৰ বিমানবন্দৰৰ পৰা বিমানযোগে উত্তৰ প্ৰদেশলৈ নিয়া হয় কামৰুজ জামানক।
২৪. মধ্যপ্ৰদেশত কুৱাত পৰি একে পৰিয়ালৰ ৫ টি শিশুৰ মৃত্যু। সন্ধানহীন পিতৃ-মাতৃ। ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে চাঞ্চল্য।
২৫. মাজুলীত বিজেপিৰ কাৰ্যনিৰ্বাহকত অংশ লৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কংগ্ৰেছক সমালোচনা। কাৰ্যনিৰ্বাহকৰে কংগ্ৰেছক মহাপুৰুষীয়া সংস্কৃতি শিকাই দিয়া বুলি মন্তব্য ৰঞ্জিত দাসৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in