নিয়ন্ত্ৰণহীন হৈ দ’ খাৱৈত বাগৰিল ট্ৰাক, থিতাতে নিহত ৮, আহত ২৫

নিয়ন্ত্ৰণহীন হৈ দ’ খাৱৈত বাগৰিল ট্ৰাক, থিতাতে নিহত ৮, আহত ২৫

ডিজিটেল ডেস্কঃ ওড়িশ্যাত ভয়ংকৰ দুৰ্ঘটনা। পুৱাই ৰাজ্যখনৰ কণধামাল জিলাৰ বালিগুড়াৰ সমীপৱৰ্তী পোইগুড়া ঘাটত এখন ট্ৰাক নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে দ' খাৱৈত। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৮জনকৈ লোক।

ইফালে, ২৫জনকৈ লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে চলাই উদ্ধাৰ অভিযান। লগতে আহত আটাইকেইজনকে বঢ়মপুৰ আৰু ব্ৰহ্মাণীগনস্থিত হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in