১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

২. ২০ খন ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৯১ টা সমষ্টিত ভোটগ্ৰহণ। ভোটগ্ৰহণ অনুষ্ঠিত ৰাজ্য সমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

৩. টিকট নোপোৱাৰ আক্ষেপত দল এৰিলে ঝাৰখণ্ডৰ বিজেপি সাংসদ ৰামটহলে। নিৰ্দলীয় হৈ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

৪. বৃহস্পতিবাৰে কামৰূপ (মহানগৰ) জিলাত ড্ৰাই দে'। মেঘালয়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বাবে ড্ৰাই দে' ঘোষণা কৰা হৈছে। ভোটগ্ৰহণৰ সময়ছোৱাত সুৰা বিক্ৰী নিষিদ্ধ। এক জাননীযোগে জাৰি কৰিলে এই নিৰ্দেশনা।

৫. কামপুৰৰ গুইমাৰীত দুখন টেম্প'ৰ সংঘৰ্ষত ১০ৰো অধিক লোক আহত। হিমন্ত বিশ্বৰ সভালৈ যাত্ৰী আহিছিল এখন টেম্প'ত। প্ৰথমে চাইকেল আৰোহীক খুন্দা এখন টেম্প'ৰ।

৬. বোকাখাতত পথ দুৰ্ঘটনাত ছেক্টৰ বিষয়া নিহত। বাইকৰ খুন্দাত নিহত ছেক্টৰ বিষয়া মোহন গগৈ। কাৰ্বি আংলং সমষ্টিত ছেক্টৰ বিষয়া আছিল গগৈ।

৭. কাশ্মীৰ সমস্যাৰ সমাধান আছে পাকিস্তান প্ৰধানমন্ত্ৰী ইমৰান খানৰ হাতত। বিদেশী সাংবাদিকৰ এটা দলক ইমৰান খানে ক'লে মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'লে আলোচনাৰে সমাধান হ'ল কাশ্মীৰ সমস্যা।

৮. হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ আহি থকাৰ মুহূৰ্তত কামপুৰত ভয়ংকৰ দুৰ্ঘটনা। গুইমাৰিত সংঘটিত টেম্প' দুৰ্ঘটনাটোত আহত ১০ জনৰো অধিক লোক।

৯. বোকাখাতৰ এটা পথ দুৰ্ঘটনাত নিহত কাৰ্বি আংলৰ এগৰাকী ছেক্টৰ বিষয়া। নিহত ছেক্টৰ বিষয়াগৰাকীৰ নাম মোহন গগৈ।

১০. বিশ্বনাথ ঘটনাৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ। ৭ ফেব্ৰুৱাৰীত চৌকত আলীৰ আক্ৰমণৰে জড়িত আছিল লোক কেইজন।

১১. বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিব অসমলৈ। মঙলদৈ আৰু শিলচৰত চলাব নিৰ্বাচনী প্ৰচাৰ।

১২. বৃহস্পতিবাৰে আহিব অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপি সভাপতিজন। ত্ৰিপুৰাৰ ধৰ্মনগৰত এক ৰেলীত অংশগ্ৰহণ কৰিব শ্বাহে।

১৩. নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে লাভ কৰিলে সুখবৰ। চন্দ্ৰশেখৰ আজাদ ৰাৱণৰ দল ভীম আৰ্মী পাৰ্টীয়ে দিব কংগ্ৰেছক সমৰ্থন।

১৪. ধুবুৰীৰ গৌৰীপুৰৰ ১নং ৱাৰ্ডত জব্দ হ'ল ৪.৫০ লাখ টকা। এখন বাহনৰ পৰা SST-এ জব্দ কৰে টকাখিনি। ৰূপচীৰ দাওভাঙীলৈ নিয়াৰ পথতে টকাখিনি জব্দ কৰে।

১৫. গুজৰাটত কংগ্ৰেছ এৰিলে বিধায়ক অল্পেশ ঠাকুৰে। বুধবাৰে গুজৰাটৰ কংগ্ৰেছ সভাপতিৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।

১৬. গুৱাহাটী লোকসভা সমষ্টিত পৰ্যবেক্ষক নিযুক্ত। সিদ্ধাৰ্থ দেৱবৰ্মনক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান। নিৰ্বাচন শেষ নোহোৱালৈকে থাকিব আৱৰ্ত ভৱনত। প্ৰতিদিনে দিব পাৰিব নিৰ্বাচন সম্পৰ্কীয় অভিযোগ।

১৭. মৰিগাঁৱৰ জালুগুটিত ম'হৰ আক্ৰমণত নিহত এজন লোক। ম'হৰ আক্ৰমণত নিহত লোকজনৰ নাম বুবুল আলী। বজাৰৰ পৰা বাবুল আলীয়ে কিনি আনিছিল ম'হটো।

১৮. মহানগৰীৰ কামাখ্যা গে'টত ৰে'লৰ খুন্দাত নিহত এজন যুৱক। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। জানিব পৰা নাই যুৱকজনৰ পৰিচয়।

১৯. নিৰ্বাচনৰ এদিন পূৰ্বে ত্ৰিপুৰাত বোমা উদ্ধাৰ। আগৰতলাৰ কাশীপুৰত উদ্ধাৰ এটা বোমা। বিশেষজ্ঞৰ দলে নিষ্ক্ৰিয় কৰিলে বোমাটো।

২০. অসমীয়া-বাঙালী আৰু হিন্দু-মুছলমান লোকৰ মাজত বিভেদৰ ৰাজনীতি কৰে আব্দুল খালেকে।'– আব্দুল খালেকৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কুমাৰ দীপক দাসৰ।

২১. 'ৰাইজৰ সৈতে আলোচনা কৰিহে আগবাঢ়িম CAB সন্দৰ্ভত।'– পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত CABক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

২২. অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ লোকসভা সমষ্টিৰ ৱাইএছআৰচিপি প্ৰাৰ্থী মদুগুলা বেণুগোপাল ৰেড্ডীৰ ঘৰত আয়কৰ বিভাগৰ অভিযান। নিৰ্বাচনত ভোটাৰক বিলাবলৈ অবৈধ ধন আৰু সুৰা লুকুৱাই ৰখাৰ সন্দেহ।

২৩. 'গণতন্ত্ৰত ৰাইজেই ৰজা, সিদ্ধান্ত ৰাইজৰ হাতত, CAB আনি অসমীয়াক নিঃশেষ কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে থিয় দিয়ক ৰাইজ।'– এই মন্তব্য লুৰিণজ্যোতি গগৈৰ।

২৪. প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ ঘৰত অভিযান। ৰঙাপৰাৰ নামনিগাঁৱত থকা বাসগৃহত তালাচী আৰক্ষীৰ। কোনো আপত্তিজনক নথি আৰু সামগ্ৰী নাপালে আৰক্ষীয়ে।

২৫. নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় সেনা আৰু বালাকোট আক্ৰমণক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিলে অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in