অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ নচিমুদ্দিন আহমেদৰ বিয়োগত চেঙাত শোকৰ ছাঁ…

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ নচিমুদ্দিন আহমেদৰ বিয়োগত চেঙাত শোকৰ ছাঁ…

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ নচিমুদ্দিন আহমেদৰ বিয়োগত চেঙাত শোকৰ ছাঁ

ডিজিটেল সংবাদ, চেঙা:  বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ নচিমুদ্দিন আহমেদৰ বাৰ্ধক্যজনিত ৰোগত মংগলবাৰে  মৃত্যু হয়। আহমেদৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত প্ৰয়াত আলহাজ নচিমুদ্দিন আহমেদৰ বয়স আছিল ৮৫ বছৰ। চেঙা মুছলমান গাঁৱৰ  এম ই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আলহাজ নচিমুদ্দিন আহমেদ।

জীৱিতকালত  বৃহত্তৰ চেঙা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল প্ৰয়াত আলহাজ নচিমুদ্দিন আহমেদ । এইগৰাকী কৃতী শিক্ষক প্ৰয়াত আলহাজ নচিমুদ্দিন আহমেদক সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে চাৰিবছৰ পূৰ্বে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। তেখেতৰ মৃত্যুত বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানৰ লগতে চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সম্পাদক হৰমুজ আলী , সাধাৰণ সম্পাদক মাইনুল হক , চেঙা উদীয়মান যুৱ সংঘ, চেঙা আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মংগলবাৰে  বিয়লি কোভিড প্ৰট'কল অনুসৰি কম সংখ্যক লোকৰ উপস্থিতিত নচিমুদ্দিন আহমেদৰ জানাজা সম্পন্ন হয় । মৃত্যুৰ সময়ত তেওঁ চাৰিপুত্ৰ, তিনিগৰাকী কন্যা,দুগৰাকী বোৱাৰীসহ  নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in