১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. শীঘ্ৰে সম্প্ৰসাৰণ হ'ব পাৰে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ। অমিত শ্বাহ, জে পি নাড্ডাৰে প্ৰধানমন্ত্ৰীৰ বৈঠক।

২. শুক্ৰবাৰে বিয়লিৰ ভাগত মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰত আকস্মিক ভাবে উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য কেন্দ্ৰখন পৰিদৰ্শন কৰে।

৩. মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰ নাগপুৰত হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে সন্ধিয়া উপস্থিত হয় নাগপুৰত।

৪. ৰ'বটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ সফলতাৰে কৰি সমগ্ৰ বিশ্বতে চৰ্চিত অসমৰ বিশেষজ্ঞ চিকিৎসক, অধ্যাপক সুভাষ খান্না।

৫. চাৰিদুৱাৰত ভূৱা চিকিত্‍সকক আটক। ভূৱা চিকিত্‍সকে চলাই গৈছে অবৈধ চিকিত্‍সালয়।

৬. মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে অৰ্হতা নিৰ্ধাৰণ ৰেহাই সম্পৰ্কে গঠিত কমিটীৰ। ৩১ মাৰ্চ, ২০২০ৰ আগত ঋণ লোৱাসকলকহে ৰেহাইৰ বাবে বিবেচনা কৰা হ'ব।

৭. দুখন নতুন ৰাষ্ট্ৰীয় উদ্যান সংযোজিত হ'ল অসমত। দিহিং পাটকাই আৰু ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিলে অসম চৰকাৰে।

৮. পশ্চিমবংগ বিজেপিত মোক্ষম আঘাত। বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰয়ৰ তৃণমূল কংগ্ৰেছত যোগদান।

৯. ৰাজ্যত নতুনকৈ ৩৬৬৬জন কৰোনাত আক্ৰান্ত। কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা ৩৪১।

১০. প্ৰসংগ পৰীক্ষা। শুকুৰবাৰে ছেবা আৰু শিক্ষা সংসদৰ সৈতে আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু এবছুৰ নেতৃত্ব।

১১. বিদ্যুত্‍ চুৰি নকৰিব প্লীজ! হাতযোৰ কৰি কাতৰ আহ্বান শক্তিমন্ত্ৰী বিমল বৰাৰ।

১২. অৰণ্য মানৱ যাদৱ পায়েঙে লাভ কৰিলে অন্য এক স্বীকৃতি। ১০ বছৰৰ বাবে মেক্সিকো চৰকাৰৰ সৈতে চুক্তি কৰা যাদৱ পায়েঙে প্ৰতিবছৰে দেশখনৰ এক লাখ শিক্ষাৰ্থীক দিব গছপুলি ৰোপণৰ প্ৰশিক্ষণ।

১৩. ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান-খহনীয়াৰ তাণ্ডৱ। খহনীয়া ৰোধৰ বাবে নাৰায়ণপুৰত নৈপৰীয়াই পাতিলে বিষ্ণু যজ্ঞ।

১৫. ৮৫ বছৰ বয়সত কভিডক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা।

১৬. ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ COVAXIN লোৱা লোকসকললৈ সুখবৰ। ৭ মে'লৈকে COVAXINৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলে ১২, ১৩ অথবা ১৪ জুনত দ্বিতীয়পালি প্ৰতিষেধক ল'ব পাৰিব

১৭. সংকুচিত বিষয়ত পৰীক্ষা পাতিবলৈ প্ৰস্তুতি চলাইছে শিক্ষা সংসদে। কভিড প্ৰতকল ৰক্ষা কৰি অনুষ্ঠিত কৰা হ'ব পৰীক্ষা।

১৮. কোভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল ৰিপুণ বৰা। gmchৰ পৰা ঘৰলৈ উভতিল কংগ্ৰেছ নেতাগৰাকী।

১৯. ইবাৰ কৃষকৰ ৰূপত দেখা গ'ল কৃষিমন্ত্ৰী অতুল বৰাক। গোলাঘাটৰ গোৱালগাঁৱত পাৱাৰটিলাৰ চলাই মন্ত্ৰী বৰাই নিজেই চহালে পথাৰ।

২০. লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ভয়ংকৰ ভূমিস্খলন হয় ৷ চাৰিলেনযুক্ত পথটোৰ এছ ট্ৰানিঙৰ এটা ফালে পাহৰৰ মাটি খহি পৰে ৷

২১. অতি শীঘ্ৰেই বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী অসম চৰকাৰৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ'ব। শীঘ্ৰেই বিটিচিত ৮ খনকৈ পৌৰ সভা গঠন হ'ব। অনুষ্ঠিত হ'ব ভি চি ডি চিৰ নিৰ্বাচন। মাজবাটত খাদ্য সামগ্ৰী বিতৰন কৰি এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ।

২২. বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী সুৱনখাটা অঞ্চলত আজি এটি দুস্প্ৰাপ্য ট্ৰিকাৰিনেট পাহাৰীয়া কাছ উদ্ধাৰ কৰা হয় ৷

২৩. কাছাৰক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আৰু ৰাজহ ফাঁকি দি বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায় চলেৱা চুপাৰি মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে কাছাৰ আৰক্ষী ৷

২৪. লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত অঘটন ৷ মহাবাহু হ্মপুত্ৰত পৰিল খহনীয়া প্ৰতিৰোধত নিয়োজিত শ্ৰমিক ৷

২৫. নাৰায়ণপুৰৰ জৰাবাৰিস্থিত স্বাস্থ্য উপ কেন্দ্ৰটোত যোৱা নিশা চোৰে চলালে চাফাই । পিছ দুৱাৰেদি প্ৰবেশ কৰি চিলিং ভাঙি সোমাই চোৰে তহিলং কৰে স্বাস্থ্য উপ কেন্দ্ৰটো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in