১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. পুনেত যোৱা ২৪ ঘন্টাত ৩০৮জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। পুনেত ৮১৩৪জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২. তেলেংগানাত ২৮৯১জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। ৰাজ্যখনত মঙলবাৰে নতুনকৈ ৯৯জন আক্ৰান্ত হয় এই ভাইৰাছত।

৩. দিল্লীত ২২,১৩২জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ১২৯৮জনৰ দেহত ধৰা পৰে এই ভাইৰাছ।

৪. মুম্বাইৰ পৰা উৰা মাৰিব লগা আৰু অৱতৰণ কৰিব লগা ১৭খন বিমান ইণ্ডিগ'ই বাতিল কৰিলে। ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।

৫. মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। জি-৭ ছামিত সন্দৰ্ভত কথা পাতে দুয়োখনৰ দেশৰ প্ৰতিনিধিদ্বয়ে।

৬. ঝাৰখণ্ডত ৭১২জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ৩৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

৭. যোৱা ২৪ ঘণ্টাত পশ্চিমবংগত ৩৯৬জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৬১৬৮জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৮. লামডিং-বদৰপুৰ হিল ছেকশ্যনৰ মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ৰেল সেৱা ব্যাহত হৈ পৰে। প্ৰায় ৫৭ কিলোমিটাৰ দূৰত্বৰ ৰেলপথ খহি পৰে। যাৰ ফলত এই ৰে'ল পথেৰে কোনো ৰেল যাত্ৰা কৰিব নোৱাৰে।

৯. মণিপুৰত আৰু ৪জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৮৯জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১০. উত্তৰাখণ্ডত ১০৪৩জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰে এই কথা।

১১. গুজৰাটত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ৪১৫জনকৈ লোক। এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত ২৯জনে হেৰুৱাই প্ৰাণ।

১২. আগন্তুক দুদিনলৈ ৰাজ্যবাসীক ঘৰৰ ভিতৰতে সোমাই থকাৰ আহ্বান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ। নিছাৰ্গা ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৩. হাৰিয়ানাত আৰু ২৯৬জনৰ দেহত মঙলবাৰে ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ২৬৫২জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৪. পঞ্জাৱত মঙলবাৰে আৰু ৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ২৩৪২জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫.গুৱাহাটীত দুটা স্থান নতুনকৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা। কণ্টেইনমেণ্ট জ'ন ঘোষণা ধীৰেণপাৰা, পূব শৰণীয়াত। বৰ্তমান গুৱাহাটীত আছে ১০টাকৈ কণ্টেইনমেণ্ট জ'ন ।

১৬.  ডিব্ৰুগড়ৰ AMCHত ক'ভিড 19 আক্ৰান্ত। এজন ৰোগীসহ ৩জন আক্ৰান্তৰ সন্দেহ। এজন মৰাণ নবোদয় স্কুলৰ কোৱাৰেণ্টাইনৰ আবাসী।

১৭. আজি নিশা বৰঝাৰ পাবহি ৰাছিয়াৰ পৰা অহা বিমান। নামিবহি 'বন্দে ভাৰত মিছন'ৰ এয়াৰ ইণ্ডিয়াৰ বিমান। নিশা ১২.৩০ বজাত অৱতৰণ কৰিব এই বিমানখনে।

১৮. দিল্লীৰ জাফৰাবাদত হিংসাত্মক ঘটনা। অসমৰ দেবাংগনা কলিতাৰ বিৰুদ্ধে আৰক্ষীৰ চাৰ্জশ্বীট।
JNUৰ গৱেষক ছাত্ৰী দেবাংগনা কলিতা।

১৯. পাটকাই পাহাৰৰ শালিকীবস্তিত কংগ্ৰেছৰ সঁজাতি দল। মুক্তভাৱে চলা কয়লা ক্ষেত্ৰ পৰিদৰ্শন কংগ্ৰেছৰ দলটোৰ। ৰকিবুল হুছেইনৰ নেতৃত্বত কয়লাক্ষেত্ৰত উপস্থিত দলটো।

২০. ঋণ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকৰ বৃহত্‍ পদক্ষেপ। কৃষি আৰু ক্ষুদ্ৰ ঋণ লওতাৰ বাবে বিশেষ উলম্ব FI&MM। সৰ্বভাৰতীয় পৰ্যায়ত ৮ হাজাৰ গ্ৰাম্য, উপনগৰীয় শাখালৈ ক্ষুদ্ৰ ঋণ।

২১. মঙলবাৰে চন্দ্ৰপুৰৰ তাতিমাৰাত থকা আমুল দুগ্ধ উত্পাদন কেন্দ্ৰত মঙলবাৰে উপস্থিত হ'ল কৃষি মন্ত্ৰী অতুল বৰা। মন্ত্ৰীজনে কেন্দ্ৰটোত কৰ্মকৰ্তাসকলৰ সৈতে দুগ্ধ উত্পাদন সন্দৰ্ভত আলোচনা কৰে।

২২. অহা মাহৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ল CAA বিৰোধী আন্দোলন। মঙলবাৰে সংবাদমেলত এই কথা ঘোষণা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২৩. তামিলনাডুত চুলেন আৰু বিউটী পাৰ্লাৰ খোলাৰ অনুমতি দিয়া হৈছে। কিন্তু গ্ৰাহকৰ আধাৰ কাৰ্ডৰ নম্বৰ, ফোন নম্বৰ আৰু ঠিকনা সংগ্ৰহ কৰি ৰাখিবলৈ নিৰ্দেশ দিছে ৰাজ্যখনৰ চৰকাৰে।

২৪.  নেপালত যোৱা ২৪ ঘন্টাত আৰু ২৮৮ লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। দেশখনত ২০৯৯জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

২৫. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in