নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ

নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম শক্তি বিতৰণ কেন্দ্ৰৰ চৰম গফিলতি আৰু দায়িতিহীনতাৰ বাবে আজি বিয়লিৰ ভাগত গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিত এটা বিদ্যুতৰ খুঁটাসহ এজোপা প্ৰকাণ্ড গছ ৰাষ্ট্রীয় ঘাইপথত বাগৰি পৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰামতে, আজি দিনৰ প্ৰায় এঘাৰ বজাত নুমলীগড় তিনিআলিৰ ইণ্ডিয়ান অইল পেট্ৰোল পাম্পৰ সন্মুখত এটা বিদ্যুতৰ খুঁটাসহ এজোপা প্ৰকাণ্ড গছ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ মাজত বাগৰি পৰাত কেবাঘণ্টা ধৰি পথটো বন্ধ হৈ পৰে। এই ঘটনাটোত কথমপি ৰক্ষা পৰে সেইসময়ত পথটোৰে যাতায়ত কৰা বহুকেইজন লোক।

নুমলীগড়ৰ একাংশ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত কমাৰগাঁও বিদ্যুৎ সেৱা কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত বিদ্যুৎ সেৱা বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথতো মুকলি কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in