১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত মঙ্গলবাৰ দিনটোত ১৫০ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড। দিনটোত মুঠ ৩৩,২৩৯ গৰাকী ব্যক্তিৰ পৰীক্ষা কৰোৱা হৈছিল কোভিড।

২. মঙ্গলবাৰে দিনটোত কোভিড আক্ৰান্তৰ হাৰ ০.৪৫ শতাংশ। আনহাতে আৰোগ্য লাভ কৰিছে ১২৮ গৰাকীয়ে।

৩. কামৰূপ মহানগৰত সৰ্বাধিক ৭৬ গৰাকী, লখিমপুৰ ৯ গৰাকী, কাছাৰত ৮ জন আৰু যোৰহাটত ৮ জনৰ দেহত ধৰা পৰিছে কোভিড।

৪ দৰং জিলাত মঙ্গলবাৰে ১জন ব্যক্তি কোৰনাতা আক্ৰান্ত হৈ মৃত্যু হয়।

৫. অ'পিডি আৰু জৰুৰীকালীন সেৱাৰ ধৰ্মঘট সন্দৰ্ভত মঙ্গলবাৰে নিশা ১১ বজাত সকলো আৰ ডি এ সভাপতি (সমগ্ৰ ভাৰত) আৰু ৰাষ্ট্ৰীয় কাৰ্য সমিতিৰ সৈতে এফ আই এম এ-ৰ দ্বাৰা এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে।

৬. কৰ্ণাটকত এটা জিনম অনুক্ৰম পৰীক্ষাগাৰ স্থাপনৰ বাবে পদক্ষেপ আৰম্ভ কৰিছে। এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয় কয় যে, স্বাস্থ্য সচিবক এই উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু বিশেষজ্ঞ সংগ্ৰহৰ প্ৰয়োজনীয়তা বোৰ চাবলৈ নিৰ্দেশ দিয়া হৈছে।

৭. নাগালেণ্ডৰ মন জিলাত বিদ্ৰোহ বিৰোধী অভিযানৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে বুধবাৰে আবেলি ৩:৪৫ বজাত সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব।

৮. শনিবাৰে মন জিলাত আছাম ৰাইফলছৰ হাতত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বুধবাৰে নাগালেণ্ড ভ্ৰমণ কৰিব।

৯. আমেৰিকা যুক্ত ৰাষ্ট্ৰ শীৰ্ষ বিজ্ঞানীৰ দাবী অমিক্ৰন কোভিড ভেৰিয়েণ্ট নিশ্চিতভাৱে ডেল্টাতকৈ অধিক গুৰুতৰ নহয়।

১০. আয়কৰ বিভাগে গহনা, বস্ত্ৰ আৰু ঘৰুৱা সঁজুলিৰ খুচুৰা বিক্ৰীত নিয়োজিত তামিলনাডুস্থিত দুটা গোটৰ বিৰুদ্ধে অনুসন্ধান আৰু জব্দ অভিযান চলোৱাত প্ৰায় 6 কোটি টকাৰ নগদ ধন আৰু ১০ কোটি টকাৰ গহনা জব্দ কৰিছে বুলি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে জনাইছে।

১১. জ্ঞানপীঠ বঁটা লাভ কৰিলে কাব্যঋষী নীলমণি ফুকনে। বিশিষ্ট কবি গৰাকী অসমৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া হিচাপে পৰিগণিত হ'ল।

১২. ১০ ডিচেম্বৰৰ পৰা পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য। ৰাজ্য চৰকাৰে সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে।

১৩. অসম আৰক্ষীত ৩০৬ টা উপ-পৰিদৰ্শকৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰাৰ্থীসকলৰ আবেদনৰ অন্তিম তাৰিখ ৯ জানুৱাৰী।

১৪. আনহাতে অসম আৰক্ষীৰ ২১৩৪ টা কনিষ্টবল পদৰ বাবেও বিজ্ঞাপন প্ৰকাশ পাইছে। এই পদৰ বাবেও আবেদনৰ অন্তিম তাৰিখ ৯ জানুৱাৰী ২০২২।

১৫. বিটিচি সচিবালয়ৰ একাংশ কৰ্মচাৰী সময়মতে কাৰ্যালয়লৈ নহাৰ বাবে মঙ্গলবাৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নিৰ্দেশত বিটিচি সচিবালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰৱেশত বাধা প্ৰদান কৰা হয়।

১৬. ধেমাজি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত যোৱা ২৯ নৱেম্বৰ পৰা ৫ ডিচেম্বৰলৈকে গাওঁৰ ঘৰে ঘৰে কোৰোনা ভেকচিন দিবলৈ চলোৱা" হৰ ঘৰ দস্তক" ৰ দ্বিতীয় লানি অভিযানৰ কাৰ্য্যসূচী ইতিমধ্যে সামৰণি পৰে ৷

১৭. বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ প্ৰথম মৃত্যু তিথি অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। তেওঁৰ অনুপস্থিতিত অনুগামীসকলে তেওঁক স্মৰণ কৰে।

১৮. আছাম ৰাইফলছৰ এক অভিযানত প্ৰায় ৫০০ কোটি টকাৰ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ম্যানমাৰমূলৰ এই ড্ৰাগছ সৰবৰাহকাৰীক মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেহৰ আছাম ৰাইফলছৰ মোৰেহ বেটেলিয়নে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

১৯. ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চৰকাৰী বেংক প্ৰতিষ্ঠানসমূহে ধৰ্মঘট পালন কৰিব। তেওঁলোকে বেংকিং আইন সংশোধনী বিধেয়ক ২০২১ বিৰোধিতা কৰিছে।

২০. ভূপাল জিলা প্ৰশাসনে কয় যে যথাক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ পৰা মধ্য প্ৰদেশলৈ উভতি অহা দুজন ব্যক্তিয়ে কোভিড পজিটিভ হিচাপে দৰা পৰিছে। তেওঁলোকৰ দেহত ধৰা পৰা কোভিড অমিক্ৰন প্ৰজাতিৰ হয় নে নহয় সেই বিষয়ে এতিয়াও জানিব পৰা নাই।

২১. মহাৰাষ্ট্ৰ ষ্টেট কো-অপাৰেটিভ বেংকৰ সৈতে জড়িত এটা মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত এনচিপি নেতা প্ৰাজকত তানপুৰেক ইডিয়ে সোধা-পোছা কৰি আছে।

২২. হোৰাহোৰে বৃদ্ধি পাইছে বিলাহীৰ মূল্য। কেৰালাৰ তিৰুৱন্তপুৰমৰ চালা বজাৰত বিলাহীৰ বিক্ৰী মূল্য প্ৰতি কিলোগ্ৰামত ১৪০ৰ পৰা ১৬০ টকাত উপনীত হৈছে।

২৩. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নয়নিতাল জিলাৰ ধাৰী খণ্ডত ৩৭ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পউদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

২৪. কেৰালাত যোৱা ২৪ ঘণ্টাত৪৬৫৬ টা নতুন কোৰোনাৰ কেচ পোহৰলৈ আহিছে। এই সময়ছোৱাত মুঠ ২৮ জন ব্যক্তি কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

২৫. কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে, লোকপিয়ল ২০২১ আৰু ইয়াৰ সৈতে সম্পৰ্কিত ক্ষেত্ৰ কাৰ্যকলাপ পিছুৱাই দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in