১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. পুনেত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩৬৯জন লোক। ইফালে এই সময়চোৱাত কোভিড-১৯ত আক্ৰান্ত হৈ ১০জনৰ মৃত্যু হয় পুনেত।

২. ছত্তীশগড়ত নতুনকৈ ২৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত বৰ্তমানলৈ ৩৯৮জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

৩. হিমাচলপ্ৰদেশৰ কাংগৰা, উনা, বিলাসপুৰ আৰু ছোলান জিলাত হাই এলাৰ্ট জাৰি। কাকতি ফৰিঙৰ উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে হাই এলাৰ্ট।

৪. মহাৰাষ্ট্ৰৰ মমিনপুৰত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ৰেড জ'নটোত পুনৰ পথসমূহ মুকলি কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে।

৫. দিল্লীৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে নিশা বৃষ্টিপাত হয়। বৰষুণৰ ফলত হ্ৰাস পাই দিল্লীৰ তাপমাত্ৰা।

৬. ঝাৰখণ্ডত ৪৬৯জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।ইয়াৰে ২৫৩জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।- এই কথা সদৰী কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

৭. কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আলোচনা কৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে। কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিয়া লকডাউনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে গৃহ মন্ত্ৰীগৰাকীয়ে।

৮. বৃহস্পতিবাৰে মুম্বাইত আৰু ১৪৩৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। মুম্বাইত ৩৫ সহস্ৰাধিক লোক বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

৯. হাৰিয়ানা আৰু দিল্লীৰ সীমান্ত ছীল কৰা দিয়া হৈছে কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি।- এই ঘোষণা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী অনিল বীজৰ।

১০. তেলেংগানাত আৰু ৬৬জনৰ দেহত ধৰা পৰিল কোভিড-১৯। ৰাজ্যখনত ১৯০৭জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত বহে। কোৰোনা ভাইৰাছৰ বাবে ৰাজ্যখনৰ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কৰে আলোচনা।

১২. গুজৰাটত যোৱা ২৪ ঘন্টাত আৰু ৩৬৭জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১৫,৫৭২জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্তলোকৰ সংখ্যা।

১৩. কৰ্ণাটকলৈ মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা শ্ৰমিকক কঢ়িয়াই আনিব লগা সকলো ৰেল, বিমান আৰু বাহনৰ যাত্ৰা বাতিল। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰৰ।

১৫. কৰ্ণাটকলৈ মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা শ্ৰমিকক কঢ়িয়াই আনিব লগা সকলো ৰেল, বিমান আৰু বাহনৰ যাত্ৰা বাতিল। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰৰ।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৭. পশ্চিমবংগত যোৱা ২৪ ঘন্টাত কোৰোনা ভাইৰাছত আক্ৰান্ত ৩৪৪জন। ৰাজ্যখনত ৪,৫৩৬জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

১৮. মুম্বাই অগ্নিনিৰ্বাপক বাহিনীৰ ৪১জন লোকলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ২২জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে আৰু দুজনৰ ইতিমধ্যে মৃত্যু হৈছে।

১৯. পুনৰ আৰম্ভ হ'ব ইংলিছ প্ৰিমিয়াৰ লীগ। অহা ১৭ জুনৰ পৰা আৰম্ভ হ'ব এই লীগ।

২০. জম্মু-কাশ্মীৰৰ হাণ্ডৱাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সন্ত্ৰাসবাদীক। লগতে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।

২১. মণিপুৰত যোৱা ২৪ ঘন্টাত কোৰোনা ভাইৰাছত আক্ৰান্ত ১১জনকৈ লোক। ৰাজ্যখনত ৫৫জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

২২.দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৫৪১জন বিদেশী নাগৰিকৰ বিৰুদ্ধে ১২খনকৈ চাৰ্জশ্বীট দাখিল কৰে। তবলিগি জামাতৰে সম্পৰ্ক থকা অভিযোগত এই চাৰ্জশ্বীট দাখিল।

২৩. কোৰোনা ভাইৰাছত আক্ৰান্ত ২৩গৰাকী বিমানযাত্ৰী। কোৰোনাত আক্ৰান্ত বিমানযাত্ৰী সকলক ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে।

২৪. কোৰোনাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে বানপানীৰ সমস্যাই। ৰাজ্যৰ ১১খন জিলাত ৩লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত।

২৫. কাৰ্বি-আংলং জিলাৰ ৰঙাপাহাৰ ৰেঞ্জৰ অধীনৰ অৰণ্যত চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত গুলীয়াগুলী। এগৰাকী চোৰাং চিকাৰী নিহত হোৱা বুলি আৰক্ষীয়ে জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in