১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গুজৰাটৰ ঘূৰ্ণী বতাহ। ৩ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ।

২. দিল্লীত বৃদ্ধি পালে অ'ট- ৰিক্সাৰ ভাড়া। ১৮.৭৫ শতাংশ বৃদ্ধি ভাড়া।

৩. মোডী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৬ মাহলৈ বাবে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময়কাল বৃদ্ধি।

৪. জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘৰ্ষ। ৫ চি আৰ পি এফ জোৱান আৰু ২ সন্ত্ৰাসবাদী নিহত।

৫. লণ্ডনত ৰাহুল গান্ধী। সভাপতি অনুপস্থিতিতে অনুষ্ঠিত হ'ল কংগ্ৰেছৰ কৌৰ কমিতিৰ বৈঠক।

৬. ১৭ জুনৰ পৰা আৰম্ভ হ'ব লগীয়া ১৭ সংখ্যক লোকসভা অধিৱেশনত পুনৰ উত্থাপন কৰা হ'ব তিন তালাক বিধেয়ক। কেন্দ্ৰীয় চৰকাৰে জনালে এই কথা।

৭. দিল্লীত ৬ মাহৰ বাবে বিদ্যুতৰ বিল ৰেহাই কৰক। কংগ্ৰেছে দিল্লী চৰকাৰক কৰিলে এই দাবী।

৮. চামগুৰিৰ বাজিয়াগাঁও NRC কেন্দ্ৰত চাঞ্চল্যকৰ চুৰিকাণ্ড।আন্ধাৰৰ সুযোগ লৈ মুখৰ আগৰ পৰায়ে NRC কামত ব্যৱহৃত লেপটপ লৈ উধাও চোৰ ।

৯. মঙলদৈৰ পেট্ৰ'ল পাম্পত ওলাল ভেজাল তেল। বিক্ৰম ফিলিং ষ্টেচন নামৰ ডিপোটোৱে বিক্ৰী কৰিছে ভেজাল তেল। ডিপোটোৰ বিৰুদ্ধে ভেজাল তেল বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ ।

১০. হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ডিমৌৰ দিহাজান। আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী
উত্তেজিত ৰাইজে আৱদ্ধ কৰে মৰাণ আৰক্ষীক ।

১১. বাক্সাৰ আনন্দ বজাৰত অগ্নিকাণ্ড। এখন সুৰাৰ বিপনিত লাগিল ভয়ংকৰ জুই। সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৱাইন শ্বপখন ।

১২. নাৰায়ণপুৰত শিশুক যৌন নিৰ্যাতনৰ জঘন্য কাণ্ড। এটি ৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন
বুবুল হাজৰিকা নামৰ লোকজনৰ দ্বাৰা এই কাণ্ড ।

১৩. কামপুৰৰ কুঁৱৰীআটিত ৰাইজৰ ৰোষত পৰিল গৰু চোৰ। নিশা ৰাইজে কৰায়ত্ত কৰিলে এটা গৰু চোৰক। বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিলে চোৰক ।

১৪. ড্ৰাগছ সৰবৰাহকাৰীৰ যেন ৰম্যভূমিত পৰিণত কৰিমগঞ্জ। কৰিমগঞ্জত পুনৰ উদ্ধাৰ হ'ল বৃহত্ পৰিমাণৰ ড্ৰাগছ। অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ ।

১৫. আচলপাৰাৰ জঘন্য ঘটনাক লৈ অব্যাহত প্ৰতিবাদ। খিজুবাৰী, ৰেডিয়েণ্ট যুৱক সংঘই কৰিলে প্ৰতিবাদ। ওলাই আহিল শতাধিক যুৱক-মহিলা ।

১৬. সাজু হৈছে গঁড় সুৰক্ষাৰ বাবে গঠন কৰা বিশেষ বাহিনী। বিশেষ গঁড় সুৰক্ষা বাহিনী (srpf)ৰ প্ৰথমটো দল সাজু। বঢ়মপুৰৰ নৱম আৰক্ষী বেটেলিয়নত সম্পন্ন প্ৰশিক্ষণ ।

১৭. বক্স অফিচত ছুপাৰ হিট ভাৰত। ৭ দিনত উপাৰ্জন ১৬৭.৬০ টকা।

১৮. অধ্যক্ষ পদতে থাকিব অমিত শ্বাহ। এক সুত্ৰই জনাইছে এই খবৰ।

১৯. প্ৰধানমন্ত্ৰী মোডীয়ে দিলে নিৰ্দেশ দিলে মন্ত্ৰীসভাক। সময় মতে উপস্থিত হওক কাৰ্যালয়ত।

২০. অবশেষত স্বস্তিৰ নিশ্বাস পেলালে ত্ৰিপুৰাৰ বিধায়ক ধনঞ্জয় ত্ৰিপুৰাই। ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা যুৱতীৰে বিয়া পাতি আইনী বৈতৰণী পাৰ হ'ল IPFTৰ বিধায়কজন।

২১. অৱশেষত চৰকাৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত নাকী লগালে উচ্চ শিক্ষা সঞ্চালকালয়ে। এতিয়াৰে পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই ইচ্ছামতে শিক্ষাৰ্থীৰ পৰা ল'ব নোৱাৰিব মাচুল। কিয়নো নিৰ্ধাৰণ কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকলৈ মাচুলৰ পৰিমাণ।

২২. তিনিদিনে সন্ধান নাই চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী তৃষ্ণা কলিতাৰ। SDRF, NDRFএ চলোৱা উদ্ধাৰ অভিযানৰ পাছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ব্ৰহ্মপুত্ৰত নিখোজ ছাত্ৰীগৰাকীৰ। ইপিনে তিনিদিন ধৰি বৰলুইতত নিখোজ তৃষ্ণাৰ ঘৰত এতিয়া কান্দোনৰ ৰোল।

২৩. ৰাজস্থানত চাৰি বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধত এজনক ফাঁচিৰ হুকুম দিলে আদালতে। বিশেষ ন্যায়াধীশৰ POCSO আদালতে ধৰ্মেন্দ্ৰ ওৰফে ৰাজকুমাৰ নামৰ অপৰাধীটোক দিলে মৃত্যুদণ্ড। 

২৪. ভাৰতৰ চৰকাৰী বেংকৰ পৰা কোটি টকা লুণ্ঠন কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে মুখ থেকেচা খালে লণ্ডনতো। লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কোৰ্টে চতুৰ্থ বাৰলৈ নাকচ কৰিলে জামিন আবেদন। 

২৫. গুজৰাটত ঘূৰ্ণিবতাহ বায়ুৰ বাবে ১০ খন জিলাৰ পৰা সন্ধিয়া ৬ বজালৈকে ২,০২,০১৪জন লোকক কৰা হৈছে নিয়া হৈছে নিৰাপদ ঠাইলৈ। বৃহস্পতিবাৰে পুৱা আহিব পাৰে বায়ু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in