১ মিনিটত ২৫খবৰ

১ মিনিটত ২৫খবৰ

১. অসমত ২৪ ঘণ্টাত ক'ভিডত মৃত্যু হৈছে ৪১জনৰ। দ্ৰুতগতিত সংহাৰ চলাইছে কৰ'ণাই।

২. কোৰোনাত আক্ৰান্ত অভিনেত্ৰী দীপিকা পাডুকন। এতিয়া আছে হোম আইচলেশ্যনত।

৩. লখিমপুৰত কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৪৭জন নেতা-কৰ্মীক। দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ বহিষ্কাৰ।

৪. BPFত বিভাজন। ৩জন MCLAৰ যোগদান UPPLত।

৫. 'সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজতে এজন হ'ব মুখ্যমন্ত্ৰী'- ৰঞ্জিত দাস

৬. ছিকিমত ১০ দিনৰ বাবে লকডাউনৰ ঘোষণা। ৬ মে'ৰ পৰা বলৱৎ হ'ব লকডাউনৰ নিৰ্দেশনা।

৭. কাইলৈ পৰা ওড়িশাত সম্পূৰ্ণ লকডাউন। ১৪ দিনৰ বাবে তলাবন্ধ হ'ব ওড়িশা।

৮. বেলতলাৰ AG অফিচৰ ৭৫জন কৰ্মচাৰীৰ দেহত কভিড।

৯. ক'ভিডক লৈ সলনি নীতি-নিয়ম। ২ বজাতে বন্ধ হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান। ৬ বজাৰ পৰা সান্ধ্য আইন

১০. 'সম্পূৰ্ণ লকডাউনেই একমাত্ৰ উপায়"এইপৰ্যন্ত কেন্দ্ৰই লোৱা ব্যৱস্থাই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ক'ভিড'ঃ ৰাহুল গান্ধী।

১১. কোৰোনাৰ কালৰূপ। অনিৰ্দিষ্টকাললৈ পৰ্যটকৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ।

১২. "ৰাজ্যত এতিয়াও লকডাউনৰ পৰিবেশ আহি পৰা নাই'- ড০ হিমন্ত বিশ্ব শৰ্মা

১৩. ক'ভিডৰ বাবে স্থগিত IPL। যোৱা দুদিনত ৮গৰাকী খেলুৱৈ, দুজন ষ্টাফ কভিড পজিটিভ।

১৪. অৰবিন্দ কেজৰিৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা। লকডাউনত ক্ষতিগ্ৰস্ত লোকলৈ দুমাহৰ বাবে ফ্ৰী ৰেচন যোগান ধৰিব দিল্লী চৰকাৰে।

১৫. আজিৰে পৰা বিহাৰত সম্পূৰ্ণ লকডাউন।১৫ মে'লৈকে বিহাৰত তলাবন্ধ ঘোষণা।

১৬. ৰাজ্যত হ'ব পাৰে ধাৰাষাৰ বৰষুণ! ৫ মে'লৈকে প্ৰবল বৃষ্টিপাত, প্ৰচণ্ড ধুমুহাৰ সম্ভাৱনা।

১৭. GMCHএ বজাৰলৈ মুকলি কৰি দিয়া ৰেমডিচিভিৰ ম্যাদ ওকলা নাই- দাবী গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত্‍ বৈশ্যৰ>

১৮. যোৰহাটৰ ৰৰৈয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী। ৰৰৈয়া এয়াৰফ'ৰ্চ কলনীত ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীটোৱে।

১৯. হায়দৰাবাদত ৮টা সিংহ কোভিডত আক্ৰান্ত। নেহৰু জুল'জিকেল পাৰ্কত এই ঘটনা।

২০. কলকাতাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা। হিংসাত্মক ঘটনাত মৃত্যু হোৱা বিজেপি কৰ্মকৰ্তাৰ ঘৰত নাড্ডা।

২১. অসমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন।

২২. দেশত ক্ৰমাত্‍ ভয়াৱহ ৰূপ লৈছে কৰোনাৰ সংক্ৰমণে। মঙলবাৰৰ দিনটোত দেশত ২ কোটিৰ ঘৰ অতিক্ৰম কৰিছে মুঠ কৰোনা আক্ৰান্তচৰ সংখ্যাই।

২৩. অনিৰ্দিষ্টকাললৈ স্থগিত হাইস্কুল শিক্ষান্ত পৰীক্ষা। কভিডসৃষ্ট পৰিস্থিতিৰ বাবে ছেবা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত

২৪. আজি ধেমাজিত ৪৪ জনৰ ক'ভিড পজিটিভ চিনাক্ত ৷ ক'ভিড পজিটিভৰ সংখ্যা ৫৩৫ জনলৈ বৃদ্ধি ৷ এজনক জৰুৰীভাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰন ৷

২৫. শিৱসাগৰত আজিৰ দিনটোত ৫৮ গৰাকী কবিড আক্ৰান্ত হৈছে ৷ তদুপৰি বিপিন বৰা নামৰ এগৰাকী ব্যক্তি মৃত্যু হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in