১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দেওবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ ৪গৰাকী লোকৰ মৃত্যু। অসমত কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫জনলৈ বৃদ্ধি।

২. দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৭লাখ ৯০হাজাৰলৈ বৃদ্ধি। মৃত্যুৰ সংখ্যা হলগৈ প্ৰায় ৩৮হাজাৰ।

৩. মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্তৰ সংখ্যা হলগৈ ৪লাখ ৪১হাজাৰ। দেশৰ ভিতৰতে কোৰোনাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখন।

৪. দিল্লীত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১লাখ ৩৭হাজাৰলৈ বৃদ্ধি। দেওবাৰৰ দিনটোত ৯৯১গৰাকীৰ দেহত কোৰোনাৰ উপস্থিতি।

৫. বানৰ মাজতে কাজিৰঙাত উদ্ধাৰ গঁড় পোৱালি। মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা গঁড় পোৱালি দেওবাৰে কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া লুখুৰাখনীয়া গাঁৱৰ পৰা উদ্ধাৰ কৰে বন বিভাগে।

৬. ধুবুৰী জিলাৰ প্ৰথমজন COVID-19 আক্ৰান্তৰ মৃত্যু। ধুবুৰী অসামৰিক চিকিৎসালয়ত মহেন্দ্ৰ ৰায় নামৰ এজনৰ মৃত্যু।

৭. লালগণেশত উদ্ধাৰ GMCHত চিকিত্সাধীন এগৰাকী কোভিড ৰোগী।৩৫ বছৰীয়া লক্ষ্মী দেৱী নামৰ মহিলাগৰাকীক উদ্ধাৰ লালগণেশত।

৮. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত কোৰোনাত। টুইটাৰৰ জৰিয়তে নিজেই ঘোষণা কৰিলে গৃহমন্ত্ৰীয়ে।

৯. কোৰোনামুক্ত হ'ল মেগাষ্টাৰ অমিতাভ বচ্চন।মুম্বাইৰ নানাৱটি হাস্পতালত চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল অমিতাভ।

১০. সোমবাৰৰ পৰা ১৪ আগষ্টলৈ কামৰূপ মেট্ৰ'ত UNLOCK 2.0। ৰাজ্যত শ্বপিং মল, জীম, গুৱাহাটীত হোটেল, ৰেস্তোৰাঁ খোলাৰ অনুমতি।

১১. ৰাজ্য চৰকাৰে বহন কৰিব শ্বহীদ প্ৰণয় কলিতাৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ। শ্বহীদগৰাকীৰ বজালীৰ বাসগৃহত উপস্থিত হৈ এই ঘোষণা মুখ্যমন্ত্ৰী।

১২. কোৰোনাত আক্ৰান্ত হৈছে কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন। দেওবাৰে ৰেপিড এন্টিজেন টেষ্টত বিধায়কগৰাকীৰ কোৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে।

১৩. দৰঙত পুণৰ এজনৰ মৃত্যু ক'ভিডত , ১৩৩৩ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা।

১৪. কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলাতক কভিড ১৯ পজিটিভ কয়দীক পুণৰ গ্ৰেপ্তাৰ আৰক্ষীৰ ।

১৫. ১৫ আগষ্টত ওলাব প্ৰাদেশীকৃত বিদ্যালয়ৰ তালিকা। ১৬ খন মহাবিদ্যালয়ত খোলা হ'ব বিজ্ঞান শাখা।

১৬. কেৰালাত ৫৪বছৰীয়া এটি নৱজাতকক চৰ মাৰিলে পিতৃয়ে। বৰ্তমান সংকটজনক অৱস্থাত শিশুটি ভৰ্তি হৈ আছে হাস্পতালত।

১৭. তামিলনাডুৰ ৰাজ্যপাল আক্ৰান্ত কোৰোনাত। ৮০বছৰীয়া ৰাজ্যপালগৰাকী বৰ্তমান চিকিতসাধীন।

১৮. উত্তৰাখণ্ডৰ বদ্ৰীনাথত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্থ। আহত কেইবাজনো জোৱান।

১৯. কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক কেইদিনমানৰ পূৰ্বে সাক্ষাত কৰিছিল সাংসদ বাবুল সুপ্ৰিয়ই। নিজকে কৰিছে হোম কোৱাৰেন্টাইন।

২০. প্লাজমা দান কৰিব অসম আৰক্ষীৰ ৬৭গৰাকী জোৱানে। সকলো জোৱান কোৰোনামুক্ত হোৱাৰ পাছতে এই সিদ্ধান্ত।

২১. চলিত বৰ্ষৰ ১০ নৱেম্বৰৰ পৰাই আৰম্ভ হব আই পি এল। সন্ধিয়া ৭বাজি ৩০মিনিটত আৰম্ভ হব মেচ।

২২. উত্তৰ প্ৰদেশৰ জল শক্তি মন্ত্ৰী কোৰোনা পজিটিভ। পি জি আই লক্ষ্ণৌত হৈছে ভৰ্তি।

২৩. অসুস্থ অভিনেতা অনুপম শ্যামৰ চিকিতসাৰ বাবে সহায়ৰ হাত উত্তৰ প্ৰদেশ চৰকাৰৰ। প্ৰদান কৰিলে ২০লাখ টকা।

২৪. ৮ আগষ্টলৈকে হিমাচল প্ৰদেশত বতৰ কিছু ডাৱৰীয়া হৈ থাকিব। বতৰ বিজ্ঞান কেন্দ্ৰই কৰিলে এই আগজাননী।

২৫. ৰাজস্থানত হৈ থকা তামাচা বন্ধ কৰাওক। অশোক গেহলটে প্ৰধানমন্ত্ৰী মোডীক কৰিলে এই আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in