বোকাখাতত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস। শুকুৰবাৰে বোকাখাতত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ যায় এজন লোকৰ। বোকাখাতৰ মেথনি পথাৰত দিন দুপৰতে বন্যহস্তীয়ে প্ৰাণ লোৱা লোকজনৰ নাম ৰমেশ তপ্প।

মেথনি স্কুল লাইনত ঘৰ লোকজনৰ। দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলাই অহাৰ অভিযোগ স্থানীয় লোকৰ। পথাৰত গৰু চৰাই থকা অৱস্থাতে দুটা হাতীয়ে আক্ৰমণ কৰে ৰমেশ তপ্প নামৰ লোকজনক।

হাতীয়ে আক্ৰমণ চলোৱাৰ পাছতে ব্যক্তিজনক পৰিয়ালৰ লোকে বোকাখাতৰ শ্বহীদ কমলা মিৰি হাস্পতালত ভৰ্তি কৰাইছিল যদিও তেওঁৰ মৃত্যু হয়। ব্যক্তিজনৰ মৃত্যুৰ পাছতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in