কয়লাৰ অবৈধ খননৰ তদন্তৰ বাবে ৰাজ্যপালে গঠন কৰিলে এজনীয়া তদন্ত আয়োগ…

কয়লাৰ অবৈধ খননৰ তদন্তৰ বাবে ৰাজ্যপালে গঠন কৰিলে এজনীয়া তদন্ত আয়োগ…

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনজ সম্পদ আৰু অবৈধ খনন বিৰুদ্ধে তদন্ত কৰিবলৈ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এজনীয়া তদন্ত আয়োগ গঠন কৰিছে । এই আয়োগে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান,টিপং সংৰক্ষিত বনাঞ্চলকে ধৰি লিডুৰ কয়লা খনি,বৰগলাইৰ কয়লা খনি লেখাপানী বনাঞ্চলৰ সমীপৰ অবৈধ কয়লা খননৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত কৰিব ।

১৯৫২ ৰ কমিচন অফ ইনকুৱাৰী এক্টৰ অধীনত ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বি পি কটকীৰ দ্বাৰা গঠিত এই কমিটিয়ে বিভিন্ন পক্ষৰ শুনানি গ্ৰহন কৰিব । এই সন্দৰ্ভত কমিটিয়ে এই ঠাই সমূহ পৰিদৰ্শন কৰাৰ লগতে মাৰ্ঘেৰিটা ডভলপনমেন্ট কনফাৰেণ্স হ'লত ৮ মাৰ্ছ ২০২১ৰ পৰা ৯ মাৰ্ছ ২০২১লৈ ৰাজহুৱা শুনানি গ্পৰহন কৰিব । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা শুনানিত অভিযোগকাৰীয়ে মৌখিব বা লিখিত ভাবে তেওঁলোকৰ অভিযোগ দাখিল কৰাৰ লগতে স্মাৰক পত্ৰ জমা দিব পাৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in